মানুহ হঠাত্ অজ্ঞান হৈ যায় কিয় ? ইয়াৰ প্ৰকৃত কাৰণ কাৰণ কি ? আৰু ইয়াৰ পৰিণতি কি হয় ? এনেধৰণৰ প্ৰশ্ন আমাৰ সকলোৰে মনত উদয় হয়। কিয়নো বজাৰ কৰোতে, খুব হুলস্থূলীয়া পৰিৱেশত থাকিলে, ৰ’দত ফুৰিলে কোনো ল’ৰা-ছোৱালী বা প্ৰাপ্তবয়স্ক লোকে হঠাত্ জ্ঞান হেৰুৱাই পেলায়। চিকিত্সকৰ মতে এনেদৰে হঠাত্ অজ্ঞান হৈ যোৱাৰ ক্ষেত্ৰত প্ৰথমতে আমি চাব লাগিব ল’ৰা বা ছোৱালীজনীৰ বয়স কিমান। বয়স নিৰ্বিশেষে ইয়াৰ কাৰণ ভিন্ন হ’ব পাৰে। অজ্ঞান হোৱাৰ আগতে কোনো অসুখত ভুগিলে, ছুগাৰ থাকিলে বা বহুদিন ধৰি ঔষধ খাই থাকিলে হঠাত্ অজ্ঞান হোৱাৰ সম্ভাৱনা থাকে। অজ্ঞান হোৱাৰ পৰিণতি যে সকলো সময়তে ভয়াৱহ হ’ব এনে নহয়। ভয় খোৱাৰ প্ৰয়োজন নাই। কিন্তু সেইবুলি এই বিষয়টো অৱহেলা কৰাটো উচিত নহয়। এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’লে ডাক্তৰৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

চিকিত্সকসকলে হঠাত্ অজ্ঞান হোৱাৰ কাৰণটোক তিনি প্ৰকাৰত ভাগ কৰিছে- (১) Functional, (২) Organtic, (৩) Vasovagol । এইকেইটাৰ ভিতৰত Organtic কাৰণটো গুৰুত্বপূৰ্ণ। এইক্ষেত্ৰত যথেষ্ট পৰিমাণে সচেতনতা আৰু সাৱধানতা অৱলম্বন কৰা উচিত। ব্ৰেইন টিউমাৰ বা অন্য কোনো ধৰণৰ মূৰৰ বিকৃতি থাকিলে অজ্ঞান হোৱা দেখা যায়। আমাৰ শাৰীৰিক অসুস্থতাৰ বাবে নানা ধৰণৰ ঔষধ ব্যৱহাৰ কৰো। উদাহৰণস্বৰূপে- ইনছুলিন, টোপনিৰ ঔষধ, কিডনী, হাৰ্ট, ৰক্তচাপৰ ঔষধ ইত্যদি। এই ঔষধসমূহ খোৱাৰ ফলত আমাৰ শৰীৰত প্ৰয়োজনীয় ছ’ডিয়ামৰ পৰিমাণ কমি যায়। এই ছ’ডিয়ামৰ মাত্ৰা অতিমাত্ৰা কমি গলে ৰোগী হঠাত্ যিকোনো পৰিৱেশত অজ্ঞান হৈ যাব পাৰে। খুব পৰিশ্ৰম নাইবা প্ৰচণ্ড গৰমৰ প্ৰভাৱত অনেক সময়ত আমাৰ শৰীৰৰ পৰা অতিৰিক্ত ঘাম নিৰ্গত হয়। এই ঘামৰ লগতে শৰীৰৰ পৰা ছ’ডিয়াম বাহিৰ হৈ যায়। এনেদৰেও আমাৰ শৰীৰত ছ’ডিয়ামৰ মাত্ৰা কমি যায়। দেহত ছ’ডিয়ামৰ পৰিমাণ কমি যোৱাক কোৱা হয় ‘হাইপোনেট্ৰিমিয়া’।

তেজত ছুগাৰৰ পৰিমাণ বৃদ্ধি পোৱা আৰু হ্ৰাস পোৱাও অজ্ঞান হোৱাৰ কাৰণ হ’ব পাৰে। তেনেদৰে উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ থাকিলেও মানুহ অজ্ঞান হোৱাৰ সম্ভাৱনা থাকে। বয়স্কসকলৰ ক্ষেত্ৰত এই সমস্যাসমূহ দেখা যায়। কিন্তু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দুটা কাৰণ উল্লেখযোগ্য- চিজাৰ ডিজঅৰ্ডাৰ আৰু ব্ৰেইন টিউমাৰ।

ইয়াৰ উপৰি ডাঙৰ আঘাত, দুখ নাইবা শোক পালেও মানুহ হঠাত্ অজ্ঞান হয়। প্ৰিয়জন নাইবা আপোনজনৰ মৃত্যুৰ সংবাদ পাই অজ্ঞান হৈ পৰা আমি প্ৰায়েই শুনিবলৈ পাওঁ। এনেদৰে অজ্ঞান হোৱাৰ কাৰণটো হল- Vasovagol। ই এটা সাময়িক ঘটনা। ইয়াৰ ফলত কোনো ক্ষতিৰ সম্ভাৱনা নাথাকে। আনহাতে Functional কাৰণটো সিমান চিন্তনীয় বিষয় নহয়। এই অসুখৰ প্ৰৱণতা সাধাৰণতে ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। এই ক্ষেত্ৰত ৰোগীয়ে অজ্ঞান হোৱাৰ ভাও ধৰে। নিজৰ প্ৰতি আনৰ দৃষ্টি আকৰ্ষণ কৰাই মূল কাৰণ। ই এক প্ৰকাৰৰ মানসিক ব্যাধি। অজ্ঞান হোৱাৰ কাৰণ সকলো সময়তে বুজিব পৰা নাযায়। চিজাৰ ডিজঅৰ্ডাৰ অসুখত আক্ৰান্ত ৰোগীয়ে ওচৰত অস্বাভাৱিক বস্তু দেখে, কাণেৰেও অস্বাভাৱিক শব্দ শুনে। ইয়াক কোৱা হয় ‘আউৰা’। চিকিত্সকৰ মতে অজ্ঞান হোৱাৰ মুখ্য কাৰণ হল ছুগাৰৰ পৰিমাণ হ্ৰাস পোৱা। গতিকে ৰোগীয়ে ছুগাৰৰ পৰিমাণ স্বাভাৱিক অৱস্থাত ৰাখিবলৈ চিকিত্সকৰ পৰামৰ্শ লোৱা উচিত। শৰীৰত ছ’ডিয়ামৰ অভাৱ পূৰণৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।

উত্সঃ অসমীয়া খবৰ