ডায়েবেটিছ ৰোগীসকলে ৰোগটো নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে ঔষধ-পাতি খাই থাকিব লগা হয়। লগতে খোৱা-বোৱাৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হয়। কিন্তু নিয়মীয়াকৈ কিছুমান বিশেষ যোগাসন-প্ৰাণায়াম কৰিলেও ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। ব্যস্ততাৰ বাবে যিসকল লোকে আসন-প্ৰণায়াম আদি কৰিবলৈ বেছি সময় উলিয়াব নোৱাৰে, তেওঁলোকে দৈনিক পোন্ধৰ মিনিট সময় আসন-প্ৰাণায়াম কৰিলেই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে। তলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা পাঁচবিধ আসন-প্ৰাণায়ামৰ বিষয়ে বৰ্ণনা কৰা হ’ল। কপালভাটি ক্ৰিয়া - সুখাসনত বহিব। হাত দুখন আঁঠুৰ ওপৰত থৈ চকু দুটা মুদি ল’ব। নাকৰ বিন্ধাৰে বায়ু উলিয়াই দি লাহে লাহে পেটটো টান ধৰিব। এইদৰে কিছুসময় দেহটো টান কৰি ৰাখিব। এই ক্ৰিয়া ৪০-৫০ বাৰ অভ্যাস কৰিব। সাৱধানতা - হাৰ্টৰ সমস্যা থাকিলে, হাৰ্নিয়া, উচ্চ ৰক্তচাপ থাকিলে এই আসন নকৰিব। অগ্নিসাৰ ক্ৰিয়া: দুভৰি সামান্য বহলাই পোন হৈ থিয় দিব। হাত দুখন আঁঠুৰ ওপৰত ৰাখি পেটটো ঢিলাই দিব। উশাহ এৰি দি পেটটো যিমান পাৰে ভিতৰলৈ টানি নিব। ইয়াৰ পিছত পেটটো ঢিলাই দিব। এই ক্ৰিয়া যিমানবাৰ সম্ভৱ কৰিব পাৰে। সাৱধানতা: পেপটিক আলচাৰ থাকিলে, ৰক্তচাপ থাকিলে, হৃদৰোগ, শ্লিপ ডিস্ক থাকিলে এই আসন কৰা উচিত নহয়। পবনমুক্তাসন - চিৎ হৈ শুই ল’ব। এতিয়া উশাহ লাহে লাহে এৰি সোঁ ভৰিখন আঁঠুত ভাজ কৰি আগলৈ আনি বুকুত আঁঠুটো লগাই সামান্যভাৱে হেঁচি ধৰিব। এই অৱস্থাত দহ-পোন্ধৰ চেকেণ্ড থাকি স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থাকিব। এইবাৰ ভৰিখন মেলি দি বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি কোচাই আনি ন্বুকুৰত লগাই দুহাতেৰে হেঁচি ধৰিব। এই অৱস্থাত দহ-পোন্ধৰ চেকেণ্ড থাকি স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থাকিব লাগে। এইবাৰ ভৰিখন মেলি ধৰি পাঁচ চেকেণ্ড সময় শৱাসনত বিশ্ৰাম ল’ব। এতিয়া দুয়ো ভৰি অলপ ওপৰলৈ তুলি ভাঁজ লগাই বুকুত আঁঠু দুটা লগাব। উশাহ এৰি দুয়ো হাতেৰে আঁঠুত ধৰি বুকুৰ ফালে জোৰকৈ হেঁচি ধৰিব। মূৰটো ওপৰলৈ তুলি আঁঠু দুটা স্পৰ্শ কৰাৰ চেষ্টা কৰিব। এইদৰে যিমান সময় পাৰে থাকিব। উশাহ স্বাভাৱিক কৰি ৰাখিব। ইয়াৰ পিছত পুনৰাই পূৰ্বৰ অৱস্থালৈ আহিব। সাৱধানতা: ডিঙিৰ বিষত ভুগি থকা লোকসকলে ডিঙি ওপৰলৈ তোলা উচিত নহয়। ভুজংগাসন - শৰীৰ পোনকৈ ৰাখি ভৰি দুখন একেলগে কৰি উবুৰি হৈ শুই ল’ব। কপালে মাটি স্পৰ্শ কৰি থাকিব। হাত দুখন বুকুৰ কাষত ভাঁজ কৰি ৰাখিব। উশাহ লৈ কান্ধ আৰু মুখ মণ্ডলৰ সৈতে মেৰুদণ্ড সাধ্য অনুসৰি পিচফালে বেঁকা কৰিব। চকু বন্ধ কৰি ৰাখিব। স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ এইদৰে যিমান সময় পাৰে থাকিব। পিছত পূৰ্বৰ অৱস্থালৈ আহি শৱাসনত জিৰণি ল’ব। সাৱধানতা: হাৰ্নিয়া থকা লোকে এই ব্যায়াম নকৰিব। মন্দুকাসন - বজ্ৰাসনত বহি ল’ব। বুঢ়া আঙুলি ভিতৰত ৰাখি হাত দুখন মুঠি মাৰি ধৰি থাকিব। হাতৰ মুঠি দুটা পেটৰ কাষলৈ আনিব। উশাহ এৰি পেটটো ভিতৰলৈ টানি নিব। নাভিৰ কাষত হাতৰ মুঠি দুটা হেঁচি ধৰিব। দুচকু মুদি মূৰটো ওপৰলৈ তুলি স্বাভাৱিকভাৱে উশাহ লৈ থাকিব। যিমান সময় স্পাৰে এই আসনত থাকিব। সাৱধানতা: পিঠিৰ বিষ, শ্লিপ ডিস্ক, বাতবিষ থাকিলে এই আসন নকৰিব। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন