আমি প্ৰায়েই ডায়েবেটিচ ৰোগী ক ব্যায়াম বা শাৰীৰিক শ্ৰম কৰিবলৈ পৰামৰ্শ দিয়ো। শাৰীৰিক শ্ৰম বা ব্যায়াম ৰ বহুতো উপকাৰীতা আছে, যেনে > হৃদৰোগ ৰ প্ৰবণতা কমাই, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, মাংস পেশীৰ সাম্যতা ৰক্ষা কৰে, শৰীৰৰ চৰ্বি কমাই, লগতে ওজন কমোৱা ত সহায় কৰে। Type 1 আৰু। Type 2 ডায়েবেটিচ ৰোগীৰ ক্ষেত্ৰত তেজৰ গ্লুকজৰ পৰিমাণ কমোৱা ৰ লগতে ইনচুলিনৰ কাৰ্য্য ক্ষমতা বঢ়াই। বহু সময়ত প্ৰি ডায়েবেটিক ৰোগীৰ ক্ষেত্ৰত কেৱল খাদ্য ভ্যাস সালসলনি আৰু শাৰীৰিক শ্ৰম বা ব্যায়মৰ দ্বাৰাই অন্য কোনো ঔষধ ব্যৱহাৰ নকৰাকৈ ডায়েবেটিচৰ পৰা আৰোগ্য হব পাৰে।

শাৰীৰিক শ্ৰম বা ব্যায়াম ৰ ইমানখিনি উপকাৰ থকা চৰ্ত্তেও বহু সময়ত ব্যায়াম ৰ পৰা ডায়েবেটিচ ৰোগী এজনে অসুবিধা ৰ সন্মুখীন হব পাৰে বা ক্ষতিকাৰক হব পাৰে।

কোনবোৰ পৰিস্থিতি ত ডায়েবেটিচ ৰোগী এজনে ব্যায়াম বা শাৰীৰিক শ্ৰম কৰিব নেলাগে বা কেনে ধৰণৰ সাৱধাণতা লব লাগে ÷

সাধাৰণতে ব্যায়াম কৰিলে শৰীৰত ইনচুলিনৰ পৰিমাণ হ্ৰাস পায় আৰু গ্লুকাগণ নামৰ হৰমণ বিধ বৃদ্ধি পায়। তাৰোপৰি ব্যায়াম ৰ ফলত ডায়েবেটিচ ৰোগী জনৰ তেজত গ্লুকজৰ পৰিমাণ অত্যাধিক হ্ৰাস বা বৃদ্ধি হব পাৰে যাৰ কাৰণে ৰোগী জনৰ বিপদ ঘটিব পাৰে। তেজত যদি ইনচুলিনৰ পৰিমাণ কম থাকে তেনে ক্ষেত্ৰত ব্যায়াম কৰিলে তেজৰ গ্লুকজৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে কিটন বডি গঠন হব পাৰে যাৰ ফলত ডায়েবেটিক কিট'এছিডছিছ উপসৰ্গ দেখা দিব পাৰে যি সময়ত মৰাত্মক হব পাৰে।

এনে অসুবিধা সমূহৰ পৰা হাত সাৰিবলৈ কি কৰা উচিত:

*এজন ডায়েবেটিচ ৰোগীয়ে এই অসুবিধা সমূহৰ সন্মুখীন নহবৰ বাবে সময়তে তেজৰ গ্লুকজৰ পৰিমাণ নিয়মিত পৰীক্ষা কৰি থাকিব লাগে।

*যদি তেজত গ্লুকজৰ পৰিমাণ 250 mg/dl ত কৈ বেছি থাকে লগতে কিটন বডি উপস্থিতি থকে তেন্তে শাৰীৰিক শ্ৰম বা ব্যায়াম কৰিব নেলাগে।

*যদি তেজত গ্লুকজৰ পৰিমাণ 100 mg/dl ত কৈ কম থাকে তেন্তে শৰ্কৰা জাতীয় আহাৰ খাইহে ব্যায়াম কৰিব লাগে।

*পৰাপক্ষত শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাৰ সময়ত তেজৰ গ্লুকজৰ পৰিমাণ পৰীক্ষা কৰি লব লাগে।

লেখক: ডাঃ বিৰিঞ্চি বৰুৱা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: ৮০১১৬৭৬৩৯২