প্ৰত্যেকগৰাকী মহিলা বা যুৱতীয়েই বিচাৰে নিজকে শ্লিম আৰু ফিট কৰি ৰখাটো। তাৰবাবে বহুতে জিমলৈ যায়। এক্সাৰছাইজ কৰে; কিন্তু সৰহভাগ মহিলাৰে দেখা যায় ঘৰুৱা কাম-কাজখিনি কৰোঁতেই গোটেই দিনটো শেষ হৈ যায়। এইবিলাকৰ কাৰণে সময়েই নোলায়। সেইসকলো এতিয়া আৰু উদাস হোৱাৰ প্ৰয়োজন নাই। আপুনি নজনাকৈয়ে শ্লিম হোৱাৰ মন্ত্ৰ নিহিত হৈ আছে আমাৰ দৈনন্দিন ঘৰুৱা কাম-কাজৰ মাজতে। আমি মাথো সেইখিনি ব্যৱহাৰ কৰিব জানিব লাগে। তেতিয়াহ’লে আহকচোন জানি লওঁ সেই মন্ত্ৰ আৰু সফল কৰি তোলো আমাৰ সপোন। আমি দৈনন্দিন যিখিনি কাম পুৱাৰ পৰা ৰাতিলৈকে ঘৰৰ ভিতৰত কৰোঁ, সেইখিনিয়ে কেৱল আমাৰ সংসাৰৰ গাড়ীখনেই আগবাঢ়ি নিনিয়ে বৰঞ্চ আমাৰ শৰীৰৰ এক্সাৰচাইজো হয়। ঘৰুৱা কাম কৰোঁতে আমি বহুতো ধৰণৰ কাম কৰিব লাগে, সেয়ে আমাৰ কেল’ৰিও খৰচ হৈ যায়। সাধাৰণভাৱে ক’বলৈ গ’লে মহিলাসকলে প্ৰত্যেক দিনে ১৮০০-২০০০ কেল’ৰি গ্ৰহণ কৰে। আকৌ প্ৰত্যেক দিনে তেওঁলোকে যদি ১০০০ কেল’ৰি কম কৰিব পাৰে তেতিয়া শৰীৰৰ ওজন সন্তুলিত হৈ থাকে। যদি জোখতকৈ কম কেল’ৰি শৰীৰৰ পৰা বাহিৰ হয়, তেতিয়া লাহে লাহে শৰীৰত চৰ্বি বাঢ়ে আৰু শকত হ’বলৈ ধৰে। বিশেষজ্ঞসকলৰ মতে যদি আমি প্ৰতিদিনে ১০০০ কেল’ৰি কমাব নোৱাৰোঁ তেতিয়া ৬০০ ৰ পৰা ৭০০ মান কমাবলৈকে চেষ্টা কৰিব লাগে। সচৰাচৰ জিমতো ৭০০ মান কেল’ৰি কমোৱাৰহে চেষ্টা কৰে। আমাৰ ঘৰুৱা বহুত কাম থাকে। গতিকে কি কি কাম কৰিলে শৰীৰৰ কি কি অংগ-প্ৰত্যংগৰ এক্সাৰচাইজ হয় জানি লওঁ আহক। ঘৰুৱা কামবিলাক যেনে- ঘৰ সৰা, মচা, কাপোৰ ধোৱা, বাচন ধোৱা, শাক-পাচলি ধোৱা, আটা মৰা, ঘৰ চাফ-চিকুণ কৰা, পটাত মছলা বটা আদি কামবোৰত শৰীৰৰ কোনবোৰ অংগৰ মাংসপেশীৰ ব্যৱহাৰ হয় আৰু তাৰপৰা পোৱা উপকাৰৰ বিষয়ে জনোৱা হ’ল। ঘৰ মচা ঘৰ মচিলে শৰীৰৰ বেছিভাগ অংগ কৰ্মক্ষম হয়, কিয়নো ঘৰ মচাৰ সময়ত বহুত মাংসপেশীয়ে একেলগে কাম কৰে। ফিটনেছ ট্ৰেইনাৰৰ মতেও ঘৰ মচা শৰীৰৰ কেল’ৰি কমোৱাৰ উত্তম উপায়। ইয়াৰদ্বাৰা ৰাজহাড়, কান্ধৰ জোৰা, হাত, কিলাকুটি, আঙুলি, ডিঙি আদি অধিকাংশ মাংসপেশীৰ এক্সাৰচাইজ হয়। কাপোৰ ধোৱা আজিকালি বহুতো মহিলাই ৱাছিং মেচিনৰ সহায়তে কাপোৰ ধোৱা কাম সমাপ্ত কৰে। ঘৰৰ বাহিৰত কাম কৰা মহিলাসকলে সময়ৰ অভাৱৰ বাবে এই মেচিন ব্যৱহাৰ কৰে; কিন্তু ঘৰতে থকা অনেকেও এই মেচিনৰ ওপৰতেই নিৰ্ভৰ কৰে। আচলতে সময় থকা সকলে এইটো অভ্যাস নকৰিলে ভাল। আমি যদি হাতেৰে কাপোৰ ধোওঁ তেতিয়া শৰীৰৰ পৰা ২০০ কেল’ৰি কমি যায়। আনহাতে মেচিনত ধুলে ৬০-৭০ কেল’ৰিহে কমে। কাপোৰ হাতেৰে ধুলে হাতৰ বাউসিৰ অতিৰিক্ত মাংসপেশীবিলাক কমি যায়। যদি সদায়েই সম্ভৱ নহয় তেতিয়াহ’লে সপ্তাহত এবাৰ হ’লেও হাতেৰে কাপোৰ ধোৱা অভ্যাস কৰিব লাগে। আটা মৰা আটা মৰাৰ বহুতো উপায় আছে। যদি আপুনি থিয় হৈ আটা মাৰে তেতিয়া অকল হাতৰ আঙুলি, হাতৰ পতা আৰু হাতৰ কান্ধৰ ব্যায়াম হয়, যাৰ ফলত আমাৰ শৰীৰৰ পৰা খুব কম পৰিমাণৰ কেল’ৰিহে নষ্ট হয়; কিন্তু আমি যদি বহি আটা মাৰোঁ তেতিয়া হাতৰ আঙুলি, কান্ধ আৰু হাতৰ পতাৰ লগতে ৰাজহাড়ৰ গাঠি আৰু পাকস্থলী, পেট আদিৰ ব্যায়ামো হয় আৰু পেটত হেচাঁ পৰাৰ কাৰণে পেটটো বাহিৰলৈ ওলাই নাহে, আৰু অতিৰিক্ত চৰ্বি কমি যায়। বাচন ধোৱা আমি ধোওঁতে যদি থিয় হৈ বাচন ধোওঁ তেতিয়া কেল’ৰি কম পৰিমাণে নষ্ট হয়, কিন্তু যদি তলত বহি বাচন ধোওঁ তেতিয়া কেল’ৰি বেছি পৰিমাণে নষ্ট হয় যিটো শৰীৰৰ কাৰণে ভাল। ইয়াৰ উপৰিও আপোনাৰ ঘৰত ব্যৱহাৰ কৰা বাচনৰ ওপৰতো কিছু কথা নিৰ্ভৰ কৰে, কিয়নো যদি ব্যৱহাৰ কৰা বাচনবিলাক কাঁচ বা ষ্টিলৰ হয় তেতিয়া ধোওঁতে কষ্ট কম হয়। কিন্তু যদি কাঁহ, পিতল বা এলুমিনিয়ামৰ হয় তেতিয়া ধোওঁতে কষ্ট বেছি হয়। এই ধৰণৰ বাচন ধোওঁতে আমাৰ হাতৰ আঙুলিৰ পৰা কিলাকুটি, কান্ধ, ৰাজহাড়ৰ গাঁঠি, ডিঙি, কঁকাল সকলোৰে ব্যায়াম হয়, যিটো আমাৰ বাবে প্ৰয়োজন। শিলৰ পটাত বটা কাম কৰা বৰ্তমান যুগত সৰহ মানুহেই মিক্সিৰ দ্বাৰা বটা কাম কৰে, কিয়নো ইয়াৰপৰা সময়ৰ লগতে কষ্টৰো লাঘৱ হয়। কিন্তু কিছুমান মানুহৰ ঘৰত এতিয়াও বটা কাম পটাতে কৰা দেখা যায়। এই পটাত বটা কামৰ বাবে আমাৰ শৰীৰৰ বহুত ডাঙৰ ব্যায়াম হয়। ৰাজহাড়, বুকু, হাতৰ আঙুলিৰ পৰা আৰম্ভ কৰি কান্ধলৈকে ব্যায়াম হয়। এই বটা কামৰ পৰা আমাৰ পিঠিৰো উপযুক্ত ব্যায়াম হয়। কম সময়ত খীণ হোৱাৰ উপায় কাপোৰ ইস্ত্ৰি কৰাৰ সময়ত কাপোৰৰ বাস্কেটটো মজিয়াৰ ওপৰত থ’ব লাগে, যাতে বাৰে বাৰে আপুনি তললৈ হাওলি কাপোৰ অনা কাম কৰিব লগা হয়। বজাৰৰপৰা খোৱা বস্তু ৰেডিমেড কিনি অনাৰ সলনি ঘৰতে যোগাৰ কৰি বনোৱাৰ চেষ্টা কৰিব লাগে। এনে কৰিলে কামৰ অভ্যাস হোৱাৰ লগতে শৰীৰৰ ব্যায়াম হয় আৰু খোৱা খাদ্য সোৱাদ আৰু ভেজাল মুক্ত হয়। যদি আপোনাৰ ঘৰত ছিৰি থাকে তেতিয়া এটা কাম ওপৰত আৰু এটা কাম তলৰ খাপত কৰাৰ নিয়ম কৰিব লাগে। ধৰক আপোনাৰ যদি বে’ড ৰূমটো ওপৰত আছে তেতিয়াহ’লে পাকঘৰটো তলত কৰিব। তেতিয়া ৰন্ধা-বঢ়া কাম কৰি ওপৰত বিছনা ঠিক কৰিবলৈ যাব পাৰিব। এনেকৈ ছিৰিত উঠা-নমা কৰি থাকিলে আপোনাৰ অতিৰিক্ত কেল’ৰি সোনকালে কমি যাব। আপুনি যিকোনো কাম আধা ঘণ্টালৈকে কৰিলে কেল’ৰি কম হোৱাৰ লগতে হাৰ্ট বিটো বাঢ়িব। আহাৰ বনোৱাৰ সময়ত বা অন্য সময়ত কাম কৰোঁতে অকল থিয় হৈ নাথাকি কিবা মিউজিক লগাই কঁকালটো লৰাই থাকিব মিউজিকৰ তালে তালে। এনে কৰিলে ৮০-১০০ কেল’ৰি আপুনি কম কৰিব পাৰিব। সপ্তাহত এবাৰ ৰূমৰ ফাৰ্ণিচাৰবিলাকৰ ঠাই সলনি কৰিদিব লাগে। এনে কৰিলেও শৰীৰৰ কেল’ৰি কম হয়। আকৌ সপ্তাহত এবাৰ ঘৰৰ মজিয়াবিলাক হাতেৰে ‘স্ক্ৰাব’ কৰিব, ইয়াৰপৰা শৰীৰৰ বেছিভাগ অংগৰে ব্যায়াম হয় আৰু শৰীৰৰ কেল’ৰিও কমিব। কম বয়সতে যিবিলাক ছোৱালীৰ হাড়বিলাক মজবুত হৈ যায় সেইবিলাকৰ মেন’পজ হোৱাৰ পিছত বেমাৰ-আজাৰ কম হয়; কিন্তু যিবিলাকৰ মজবুত নহয় সেইসকল নানা সমস্যাত পৰে। আমাৰ শৰীৰটো মজবুত কৰি ৰখাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য। সেয়েহে এলাহ নকৰি ঘৰুৱা কামত সম্পূৰ্ণভাৱে নিজে অংশ ল’ব লাগে। সদায়ে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে যত্ন কৰিব লাগে। কিয়নো নিজৰ স্বাস্থ্যটোতকৈ ডাঙৰ একো নহয়। কামৰ লগতে আমি আহাৰৰ ওপৰতো গুৰুত্ব দিব লাগে। ফাষ্ট ফুড, মিঠাই আৰু বেছিকৈ তেলযুক্ত খাদ্য খাব নালাগে। যি কি নহওক, আপুনি ওপৰত দিয়াখিনি কৰিলে অলপ হ’লেও উপকাৰ পাবই। লেখিকা: অঞ্জনা শৰ্মা, প্ৰিয় সখী