চুলিৰ সমস্যা দূৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ হেয়াৰ পেক ব্যৱহাৰ হৈ থাকে। এই পোকসমূহৰ ভিতৰত মেহেন্দিৰ পেক অন্যতম। ইয়াৰ ব্যৱহাৰে চুলি সৰা ৰোধ কৰাৰ লগতে প্ৰাকৃতিকভাৱে চুলিৰ প্ৰকৃত ৰং আনি দিয়ে। আন এটি উপাদান হৈছে টেঙা দৈ। দৈৰ ব্যৱহাৰৰ ফলত চুলি কোমল-মসৃণ হয়, উফি নোহোৱা কৰি চুলিক স্বাস্থ্যৱান কৰি তোলে। বহুতেই জানে যে টেঙা দৈৰ অনেক উপকাৰিতা আছে। পিছে টেঙা দৈৰ পেকে অকল উফি ৰোধ কৰাই নহয়, চূলিৰ বহুধৰণৰ সমস্যা দূৰ কৰাত সহায়ো কৰে। আহকচোন, প্ৰাকৃতিকভাৱে তৈয়াৰী টেঙা দৈৰ পেকৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰৰ উপকাৰিতাৰ বিষয়ে অলপ জানো আহক-

(১) চুলিক মসৃণ-কোমল কৰিবলৈঃ

টেঙা দৈ, নাৰিকল তেল আৰু এল’ভেৰাৰ জেল ভালকৈ মিহলি কৰি এটা পেক প্ৰস্তুত কৰিব পাৰে। এই পেকটো চুলিত ব্যৱহাৰ কৰক। ১৫ মিনিটমান পাছত চেম্পু কৰি চুলি ধুই পেলাওক। প্ৰাণহীন, নিৰ্জীৱ, ৰুক্ষ চুলিক মসৃণ-কোমল আৰু মইশ্বাৰাইজাৰ কৰি তুলিব এই পেকটোৱে। নিয়মিত ব্যৱহাৰে চুলিৰ ৰুক্ষতা দূৰ কৰি আপোনাক কৰি তুলিব স্বাস্থ্যৱান চুলিৰ অধিকাৰী।

(২) চুলি সৰা ৰোধ কৰিবলৈঃ

চাৰি ভাগৰ এভাগ মিথি গুড়িৰ লগত ১ কাপ টেঙা দৈ মিহলি কৰি এটা পেক প্ৰস্তুত কৰিব পাৰে। মূৰৰ তালুসহ সম্পূৰ্ণ চুলিত এই পেক ব্যৱহাৰ কৰক। পেক সপ্তাহত এদিন ব্যৱহাৰ কৰক। ইয়াৰ ব্যৱহাৰে চুলি সৰাত ৰোধ কৰিব।

(৩) ৰুক্ষতা দূৰ কৰিবলৈঃ

টেঙা দৈ, বাদাম তেল আৰু এটা কণী ভালকৈ মিহলি কৰি এটা পেক ব্যৱহাৰ কৰিব পাৰে। এই পেকটো চুলিৰ গুৰিৰ পৰা সম্পূৰ্ণ চুলিকোছাত ভালকৈ লগাই থওক। ৩০ মিনিট পাছত চুলিখিনি চেম্পু কৰি ল’ব। কণী পুষ্টিকৰ উপাদান আৰু বাদাম তেলে ৰুক্ষতা দূৰ কৰি আপোনাৰ চুলিক ছিল্কি কৰাত সহায় কৰিব।

(৪) উফি নোহোৱা কৰিবলৈঃ

মূৰৰ তালুৰ ৰুক্ষতা আৰু উফি দূৰ কৰিবলৈ এই পেকটো বহলাংশে লাভদায়ক। ৩ টেবুল চামুচ অলিভ অইল টেঙা দৈৰ লগত মিহলি কৰি এই পেকটো প্ৰস্তুত কৰিব পৰা যায়। পেকটো মূৰৰ চাৰিওফালে চক্ৰাকাৰে মেছেজ কৰক। ৩০ মিনিট পাছত চেম্পুৰে ধুই পেলাব। পেকটো সপ্তাহত দুবাৰ ব্যৱহাৰ কৰক। এনেধৰণৰ প্ৰাকৃতিক গুণসম্পন্ন পেক ব্যৱহাৰে কোনোধৰণৰ পাৰ্শ্বক্ৰিয়াই দেখা নিদিয়ে আৰু আপুনিও মাত্ৰাধিক খৰচৰ পৰাও ৰক্ষা পাব।

লেখকঃ ৰমেন দত্ত

উত্সঃ অসমীয়া খবৰ