মানুহৰ চকু দুটা প্ৰকৃতিৰ অনুপম দান। পৃথিৱীৰ বিনন্দীয়া ৰূপ স্বচক্ষে দেখা পোৱাটো প্ৰকৃতিৰ এক আশীৰ্বাদ। চকু দুটাই মানুহৰ আটাইতকৈ বেছি সংবেদনশীল অংগ। শৰীৰৰ বাকীবিলাক অংগই স্পৰ্শ আৰু শব্দ শ্ৰৱণ আদিৰ মাধ্যমেৰে চৌপাশৰ পৃথিৱীখনৰ অস্তিত্ব অনুভৱ কৰিব পাৰে। কিন্তু চকু দুটাৰ যোগেদি নিজৰ শৰীৰৰ লগতে ইয়াৰ চোপাশৰ সকলো বস্তু, প্ৰকৃতিৰ মনোমোহা ৰূপ আদি দেখিবলৈ সক্ষম হয়। সেই কাৰণেই ইমান গুৰুত্বপূৰ্ণ এই অংগকেইটা ৰক্ষা কৰা আৰু এইকেইটা বিশেষভাৱে শক্তিশালী কৰি ৰখা প্ৰয়োজন। অৱশ্যে ইমান মূল্যৱান চকুকেইটাক বয়স, বংশগতি আৰু ইলেক্ট্ৰনিক সঁজুলিৰ ব্যাপক ব্যৱহাৰে লাহে লাহে দুৰ্বল কৰি আনে আৰু বয়স বৃদ্ধিৰ লগে লগে প্ৰাকৃতিকভাৱে চকুকেইটাৰ শক্তি অৰ্থাৎ দৃষ্টি শক্তি একেবাৰে কমি আহি এটা সময়ত একেবাৰে নেদেখা হৈ পৰে। কিন্তু বয়স বাঢ়ি থাকিলেও বা ইলেক্ট্ৰনিক আহিলা ব্যৱহাৰ কৰি থাকিলেও কিছুমান খাদ্য নিয়মীয়াকৈ খাই থাকিলে দৃষ্টিশক্তি একেবাৰে বৃদ্ধ বয়সলৈকে প্ৰায় অটুট থাকে। কেৱল খাদ্য দ্ৰব্যৰ দ্বাৰাই নহয়, লগতে চকু দুটাৰ প্ৰতি কিছু যত্ন লৈ থাকিব লাগিব আৰু দ্ৰব্যশক্তিৰ সামান্য তাৰতম্য ঘটিলেই তৎক্ষণাত চকু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। তথাপি চকুৰ ভিতৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ ৰেটিনা আৰু কৰ্ণিয়া সুস্থ-সবল কৰি ৰাখিবলৈ তলত উল্লেখ কৰা খাদ্যদ্ৰব্যবিলাকৰ আন কোনো বিকল্প নাই। এইবিলাক খাদ্যদ্ৰব্যই প্ৰাকৃতিকভাৱেই চকুকেইটা দীৰ্ঘদিনলৈ ভালে ৰাখিব। পালেং শাক: পালেং শাকত ভিটামিন ‘এ’, ‘বি’, ‘চি’, ‘ই’ আৰু খনিজ লৱণ লো আৰু দস্তাৰ দৰে আন কেবাবিধো উপাদান থাকে। লগতে লিউটিন আৰু জিএক্সেথিনৰ দৰে ফাইটোনিউট্ৰিয়েন্টছ যথেষ্ট মাত্ৰাত থাকে। কেৰোটিনয়ড, লিউটিন আৰু জিএক্সেথিনত এন্টিঅক্সিডেন্ট, এন্টিচেপ্টিক গুণো আছে। ইমানবিলাক উপাকাৰী উপাদান যুক্ত পালেং শাক নিয়মীয়াকৈ খাই থাকিলে চকু দুটা যথেষ্ট শক্তিশালী হয় আৰু দৃষ্টি শক্তিও দীৰ্ঘদিনলৈ অটুট থাকে। কণী: কণী ভালেমান উপকাৰী স্বাস্থ্যসন্মত উপাদান উপাদানৰ এক ঘণীভূত খাদ্য দ্ৰব্য। ইয়াত যথেষ্ট পৰিমাণে এমিনো এচিড আৰু পানী তথা চৰ্বিত দ্ৰৱণীয় ভিটামিন আৰু মূল্যৱান উপাদান পোৱা যায়। কণীৰ ওপৰৰ বগা বিজলুৱা অংশত ভিটামিন, প্ৰোটিন আদি থাকে যদিও এই অংশত চৰ্বি নেথাকে। কিন্তু ইয়াৰ মাজত থকা কুহুমটোত যথেষ্ট পৰিমাণে কলেষ্টেৰল থাকে আৰু সেয়ে উচ্চ ৰক্তচাপৰ ৰোগীক কণীৰ কুহুমটো খাবলৈ চিকিৎসকে মানা কৰে। যিসকল ব্যক্তিৰ উচ্চ ৰক্তচাপৰ বিকাৰ নাই, তেওঁলোকে নিয়মীয়াকৈ সম্পূৰ্ণ একোটা কণী খাব পাৰে। চকুৰ দৃষ্টিশক্তি অটুট ৰখাৰ বাবে কণী অতি আৱশ্যকীয় খাদ্য। কণীত লিউটিন আৰু জিএক্সেথিনো থাকে। গাজৰ: গাজৰ এবিধ যথেষ্ট মূল্যৱান পাচলি। এইবিধ পাচলিৰ অসংখ্য গুণ আছে আৰু এই পাচলি পৰাপক্ষত কেঁচাকৈ খালেহে ইয়াত নিহিত থকা ভিটামিন আৰু খনিজ লৱণ আদি কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ শৰীৰে গ্ৰহণ কৰিব পাৰে। ইয়াত যথেষ্ট পৰিমাণে ভিটামিন ‘এ’(বিটা কেৰোটিন) থাকে আৰু এন্টিঅক্সিডেন্ট দ্ৰব্যও থাকে। এনেবোৰ গুণসম্পন্ন গাজৰ খাই থাকিলে চকু দুটাই যথেষ্ট শক্তিৰ যোগান পায় আৰু দৃষ্টিশক্তিও অটুট থাকে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন