চুলিৰ বাবে ১২ কৌশল তলত দিয়া হ’ল: শ্বেম্পু কৰাৰ পাছত মাজে মাজে কণ্ডিচনাৰ লগোৱা প্ৰয়োজন। কণ্ডিচনাৰ সদায় চুলিৰ মাজৰ পৰা লগাব। গুৰিত নলগাব। সপ্তাহত এবাৰ চুলিত তেল লগাব। তেল লগাই বাহিৰলৈ নোলাব। সপ্তাহত এবাৰ চুলিত গৰম তেলৰ ভাপ দিব। তিতা চুলি কেতিয়াও ফণিয়াব নালাগে। চুলি কেঁকোৰা যদি বিশেষজ্ঞৰ পৰামৰ্শ লৈ হেয়াৰ ছিৰাম কৰিব লাগে। শ্বেম্পু আৰু কণ্ডিচনাৰ পৃথকে পৃথকে ব্যৱহাৰ কৰিব। শ্বেম্পু আৰু কণ্ডিচনাৰ দুয়োটা গুণ একেটা বটলত থকা শ্বেম্পু ব্যৱহাৰ কৰিলে সঠিক ফলাফল লাভ কৰিব নোৱাৰি। সুস্বাস্থ্যৰ বাবে যিদৰে সঠিক খাদ্যৰ প্ৰয়োজন, ঠিক তেনেদৰে সুস্থ চুলিৰ বাবেও প্ৰচুৰ পৰিমাণে প্ৰ’টিন থকা খাদ্য খোৱা প্ৰয়োজন। প্ৰতিটো ঋতুতে চুলিৰ বাবে পৃথক আৰু বিভিন্ন যত্নৰ প্ৰয়োজন। ভালদৰে যত্ন নল’লে চুলি সৰা, উফিৰ বাবে চুলি দুৰ্বল হৈ পৰা সমস্যাৰ সৃষ্টি হয়। চুলি পকাৰ প্ৰধান কাৰণটো হৈছে মানসিক উৎকন্ঠা। অকালপক্কতা ৰোধ কৰিবৰ বাবে হেনা লগাব লাগে। সেউজীয়া শাক-পাচলি অধিক পৰিমাণে খাব লাগে। হেনা লগালে এঘন্টাতকৈ বেছি সময় নলগাব। কিয়নো হেনাই চুলি শুষ্ক কৰে। ফলত চুলি সৰা সমস্যা হয়। ঘৰুৱা প্ৰাকৃতিক উপায়েৰে চুলি সুস্থ কৰি ৰাখিবলৈ যত্ন কৰিব, কিন্তু শুদ্ধ নিয়ম নজনাকৈ এইবোৰ ব্যৱহাৰ নকৰিব। অধিক গৰম পানী চুলিৰ বাবে ক্ষতিকাৰক। শীতকালত সামান্য কুহুমীয়া পানীৰে চুলি ধুব। এইবোৰ কথাত গুৰুত্ব দিলে চুলিৰ কোনো সমস্যা নহয়। লেখিকা: ববী কলিতা, সম্ভাৰ, অসমীয়া প্ৰতিদিন।