পকাচুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে চুলিত ময়শ্বাৰাইজাৰযুক্ত প্ৰসাধন ব্যৱহাৰ কৰা উচিত| পকা চুলি ৰোধ কৰিবলৈ যিসকল লোকে চুলিত নিয়মিত ৰং সানে, তেওঁলোকে চুলিত গভীৰ ময়শ্বাৰাইজিং কৰা দৰকাৰ| তদুপৰি প্ৰি-কণ্ডিচনিং কৰা উচিত| অৰ্থাৎ চুলিৰ চেম্পু কৰাৰ আগতে চুলিত পাঁচ মিনিটৰ বাবে তেল সানিব| মনত ৰাখিব কণ্ডিচনাৰ কেৱল চুলিত ব্যৱহাৰ কৰিব| কণ্ডিচনাৰ কেতিয়াও মূৰৰ চালত ব্যৱহাৰ কৰিব নালাগে| আপুনি যদি ভাৱে আপোনাৰ চুলি শুকান হৈছে, তেন্তে চুলিত চেৰাম ব্যৱহাৰ কৰিব| আনহাতে আঠ-দহ সপ্তাহৰ মুৰে মুৰে চুলি কাটি থকা প্ৰয়োজন| পৰাপক্ষত এনে চুলি চুটিকৈ কাটি ৰাখিব| বেছি দীঘল কৰিব নালাগে| পকা চুলিত যদি ৰং কৰিব বিচাৰে, তেন্তে অভিজ্ঞ চুলি বিশেষজ্ঞৰ হতুৱাই ৰং কৰিলেহে অধিক উপযোগী হ’ব| যদি নিজে ঘৰতে লগাব বিচাৰে, তেন্তে চুলি বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ীহে লগাব| মনত ৰাখিব চুলি পকা সমস্যাটো কোনো ৰোগ নহয়| ই চুলি বিকাশৰ এক স্বাভাৱিক প্ৰক্ৰিয়া| ইয়াক ভালদৰে যতন ল’লে হ’ল| লেখক:-জাৱেদ হাবিব উৎস:-সম্ভাৰ