বজাৰত বৰ্তমান কৃত্ৰিম কণীৰ প্ৰচলন হৈ আছে। এই কণীসমূহ দেখাত সঁচা কণী যেন লাগিলেও ই মানৱ শৰীৰৰ বিভিন্ন ধৰণে অপকাৰ কৰি আহিছে। নকল বা কৃত্ৰিম কণী চিনাক্ত কৰাৰ দহটা সহজ কিটিপ তলত উল্লেখ কৰা হ’ল কৃত্ৰিম কণীবোৰ অতি বেছি থুনুকা। অকমান হেঁচা পৰিলেই ভাঙি যায়। এনে কণী সিঁজালে কুহুমটো বিৱৰ্ণ হৈ পৰে। প্ৰকৃত কণী ভাঙিলে কুহুমটো এঠাইতে থাকে কিন্তু কৃত্ৰিম কণীৰ কুহুম বিয়পি পৰে। বেছিভাগ কণীৰেই কুহুমটো ঘোলা কণীৰ দৰে বিয়পি পৰে। কৃত্ৰিম কণীৰ আকাৰ প্ৰকৃত কণীৰ তুলনাত কিছু ডাঙৰ জোখৰ হয়। কৃত্ৰিম কণীৰ বাকলি অতি মিহি হয়। বাকলিৰ ওপৰত অতি ক্ষুদ্ৰ ফুটফুটীয়া দাগ দেখা যায়। এনে কণী ৰন্ধাৰ সময়ত বেয়া গোন্ধ ওলাব পাৰে। অথবা একেবাৰেই গোন্ধহীন হ’ব পাৰে। আচল কণীৰ কুহুমৰ কোনো গোন্ধ নাথাকে। কৃত্ৰিম কণীবোৰ যদি আপুনি যিকোনো তীব্ৰ গোন্ধযুক্ত সামগ্ৰীৰ লগত থয়, তেন্তে সেই গোন্ধ কণীৰ ভিতৰলৈ সোমায় যায়। ৰন্ধাৰ পিছতো কণীৰ পৰা সেই গোন্ধ পোৱা যাব। নকল কণীৰ আৰু এটা উল্লেখ্যযোগ্য লক্ষণ হ’ল এই কণীৰে ৰন্ধা খাদ্যত কণীটোৱে নুজৰ কাৰ্য্য নকৰে। উদাহৰণস্বৰূপে, যদিহে বাইণ্ডাৰ হিচাপে পুডিং বা কাবাবত এনে কণী মিহলোৱা যায় তেন্তে ৰন্ধাৰ পিছত দেখা যাব যে কাবাব ভাঙি যায় বা পুডিং গোট মাৰি নাথাকে। কৃত্ৰিম কণীৰ আকৃতি সঁচা কণীতকৈ তুলনামূলকভাৱে দীঘলীয়া হয়। কৃত্ৰিম কণীৰ কুহুমৰ চাৰিওফালে ৰাসায়নিক পদাৰ্থৰ এখন আৱৰণ থাকে। কেঁচা কণীৰ কুহুম অক্ষত অৱস্থাত থাকিলেও বা সিজোৱাৰ পিছত ইয়াৰ কুহুমটো সহজতে ভাঙিব পৰা নাযায়। উৎস: ইন্টাৰনেট।