জগিং মানে কি?

শৰীৰত এটা তালত লাহে লাহে দৌৰা, জপিওৱা, সন্মুখ আৰু পাছফালে হালি যোৱা বা সোঁ আৰু বাওঁ কাষে হালি যোৱা কিছুমান সহজ বা সূক্ষ্ম ব্যায়ামৰ সমষ্টিয়ে হৈছে জগিং। যাৰ দ্বাৰা আমাৰ শৰীৰৰ বাহ্যিক অংগসমূহ যেনে-হাত, ভৰি, কঁকাল, ডিঙি আদিৰ সঞ্চালন ঘটোৱা হয়। এনে সঞ্চালনে শৰীৰৰ আভ্যন্তৰীণ অংগ যেনে-হাড়, মাংসপেশী, স্নায়ু, সিৰা, ধমনী আদিৰ ওপৰত প্ৰভাৱ পেলায়।

গুৰুত্ব দিবলগীয়া দিশ -

জগিং অভ্যাস কৰোতে প্ৰথমে শ্বাস-প্ৰশ্বাসৰ ওপৰত গুৰুত্ব দিব লাগে। কাৰণ সহজ ব্যায়ামবোৰৰ সৈতে শ্বাস-প্ৰশ্বাস গভীৰভাৱে জড়িত হৈ থাকে। দ্বিতীয়তে, যাতে সঠিকভাৱে অংগ সঞ্চালন হয় তাৰ ওপৰত গুৰুত্ব দিব লাগে। তৃতীয়তে অংগ সঞ্চালনৰ ৰিডম (তাল)ৰ সৈতে শ্বাস-প্ৰশ্বাস মিলিব লাগে। জগিঙৰ সময়ত কেতিয়াও মুখেৰে উশাহ ল’ব নালাগে। জগিঙৰ বিজ্ঞানসন্মত বেগ প্ৰতি ঘন্টাত ৯-১০ কিলোমিটাৰ হ’ব লাগে।

ঠাই নিৰ্বাচন -

জগিং সদায় প্ৰকৃতিৰ মুকলি পৰিৱেশত কৰিব লাগে। ইয়াৰ বাবে মুকলি পথাৰ, গছৰ তল, নৈৰ পাৰ, সাগৰৰ পাৰ, ঘৰৰ পদূলি বা চোতাল বেছি সুবিধাজনক। পাতল সেউজীয়া বন, পৰিষ্কাৰ মাটি বা প্ৰয়োজন অনুসৰি যোগামেটৰ ওপৰত জগিং অভ্যাস কৰিব পাৰে। কেতিয়াও বন্ধ কোঠালিৰ ভিতৰত ইয়াক অভ্যাস কৰিব নালাগে।

কেতিয়া কৰিব নালাগে?

খুব বেছিকৈ শাৰিৰীকভাৱে দুৰ্বল হ’লে, উচ্চ ৰক্তচাপ থকা অৱস্থাত, এজমা আৰু হৃদৰোগত আক্ৰান্ত হৈ থাকিলে, মূৰ ঘূৰণি হৈ থাকিলে, শৰীৰত কোনো জটিল অস্ত্ৰোপচাৰ থাকিলে, মহিলাসকলৰ মাহেকীয়া হৈ থকা অৱস্থাত, গৰ্ভাৱস্থাত জগিং অভ্যাস কৰিব নালাগে। ইয়াৰ বাহিৰেও শৰীৰত অধিক পিয়াহ, ভোক, শৌচ, প্ৰস্ৰাৱ আদিৰ অনুভৱ হ’লে ইয়াক অভ্যাস কৰিব নালাগে।

অভ্যাসৰ সময় -

পুৱা ৪-৬ বজাৰ ভিতৰত, আবেলি ৩-৫ বজাৰ ভিতৰত আৰু সন্ধিয়া ৫.৩০-৬.৩০ বজাৰ ভিতৰত জগিং অভ্যাস কৰিব পাৰে। পুৱাৰ সময় ইয়াৰ বাবে বেছি সুবিধাজনক আৰু লাভদায়ক। ইয়াক নিয়মিতভাৱে ১০-৩০ মিনিট সময় অভ্যাস কৰিব লাগে।

পালনীয় বিধি -

১. সাজপাৰ ব্যায়ামৰ বাবে সুবিধাজনক হ’ব লাগে।

২. জগিং খালী পেটত কৰিব লাগে। ইয়াক অভ্যাস কৰাৰ আধা ঘন্টা আগেয়ে সামান্য পৰিমাণে কুহুমীয়া পানী খাই ল’ব পাৰে।

৩. আবেলি আৰু সন্ধ্যা সময়ত অভ্যাস কৰিলে আহাৰ খোৱাৰ ঘন্টা পিছতহে কৰিব লাগে।

৪. জগিং অভ্যাস কৰাৰ আধাঘন্টা পিছত জুলীয়া আহাৰ আৰু এক ঘন্টা পিছত কঠিন আহাৰ গ্ৰহণ কৰিব লাগে।

৫. ইয়াক অভ্যাস কৰাৰ পিছত ঠাণ্ডা, পানী, বৰফ, শীতল পানীয় খাব নালাগে।

৬. জগিঙৰ এঘন্টা পিছত স্নান কৰিব পাৰে।

জগিঙৰ উপকাৰ -

১)জগিঙে মাংসপেশীৰ কঠিনতা, জড়তা, দুৰ্বলতা দূৰ কৰি শৰীৰ সবল আৰু সুঠাম কৰে।

২)হাড়ৰ সন্ধি বা জোৰাসমূহ শক্তিশালী কৰি হাড়ৰ গঠন মজবুত কৰি ৰাখে।

৩)জগিঙে ছালত থকা সূক্ষ্ম সূক্ষ্ম ৰন্ধ্ৰবোৰ মুকলি কৰি ৰাখে। ইয়াৰ ফলত ছালৰ সহায়ত হোৱা ৰেচন কাৰ্য্য সঠিকভাৱে ঘটে।

৪)ছালৰ কোমলতা আৰু উজ্জ্বলতা বৃদ্ধি পায়।

৫)শৰীৰৰ প্ৰতিটো অংগৰ কোষলৈ তেজৰ পৰিবহন বৃদ্ধি পায়।

৬)শৰীৰৰ স্বাভাৱিক উত্তাপ নিয়ন্ত্ৰণ কৰি ৰাখে।

৭)হাত আৰু ভৰিৰ বিভিন্ন অংশসমূহৰ কাৰ্যদক্ষতা বৃদ্ধি পায়।

৮)শৰীৰত থকা দীৰ্ঘদিনীয়া বিষ বেমাৰ আৰোগ্য হয়।

৯)আঁঠু, কঁকাল আৰু পিঠিৰ বিষ নাইকিয়া হয়।

১০)ৰাজহাড় নমনীয়, সবল আৰু শক্তিশালী হয়।

১১)হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ বিসংগতি দূৰ হৈ কাৰ্যদক্ষতা বৃদ্ধি পায়।

১২)বুকুৰ গঠন ভাল, পিঠিত কুঁজ থাকিলে নাইকিয়া হয়।

১৩)জগিঙে শৰীৰত হজম আৰু পুষ্টি বৃদ্ধি কৰে।

১৪)ই শৰীৰত হৰম’ন বিসংগতিৰ ফলত হোৱা ৰোগসমূহ দূৰ কৰে।

১৫)শৰীৰত ওজন নিয়ন্ত্ৰণ কৰে (বয়স আৰু উচ্চতাৰ অনুপাতে ওজন কম থাকিলে বঢ়াই আৰু বেছি থাকিলে কমায়)।

১৬)মেদবহুল ব্যক্তিসকলে দৈনিক জগিং অভ্যাস কৰিলে কম সময়ৰ ভিতৰত অতিৰিক্ত মেডভাগ শৰীৰৰ পৰা দূৰ হয়। লগতে ই কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে।

১৭)নিয়মিত জগিং কৰিলে টোপনি গভীৰ হয়। মানসিক অৱসাদ দূৰ হয়।

১৮)উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীসকলে দৈনিক জগিং অভ্যাস কৰি এই ৰোগ নিৰাময় কৰিব পাৰে। অৰ্থাৎ জগিং এনে ৰোগীৰ বাবে মহৌষধ।

১৯)নিয়মিত জগিঙে শৰীৰত ইউৰিক এছিডৰ পৰিমাণ কমায়।

লেখক: ৰংমন ৰংদৈ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ