Jogin means to run slowly. অৰ্থাৎ লাহে লাহে দৌৰা। বৰ্তমান এই অৱস্থাক ব্যায়ামৰ অন্তৰ্ভুক্ত কৰা হৈছে। সকলোধৰণৰ খেলুৱৈ- ক্ৰিকেট, ফুটবল, বেডমিন্টন বা টেনিচ খেলুৱৈৰ বাবে জগিং কৰাটো এক প্ৰকাৰৰ প্ৰয়োজনীয় কাম।

খেলুৱৈ নহ’লেও সাধাৰণ লোকেও জগিং কৰিলে বিশেষ উপকাৰ পাব পাৰে। জগিং কেনেকৈ কৰিব লাগে? শৰীৰটো এটা তালত লাহে লাহে দৌৰা, জঁপিওৱা, আগলৈ-পিছলৈ হালি যোৱা(১ চেকেণ্ড বা ২ চেকেণ্ড) সোঁ আৰু বাওঁৱে হালি দৌৰি যোৱা আদি সহজ পদ্ধতিয়েই হ’ল ‘জগিং’। যাৰ ফলত হাত, ভৰি, কঁকাল, ডিঙি আদি অংগৰ সঞ্চালন হয়।

এই সঞ্চালনে হাড়, মাংসপেশী, স্নায়ু, সিৰা, ধমনী আদিৰ ওপৰত প্ৰভাৱ পেলাই মানৱ শৰীৰৰ শক্তিদায়ক হৰমোন বঢ়াত সহায় কৰে।

সুস্থ শৰীৰৰ ছাত্ৰ-ছাত্ৰী, ডেকা-বুঢ়া, যুৱক-যুৱতী বা মহিলা সকলোৱে জগিং কৰিলে উপকাৰ পাব। জগিং অভ্যাস কৰোঁতে শ্বাস-প্ৰশ্বাসৰ ওপৰত গুৰুত্ব দিয়া লাগে। অৰ্থাৎ শ্বাস-প্ৰশ্বাস যেন নিয়মীয়া হয়। অংগ সঞ্চালনৰ লগত শ্বাস-প্ৰশ্বাসৰ গতি মিলিব লাগে।

মুখেৰে উশাহ কেতিয়াও ল’ব নালাগে। জগিঙৰ বেগ ঘন্টাত ৯-১০ কিঃমিঃ মান হ’ব লাগে।

জগিঙৰ ঠাই মুকলি প্ৰাকৃতিক পৰিৱেশত হ’ব লাগে। আজিকালি প্ৰকৃতিক ধ্বংস কৰা হৈছে, গছ-গছনি কাটি নিঃশেষ কৰা হৈছে বা অত্যধিক যান-বাহনৰ ধোঁৱা, ধূলি আদিয়ে সকলো ঠাই প্ৰদূষিত কৰি পেলাইছিল।

তথাপি ঘৰৰ পদূলি বা চোতাল, মুকলি পথাৰ, নৈৰ পাৰ, গছৰ তল, সাগৰৰ পাৰ আদিত জগিং কৰিব পাৰি। পাতল সেউজীয়া বন-বননি বা পৰিষ্কাৰ মাটি জগিং কৰাৰ উপযোগী।

গ্ৰাম্য অঞ্চলত এই পৰিৱেশে সহজতে পোৱা যায়। চহৰৰ বাসিন্দাসকলে খেলপথাৰ বা নদীৰ পাৰ আদিৰ আশ্ৰয় নল’লে উপায় নাই।

অৱশ্যে কাহিলি পুৱাতে সদৰ ৰাস্তাৰ ওপৰতো জগিং কৰিব পাৰি। তেতিয়া যান-বাহনৰ চলাচল কমকৈ হয় অথবা বন্ধ থাকে। অৱশ্যে ফ্লেট আদিত বাস কৰাসকলে মুকলি চৌহদতো জগিং কৰিব পাৰে। বন্ধ কোঠালিত অভ্যাস কৰিব নালাগে।

অভ্যাসৰ সময় নিজ সুবিধা মতে কৰিব পাৰে। পুৱা ৪-৬ বজাৰ ভিতৰত, আবেলি ৩-৫ বজাৰ ভিতৰত আৰু সন্ধ্যা ৫-৬ বজাৰ ভিতৰত। পুৱাৰ সময় বেছি ফলদায়ক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আবেলি ৩-৫ বজাই প্ৰশস্ত সময়।

জগিং অভ্যাস খালীপেটে কৰা ভাল। আবেলি আৰু সন্ধ্যা অভ্যাস কৰিলে আহাৰ খোৱাৰ ৪ ঘন্টা মান পিছতহে কৰিব লাগে।

জগিং এক প্ৰকাৰৰ উপযোগী ব্যায়াম। যোগ ব্যায়াম বা আন ব্যায়ামৰ শাৰীত নপৰে যদিও যিসকলে আন ব্যায়ামৰ শাৰীত নপৰে যদিও যিসকলে আন ব্যায়াম কৰিবলৈ সময় নাপায়, তেওঁলোকে ২০ মিনিট বা ৩০ মিনিট জগিং অভ্যাস কৰিলে উপকাৰ পাব আৰু দিনটোলৈ মনটো ৰঙিয়াল হৈ থাকিব।

জগিং কৰিলে বহুতো উপকাৰ পোৱা যায়।

*মাংসপেশীৰ কঠিনতা দূৰ হয়। দুৰ্বলতা আঁতৰাই শৰীৰ সবল আৰু সুঠাম কৰে।

*আজিকালি চিনেমা বা থিয়েটাৰ কৰা শিল্পীসকলেও নিয়মিত জগিং কৰে বা যোগ ব্যায়াম কৰে। যাৰ বাবে তেওঁলোক সুস্থ হৈ থকাৰ উপৰিও শৰীৰ সুঠাম হৈ থকাৰ বাবে যৌৱন দীপ্ত হৈ দেখনীয়াৰ হৈ থাকে।

*সাধাৰণ লোকৰ বাবেও ই অতি ফলদায়ক। হাড়ৰ জোৰা, মাংসপেশী শক্তিশালী কৰে। ছালৰ সৰু ৰন্ধ্ৰবোৰ মুকলি কৰি ৰাখে। ইয়াৰ ফলত ছালৰ বিন্ধাইদি ঘাম নিগৰে। শৰীৰৰ পৰা ঘাম ওলাই যোৱাটো অতি প্ৰয়োজন।

*যিসকলে শৰীৰৰ ঘাম ওলোৱা ব্যায়াম নকৰে বা কোনো শাৰীৰিক পৰিশ্ৰম নকৰে, বহি শুই এলেহুৱা জীৱন কটায়, তেওঁলোকৰ উচ্চ ৰক্তচাপ বা হাৰ্ট এটেক হোৱা দেখা যায়(চিকিৎসা শাস্ত্ৰমতে)।

*আন উপকাৰসমূহ- ছালৰ কোমলতা বা উজ্জ্বলতা বাঢ়ে। শৰীৰৰ প্ৰতিটো অংগলৈ(কোষ) তেজ চলাচল বৃদ্ধি কৰে। স্বাভাৱিক উত্তাপৰ সমতা ৰাখে।

*হাত-ভৰিৰ বিভিন্ন বিভিন্ন অংশৰ কাৰ্যক্ষমতা বাঢ়ে। বিষ বেমাৰ, যেনে- চায়েটিকা বাত বা যিকোনো অংগৰ বিষ দূৰ হয়। বিষ নিৰাময় কৰা ঔষধ সেৱন কৰাতকৈ ব্যায়াম কৰিলে ফলাফল দীৰ্ঘস্থায়ী হয়।

*ৰাজহাড় নমনীয়া, সবল আৰু শক্তিশালী হয়। বৃক্কৰ কাম-কাজ ভাল হয়। পিঠিৰ কুঁজ নাইকিয়া হয়। হজম শক্তি বৃদ্ধি কৰে।

*বিশেষকৈ হৰমোনৰ বিসংগতিৰ ফলত হোৱা ৰোগ দূৰ কৰে। মানৱ শৰীৰত হৰমোন ঠিকে থকা মানে যৌৱনদীপ্ত হৈ থকা। বৃদ্ধ অৱস্থাপ্ৰাপ্তি লেহেমীয়া হয়।

*শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰে। কম ওজন থাকিলে বয়স বাঢ়ে, বেছি থাকিলে কমে। অৱশ্যে শৰীৰৰ ওজন কম-বেছি হৈ থকাটো স্বাস্থ্যৰ লক্ষণ নহয়।

মেদবহুল ব্যক্তিসকলে জগিং অভ্যাস কৰিলে কম সময়ৰ ভিতৰতে মেদ দূৰ হয় আৰু শৰীৰ কমনীয় হয়। লগতে কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস হয়। টোপনিও ভাল হয়, মানসিক অৱসাদ পলাই ফাট মাৰে।

উচ্চ ৰক্তচাপ থকা ডায়েবেটিচ ৰোগীসকলে দৈনিক জগিং অভ্যাস কৰি এনে ৰোগ নিৰাময় কৰিব পাৰে। ইউৰিক এচিড পৰিমাণো কমায়।

জগিং অভ্যাস কৰাৰ পিছত ঠাণ্ডা পানী(বৰফ) বা শীতল পানীয় খাব নালাগে। এঘন্টামান পিছতহে স্নান কৰা ভাল। শৰীৰত তাপ মাত্ৰা নিয়মীয়া হয়। ভাগৰ দূৰ হৈ শৰীৰ মনলৈ সতেজতা আহে। অৰ্থাৎ মন ভৰি পৰে।

শাৰীৰিকভাৱে দুৰ্বল হ’লে, উচ্চ ৰক্তচাপ বেছি থাকিলে- এজমা, হৃদৰোগত আক্ৰান্ত হ’লে বা জটিল অস্ত্ৰোপচাৰ কৰা থাকিলে জগিং নকৰাই ভাল।

মহিলাসকলৰ ঋতুস্ৰাৱ হৈ থকা অৱস্থাত বা গৰ্ভ অৱস্থাত জগিং কৰিব নালাগে। লাহে-ধীৰে খোজ কাঢ়িব পাৰে।

লেখক: প্ৰিয়েন্দ্ৰ তামুলী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)