আমাৰ ডিঙি অঞ্চলত প্ৰথমে বয়সৰ বলিৰেখা পৰে। সেই কাৰণে মুখমণ্ডল পৰিষ্কাৰ কৰোতে ডিঙিও পৰিষ্কাৰ কৰিব লাগে। মুখত ক্ৰীম, পাউদাৰ লগাওঁতে ডিঙিতো লগাব লাগে। বহুতৰে মুখত দ্বৈত থুঁতৰিৰ সৃষ্টি হয়। ই সৌন্দৰ্য হ্ৰাস কৰে। ইয়াক প্ৰতিৰোধ কৰিবলৈ সদায় ডিঙি পোন কৰি ৰাখিব লাগে। আমাৰ মুখমণ্ডলতকৈ ডিঙিৰ ছালৰ উজ্জ্বলতা কম। গতিকে গা-ধোৱাৰ আগতে বেচন, গাখীৰৰ সৰ, হালধি মিহলাই ৫-১০ মিনিট ৰাখি ধুই পেলালে ছাল উজ্জ্বল হ’ব। এই প্ৰক্ৰিয়া কেইবাদিনো কৰা উচিত। নেমু আৰু হালধিৰ পেষ্ট বনায়ো লগাব পাৰে। মালিচ কৰোতে ওপৰৰপৰা তললৈ কৰিব লাগে। সপ্তাহত এনেদৰে ২-৩ দিন মালিচ কৰিলে উপকাৰ পাব। কাপোৰেৰে বা কোমল ব্ৰাছেৰে পিঠিখন সদায় ঘঁহি পৰিষ্কাৰ কৰি ৰাখিব লাগে। ছানবাৰ্ণ নোহোৱা কৰিবলৈ ছালকুঁৱৰীৰ ৰস নাইবা তৰমুজৰ ৰস নাইবা নেমু-হালধিৰ মিশ্ৰণ লগালে উপকাৰ পোৱা যায়। ৰঙা গুটি বা ক’লা মুখৰ শালমইনাৰ দাগ আঁতৰাবলৈ ৰাতি শোৱাৰ আগেয়ে মচুৰ দাইল আৰু পদিনা পিহি ১০-১৫ মিনিটমান দাগ ভাল নোহোৱালৈকে লগাব লাগে। গৰমত পিঠিৰ ফালে দকৈ কটা ব্লাউজ পিন্ধিলে আৰাম লাগে যদিও ছানবাৰ্ণ হোৱাৰ ভয় থাকে। সেয়ে পাৰিলে পিঠি ঢাকখোৱা কোমল কপাহী কাপোৰৰ ব্লাউজ পিন্ধিব পাৰিলে ভাল। মাজে মাজে আনৰ সহায়ত বেচন, নেমু আৰু গাখীৰৰ মিশ্ৰণ পিঠিত লগাই ১০-১৫ মিনিট পিছত ভালদৰে ধুই মইশ্বাৰাইজাৰ লগাব লাগে। লেখিকা: ললিতা শৰ্মা লহকৰ, দৈনিক অসম।