তিতাকেৰেলাৰ গুটিৰ সাৰভাগ চাৰি গ্ৰাম পৰিমাণে বটি অলপ পানী মিহলাই দিনে দুবাৰকৈ খালে শৰীৰত খাদ্যপ্ৰাণ বৃদ্ধি হয়। মিঠা আলু শুকুৱাই গুড়ি কৰি দুই চামুচ নিতৌ খালে পুষ্টিহীনতা ৰোগ দূৰ হয়। পালেং শাকৰ তৰকাৰী কৰি কিছুদিন আহাৰৰ লগত খালে পুষ্টিহীনতা ৰোগ নাইকিয়া হয়। মালভোগ কল আৰু আঠিয়া কল খালে শৰীৰৰ পুষ্টিসাধন হয়। মগু দাইল এবাতি পানীত তিয়াই ৰাখি (গজালি ওলোৱা) পিচদিনা পুৱাই নিমখ, জলকীয়া সানি খালে ৰুচি বঢ়াৰ লগতে পুষ্টিহীনতা আঁতৰ হৈ দেহত শক্তি বঢ়ায়। তৰমুজৰ গুটিৰ চূৰ্ণ চামুচ একাপ গাখীৰৰ লগত দিনে দুবাৰকৈ খালে এক সপ্তাহতে পুষ্টিহীনতা ৰোগ ভাল হয়। গুৱামৰি এৰাতি ৰখা পানী পিচদিনা পুৱাই খালে ভোক বঢ়ায়। আনাৰসৰ সৰু সৰু টুকুৰা কৰি নিমখ সানি খালে ৰুচি বাঢ়ে। গোলাপ ফুলৰ পাপৰিৰে চুজিৰ হালোৱা চেনি দি প্ৰস্তুত কৰি খালে পুষ্টিহীনতা নাশ হয়। খিচমিচ ২৫ গ্ৰাম, ২৫০ গ্ৰাম গাখীৰ আৰু পানী আধা লিটাৰ দি ক্কাথ তৈয়াৰ কৰি তিনি চামুচকৈ দিনে দুবাৰকৈ খালে পুষ্টিহীনতা ৰোগ দূৰ হয়। আমৰাৰ ছালৰ ক্কাথ নাইবা পকা কঠালৰ ৰস দুই চামুচকৈ দিনে দুবাৰকৈ খালে শৰীৰৰ দুৰ্বলতা দূৰ হয়। নেমু টেঙাৰ ৰস নাইবা চেঙেৰী টেঙাৰ ৰস দুই চামুচকৈ খালে অৰুচি নোহোৱা পাত। উৎস: সম্ভাৰ।