( সম্পুৰ্ন বুজিহে বমন ধৌতি কৰিব)
গাৰ চাল , হাত মুখ ভৰি লেতেৰা হলে ৰোগৰ ভয়ত বা আনে লেতেৰা ,লাজ বা ঘিন কৰাৰ ভয়ত
চাবোন ,হেন্দ ওৱাচ,ফেচ ওৱাচ , চেম্প', ক্ৰীম আদি নানা দামী দামী প্ৰসাধন সামগ্ৰীসমুহ ব্যৱহাৰ কৰো ।
পিচে গাৰ বা পেটৰ ভিতৰখনো যে লেতেৰা হয় আৰু তাৰ বাবেইযে জগতৰ ৰোগ বোৰ হয় তাৰ বাবে জানো কিবা কৰো ? বহুতেই একো নকৰে। ফলত গাঠিৰ ধন বা ধাৰ ঋৃন কৰি ৰোগৰ চিকিৎসাৰ নামত এসোপা ধন ডক্তৰ কবিৰাজ ফাৰ্মেচিত দিবলগীয়া হয় । দেহত প্ৰায়ভাগ ৰোগ পেটৰ পৰা আৰু দেহক পৰিচালনা কৰা বায়ু পিত্ত কফৰ পৰাই হয় ।
যোগশাস্ত্ৰত আসন,প্ৰাণায়াম আদি নানা প্ৰক্ৰীয়াৰ লগতে পেটৰ অংগপ্ৰত্যংগ সমুহত ৰোগ সৃস্টিকাৰি অলাগতিয়াল পিত্তৰস , কফ,দুষিত বায়ু আদি ধুই চফা কৰিবলৈ সহজ ব্যৱস্থা হল '' ধৌতি ক্ৰীয়া" ।

ধৌতি ৪ প্ৰকাৰৰ –

১। বমন ধৌতি

২।কুঞ্জৰ ধৌতি

৩। বস্ত্ৰ ধৌতি আৰু

৪। দন্ড ধৌতি
ইয়াৰ ভিতৰত বমন ধৌতি সহজসাধ্য ।
বমন ধৌতি
ক্ৰীয়া বিধি –

ৰাতিপুৱা শৌচাদি প্ৰাতঃকৃত্যৰ পিচত খালিপেটত ১ বা ২ লি: কুহুমীয়া গৰম পানীত আন্দাজ মতে নিমখ মিহলাব ।( অসুবিধা নহলে কিছু নেমু ৰস মিহলাব পাৰে ) এতিয়া মাটিত বহি পানী খাওক - সাধ্যানুযায়ী কিছু বেচিকৈ । এতিয়া ছবিত দেখুৱাৰ দৰে ৯০° কোণকৈ থিয় হৈ বমি কৰিবলৈ চেষ্টা কৰক । নিজে নিজে হলে ভাল । নহলে মধ্যমা আৰু অনামিকা আঙুলি মুখত ভৰাই উকিয়াবলৈ চেষ্টা কৰক(নখ দীঘল হলে কাটি লব)

মনত ৰাখিব –

সম্পুৰ্ন বমি হৈ পানীখিনি নোলালে অধিক সময় চেষ্টা নকৰিব । ৰৈ যোৱা পানী শৌচ প্ৰস্ৰাৱেৰে নিশ্চয় ওলাব । প্ৰথমতে কিছু অসুবিধা বোধ কৰিলেও কিছুদিন অভ্যাসৰ পিচত সহজ হব ।
ফলাফল –

বায়ু,পিত্ত আৰু কফ জনীত ৰোগ , হজম নোহোৱা, শৌচ কচা,অম্লপিত্ত,গেস্ট্ৰিক ,জ্বৰ ,কাহ,হাপানি ,মুৰৰ বিষ,মুৰঘুৰনী , গাৰ বিষ আদি নানাৰোগ আৰু বায়ু, পিত্ত, কফৰ সমতা হয় ।
পেট পৰিস্কাৰে অইন সকলো ৰোগ নিৰাময়ত সহায়ক হয় ।

সাৱধানতা -

পেটৰ জটিল ৰোগত চিকিৎসাধীন বা অস্ত্ৰোপচাৰ কৰা ব্যক্তিয়ে নকৰিব ,বমনধৌতি সদায় নকৰিব ।
চকুৰ ৰোগী্ , অতি দুৰ্বল ৰোগী বা পেটৰ বহুদিন আগতে অস্ত্ৰোপচাৰ কৰা ৰোগীয়ে বল পুৰ্বক বমী কৰিবলৈ চেষ্টা নকৰিব ।এই ধৌতি ক্ৰীয়াৰ আগতে কোনো খাদ্য নাখাব ॥
ৰোগীয়ে প্ৰথম অবস্থাত সপ্তাহত দুদিন কৰিব । ৰোগ উপসম পোৱাযেন পালে সপ্তাহত এদিন কৰিব ।নিৰোগীয়ে ৰোগ প্ৰতিৰোধৰ বাবে সপ্তাহত এদিন কৰিব ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ