পানীত সাঁতোৰা এটা ভাল ব্যায়াম। তদুপৰি ঘৰতে আপুনি পানীৰ ব্যায়াম কৰিব পাৰে। বাথৰুমৰ বাথ্ টাবত আপুনি বিভিন্ন ধৰণৰ ব্যায়াম কৰিব পাৰে। বাথ্ টাব নাথাকিলে ডাঙৰ প্লাষ্টিকৰ পাত্ৰ এটাত পানী ভৰাইও ব্যায়াম কৰিব পাৰে। ব্যায়াম কৰোতে তেল ঘঁহি ল’ব। পানীত পিঠিটো পোন কৰি বহক। ভৰিকেইটা পোন কৰি পানীত ৰাখক। প্ৰথমে বাওঁভৰিটো চাৰি চেকেণ্ড ওপৰলৈ দাঙক। পিছত বাওঁভৰিটো থৈ সোঁভৰিটো দাঙক। এনেদৰে দহবাৰ মান কৰক। এই ব্যায়ামে ছাল মসৃণ, সতেজ আৰু সজীৱ কৰি তোলে। পানীত বহি লৈ ভৰি দুখন সন্মুখলৈ কৰি পোনকৈ বহক। বাঁওভৰিখন পোনকৈ ওপৰলৈ আধা ইঞ্চিমান তোলক। ভৰিৰ আগভাগটো ঘড়ীৰ কাটাৰ বিপৰীত দিশত বৃত্তাকাৰে ঘূৰাওঁক। এইবাৰ আঁঠুটো এইদৰে যিমান সময়ে কৰে সিমান সময় সোঁভৰিটো কৰিব। এনে কৰিলে শকত উৰু ক্ষীণ হয় আৰু ভৰিৰ মাংসপেশী সবল হয়। পানীত ভৰি মেলি পোনকৈ বহক। হাত দুখনো সমানে পোনকৈ ৰাখি দুয়োখন হাতৰ ৰিষ্ট জইন্টটো দুহাতেৰে ধৰি ওপৰলৈ জোৰেৰে ঠেলি দিয়ক। এনেদৰে চাৰি-পাঁচবাৰ মান কৰক। এই ব্যায়ামে ছালৰ উপকাৰ সাধন কৰে। ছালৰ সতেজতা আৰু মসৃণতা এই ব্যায়ামে বৃদ্ধি কৰে। বাথ্ টাবত বা প্লাষ্টিকৰ পাত্ৰৰ পানীত দুয়ো ভৰি একেলগ কৰি আঁঠু ভাঁজ কৰি বহক। ভৰিৰ তলুৱা দুখনে বাথ্ টাবৰ তলিত জোৰেৰে হেঁচি থাকিব। হাত দুখন গাৰ কাষত ৰাখি পিঠিৰ তলৰ অংশ বাথ্ টাবৰ তলিৰ লগত সমান কৰি ৰাখক। কান্ধ দুখন পাছফালে ভাঁজ কৰি ৰাখক। মূৰটো পানীৰ ওপৰত ৰাখি হাত দুখনে কান্ধত হেঁচি অৰ্দ্ধশায়িত অৱস্থালৈ আহক। এনেদৰে দুই চেকেণ্ডমান থকাৰ পিছত পুনৰ বহি থকা অৱস্থালৈ আহক। এইবাৰ পেটৰ মাংসপেশীবোৰ ভিতৰফালে সুমুৱাই লৈ ভৰিৰ তলুৱাৰে বাথ্ টাবটোৰ তলিৰ ফালে হাউলি যাওঁক। চাৰিবাৰমান এই ব্যায়ামটো কৰক। এই ব্যায়ামে পেটৰ মাংসপেশী, পিঠিৰ তলৰ ভাগ, উৰুৰ ভিতৰৰ অংশ সবল আৰু কাৰ্যক্ষম কৰি ৰাখে। ছাল সুন্দৰ কৰিবলৈ পানীত পোন হৈ বহক। পানী পাত্ৰ পাত্ৰটোৰ দুয়োকাষে ধৰি তপিনাৰ পেশী প্ৰসাৰিত আৰু সংকুচিত কৰক। পানীত পোন হৈ বহি লওঁক। ভৰি দুখন আগলৈ মেলি হাত দুখনেৰে পানী থকা পাত্ৰটোৰ দুয়োকাষে ধৰক। সোঁ ভৰিখন ওপৰলৈ তুলি আঙুলিকেইটা নিজৰ গাৰ ফালে ভাঁজ কৰি আনক। ভৰিখন এবাৰ বাওঁফালে ঘূৰাই পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনক। ঠিক এনেদৰে বাওঁ ভৰিখনো কৰক। এনে ব্যায়াম কৰিলে ভৰিৰ মাংসপেশী সবল হৈ থাকে। পানীত থিয় হৈ ভৰিৰ আঙুলিৰ ওপৰত থিয় হ’ব লাগে। পুনৰ ভৰিৰ পতাখন পানীত থ’ব লাগে। এনেদৰে দহবাৰ মান কৰক। পানীত একে ঠাইতে থিয় হৈ দৌৰাৰ চেষ্টা কৰিব লাগে। এই ব্যায়ামে শৰীৰটোলৈ সজীৱতা ঘূৰাই আনে আৰু ছালখনকো সতেজ আৰু মসৃণ কৰি তোলে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।