আজিকালি সততে আলোচিত স্বাস্থ্যজনিত সমস্যাবোৰৰ অন্যতম হল চুলি সৰা সমস্যা। যেতিয়া আমি অনুভৱ কৰিব ধৰোঁ যে চুলিবোৰ সৰিব ধৰিছে বা পাতল হব ধৰিছে, তেতিয়াহে আমাৰ চুলিখিনিৰ প্ৰতি সাংঘাতিক মৰম উপজিব ধৰে। সৰিব ধৰা চুলিখিনি বচাবলৈ আৰু নতুন চুলি গজাবলৈ বিভিন্ন ব্যৱস্থা বিচাৰি হাবাথুৰি খাওঁ। চুলি এদিনতে সৰিব নধৰে আৰু বহু কাৰণৰ ফলতহে চুলি সৰে। গতিকে আমি নজনাকৈয়ে বহু আগৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ হয়। প্ৰায়ে আমি শৰীৰৰ যত্ন লওঁতে চুলিখিনিৰ প্ৰতি উদাসীন হওঁ আৰু সুস্থ সৱল চুলি পাবলৈ মানি চলিবলগীয়া নিয়ম সমূহ এৰাই চলোঁ। যিদৰে প্ৰায়ক্ষেত্ৰতে আমাৰ দীৰ্ঘদিনীয়া অযত্নৰ বাবে চুলি সৰে, সেয়ে ইয়াক পুনৰ ঘূৰাই পাবলৈও নিশ্চয় যত্ন আৰু সময়ৰ প্ৰয়োজন হয়। গতিকে ক্ষন্তেকীয়া উপায়ৰ দ্বাৰা সৰা চুলি গজাব বিচাৰিলে নিশ্চয় সফল হব নোৱাৰি। লিখনিটো চুলিখিনিক প্ৰয়োজনীয় শৰীৰৰ অংশ বুলি আমি যাতে সমানে আদৰ কৰাৰ অভ্যাস কৰোঁ সেই উদ্দেশ্যে লিখা হৈছে। থুলমুলকৈ চুলি সৰাৰ প্ৰধান কাৰণ সমূহ হল - হৰমনৰ বিসংগতি(যেনে-এষ্ট্ৰজেন, ডাই হাইড্ৰ টেষ্টষ্টেৰণ, থাইৰয়ড আদি), বিভিন্ন ধৰণৰ সংক্ৰমণ(যেনে- fungal infection, folliculitis আদি), আইৰণৰ অভাৱত হোৱা ৰক্তাল্পতা, শৰীৰৰ ওজন কমাবলৈ খোৱা বোৱা কমকৈ কৰা, বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধৰ পাৰ্শ্বক্ৰিয়া, অত্যধিক শাৰীৰিক কষ্ট তথা পৰিশ্ৰম, মানসিক চাপ, প্ৰটিন জাতীয় খাদ্য কমকৈ গ্ৰহণ কৰা, চুলিৰ সঠিক ভাৱে যত্ন নোলোৱা, প্ৰদূষিত পানী ব্যৱহাৰ কৰা, প্ৰদূষিত বাতাবৰণ, চুলিত সৌন্দৰ্য চৰ্চাৰ নামত মূৰৰ ছালখনৰ তথা চুলিৰ ক্ষতি সাধন কৰিব পৰা বিভিন্ন দ্ৰৱ্য ঘঁহা ইত্যাদি। কেতিয়াবা ই বংশগত ভাৱেও দেখা যায়। আয়ুৰ্বেদত বৰ্ণিত খালিত্য ৰোগ - অতি বেছি চুলিসৰা সমস্যাটোক আয়ুৰ্বেদত খালিত্য নামৰ শিৰোৰোগ(disease related to head) হিচাপে বৰ্ণনা কৰা হৈছে। ৰোমকুপগত বা কেশমূলগত পিত্ত বিভিন্ন কাৰণত দূষিত হৈ ইতিমধ্যে দূষিত হৈ থকা বাতদোষৰ লগত লগ লাগি চুলিবিলাক ইয়াৰ মূল অংশতে নষ্ট কৰি দিয়ে আৰু চুলি সৰা আৰম্ভ হয়। পিছলৈ দূষিত কফ আৰু ৰক্তই মিলি চুলিৰ মূল(Root) অংশ আৱৰি ধৰি সম্পূৰ্ণ বন্ধ কৰি দিয়ে। যাৰ ফলত চুলি নতুনকৈ গজিব নোৱাৰে। সেয়েহে পিত্ত শামক আৰু পাচন প্ৰক্ৰিয়া সুচাৰু ভাবে চলাই নিব পৰা বিভিন্ন আহাৰ বিহাৰ আৰু ঔষধ ইয়াৰ বাবে ব্যৱহাৰ কৰা হয়। চুলি বেছিকৈ সৰিব ধৰিলে আমাৰ কৰণীয় কি - প্ৰথমে আমি এজন চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চুলি সৰাৰ প্ৰকৃত কাৰণ নিৰূপণ কৰি ইয়াৰ চিকিৎসা কৰিব পাৰিলে সোনকালে সুফল পাব পাৰি। আনহাতে আমাৰ অনাদৰৰ বাবে যদি সৰিব ধৰিছে তেন্তে সঠিক উপায়ে তাক পুনৰ সুস্থ কৰিবলৈ যত্নপৰ হোৱা দৰকাৰ। চিকিৎসা: চুলিসৰাৰ কাৰণ যিহেতু বিভিন্ন সেয়েহে ইয়াৰ চিকিৎসাও তদানুসাৰী বেলেগ বেলেগ হয়। আয়ুৰ্বেদত ইয়াৰ বাবে তলত উল্লেখ কৰা ধৰণে চিকিৎসাৰ প্ৰয়োগ কৰা হয়- স্থানীয়(local) চিকিৎসা: ইয়াৰ বাবে কিছুমান ঔষধি গুণযুক্ত তেল মূৰত লগাবলৈ দিয়া হয়। ব্রণ শোধন তেল, ভৃঙ্গৰাজ তেল, আমলখি তেল, ব্ৰাহ্মী তেল, বট জঁটাদি তেল, ভল্লাতক তেল আদি ইয়াৰ কিছুমান উদাহৰণ। গুৰুত্ব দিবলগীয়া কথাতো হল ইয়াৰ কিছুমান অত্যন্ত তীক্ষ্ণ গুণযুক্ত আৰু কিছুমান নিৰ্দিষ্ট চুলিসৰা ৰোগৰ বাবেহে ব্যৱহাৰ কৰা হয়। সেয়েহে চিকিৎসকৰ পৰামৰ্শ লৈহে ইয়াৰ প্ৰয়োগ কৰা উচিত। কিছুমান ক্ষেত্ৰত জোক চিকিৎসা (leech therapy) আৰু তিক্ত ক্ষীৰ বস্তি আদি চিকিৎসাৰ প্ৰয়োগ কৰিবলগীয়া হয়। নাকৰ ভিতৰত নিয়মিত ভাৱে ঔষধি গুণযুক্ত তেল প্ৰয়োগ কৰাৰ (আয়ুৰ্বেদত প্ৰতিমৰ্শ নস্য বুলি কোৱা হয়) উপদেশো কেতিয়াবা দিয়া হয়। আভ্যন্তৰীণ চিকিৎসা - চুলিসৰাৰ কাৰণৰ ওপৰত ভিত্তিকৰি বিভিন্ন খোৱা ঔষধ সেৱন কৰিব দিয়া হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পৰা ঔষধৰো প্ৰয়োগ কৰিবলগীয়া হয়। আয়ুৰ্বেদত চুলিক অস্থি ধাতুৰ পৰা উৎপন্ন হয় বুলি গণ্য কৰা হৈছে। সেয়েহে অস্থি(হাড়) ধাতুৰ সঠিক পুষ্টিৰ ওপৰত চুলিৰ অৱস্থা নিৰ্ভৰ কৰে। সেইবাবে বিভিন্ন অস্থি ধাতু পুষ্টি কৰিব পৰা ঔষধৰ ব্যৱহাৰো চুলিসৰা ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। চুলিৰ যত্ন লবলৈ কি কি কৰিব লাগে - পিত্ত বৰ্ধক অহাৰ যেনে চাহ, কফি, মদ জাতীয় দ্ৰৱ্য, ধূমপান, অত্যধিক তেল আৰু মছলাযুক্ত খাদ্য আদি বৰ্জন কৰিব লাগে। পৰ্যাপ্ত টোপনি যোৱা আৰু নিজকে মানসিক চাপ তথা উৎকণ্ঠা আদিৰ পৰা মুক্ত কৰি ৰখা। চুলিৰ গুৰিত লাহে লাহে মালিচ কৰা। সতেজ শাক পাচলি খোৱা। প্ৰটিন জাতীয় খাদ্য সঠিক পৰিমাণত গ্ৰহণ কৰা। সতেজ ফলমূল, গাখীৰ আদি নিয়মিত ভাৱে গ্ৰহণ কৰা। তিল আৰু তিলেৰে প্ৰস্তুত কৰা খাদ্য সময় অনুসৰি গ্ৰহণ কৰা। পৰ্যাপ্ত পৰিমাণৰ ভিটামিন C থকা খাদ্য গ্ৰহণ কৰা উচিত। ই এন্টি অক্সিডেন্ট হিচাপে কাম কৰাৰ ওপৰিও মূৰৰ চুলিৰ গুৰিবোৰ সক্ৰিয় কৰি ভালদৰে গজাত সহায় কৰে। আমলখি, মধুৰি আম, কমলা, নেমু টেঙা, আনাৰস, বিলাহী, আম, আঙুৰ আদি ইয়াৰ প্ৰধান উৎস। মেগনেছিয়াম যুক্ত খাদ্য গ্ৰহণ কৰাটো আন এটা গুৰুত্ব দিব লগীয়া কথা। শৰীৰত ইয়াৰ কম মাত্ৰাই চুলি সৰাত অৰিহনা যোগোৱাৰ লগতে হাড়ৰ গঠন দুৰ্বল কৰা, ভাগৰ লগা আদি বিসংগতিৰ সৃষ্টি কৰে। তিল, ৰঙালাওৰ গুটি, অমিতা, কল, কাজু আদিত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম পোৱা যায়। একেদৰে ভিটামিন D, আইৰণ আৰু ভিটামিন B12 চুলিৰ সুস্বাস্থ্যৰ বাবে অতি জৰুৰী। সেউজীয়া শাক পাচলি, মাংস, গাখীৰ, গাখীৰৰ পৰা তৈয়াৰী খাদ্য, কণী, মাছ, য়োগাৰ্ট(yogurt) আদিত এনে উপাদান সমুহ পোৱা যায়। স্নিগ্ধ দ্ৰৱ্য(তেল, চৰ্বী জাতীয়) আমাৰ শৰীৰ আৰু চুলিৰ বাবে এক জৰুৰী উপাদান। বিভিন্ন প্ৰকাৰৰ ভিটামিন কেৱল এনে দ্ৰৱ্যৰ উপস্থিতিতহে শৰীৰৰ কামত আহে। মাছ, বাদাম, তিল, ৰঙালাওৰ গুটি, নাৰিকল, সৰিয়হ আদি স্বাস্থ্যকৰ চৰ্বিৰ প্ৰাকৃতিক উৎস। আয়ুৰ্বেদত ঘী উত্তম খাদ্য হিচাপে গণ্য কৰা হৈছে। কি কি কৰিব নালাগে - চুলিত ৰং কৰা(hair dye), হেয়াৰ দ্ৰায়াৰ ব্যৱহাৰ কৰা, চুলি কেঁকোৰা কৰা আদি কামবোৰ যিমান পাৰি কমাব লাগে। চুলি কেতিয়াও খুব জোৰেৰে মালিচ কৰিব নালাগে। ভিজা অৱস্থাত চুলি ফণীয়াব নালাগে। যিবোৰ হেয়াৰ ষ্টাইলৰ বাবে চুলিত খুব বেছি জোৰ পৰে তেনে ষ্টাইল নকৰাই ভাল। উগ্ৰ চেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ নকৰাই ভাল। চুলিৰ যত্ন লবলৈ সহজতে গ্ৰহণ কৰিব পৰা কিছুমান ফলপ্ৰসু উপায়: এৰণ্ড তেল(castor oil) সামান্য গৰম কৰি চুলিৰ গুৰিত মালিচ কৰিব। এখন গৰম পানীত ভিজোৱা টাৱেলেৰে 20 মিনিট সময় মেৰিয়াই ৰাখি ভালদৰে ধুই দিব। তেলৰ লগত সামান্য নেমুৰ ৰস মিহলাব পাৰে। সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে। পিয়াঁজৰ ৰস আমি সকলোৱে চুলিত লগাও। ইয়ো অতি উপকাৰী বিধান। সপ্তাহত এবাৰকৈ 15 মিনিটমান সময় লগাব। ইয়াৰ লগত 2 চামুচ মৌ মিহলায়ো লব পাৰে। চুলি যেতিয়া চেম্পুৰে ধোৱে তাৰ পিছত Apple cider vinegar চুলিত লগাব। তাৰ বাবে এক লিটাৰ পানীত 75 ml এই ভিনেগাৰ মিহলাই লব। ঘৰত থকা ঘৃত কুমাৰীৰ পাতৰ পৰা বিজলুৱা অংশটো উলিয়াই চুলিৰ গুৰি আৰু চুলিত লগাই থৈ এঘন্টা মান পিছত ভালদৰে ধুই দিব। সপ্তাহত দুই তিনি দিন ব্যৱহাৰ কৰিব পাৰে। এটা গ্ৰীণ টি বেগ সাত আঠ মিনিটমান এক গিলাচ গৰম পানীত তিয়াই থৈ সেই পানীখিনি কুহুমীয়া অৱস্থাত চুলি আৰু চুলিৰ গুৰিত ভালদৰে এঘন্টা মান লগাই ৰাখিব। পিছত ভালদৰে পানীৰে ধুই দিব। যিদিনা চেম্পু কৰে তাৰ পিছত সেইদিনাই ইয়াক লগাব। চাউল তিয়াই থোৱা পানীত ভিটামিন E, K, B6 আৰু প্ৰটিন থাকে বুলি কোৱা হয়। অলপ চাউল ভালদৰে ধুই 15-20 মিনিটমান সময় তিয়াই থব। তাৰ পিছত ভালদৰে মোহাৰি চেকি লৈ পানীখিনিৰে মূৰটো কেইমিনিটমান মালিচ কৰি ভালদৰে ধুই দিব। যদি লাগে চেম্পুৰে ধুব। সপ্তাহত দুদিন কৰিব পাৰে। এটা কণী, এক চামুচ অলিভ অইল, এক চামুচ মৌ একেলগে মিহলাই 20 মিনিটমান মূৰত লগাই ৰাখি ভালদৰে চেম্পুৰে ধুই দিব। সপ্তাহত এবাৰ কৰিব পাৰে। মধুৰীআমৰ সতেজ পাত এমুঠি, এক লিটাৰ পানীত ভালদৰে উতলাই ঠাণ্ডা হলে চেকি লব। চেম্পুৰে মূৰ ধোঁৱাৰ পিছত চুলিখিনি ভালদৰে শুকুৱাই লৈ এই পানীৰে পুনৰ কেইমিনিটমান সময় চুলি আৰু মূৰটো মালিচ কৰি 2-3 ঘন্টামান ৰৈ পানীৰে ধুই দিব। প্ৰত্যেক সপ্তাহতে এবাৰকৈ কৰিব পাৰে। 4 চামুচ ভাল হালধি পাউদাৰ, এক কাপ গাখীৰ আৰু দুই চামুচ মৌ ভালদৰে মিহলাই 30 মিনিটমান মূৰত লগাই ৰাখি ভালদৰে চেম্পুৰে ধুই দিব। সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে। এমুঠি নৰসিংহৰ পাত আধা কাপ নাৰিকলৰ তেলত কম জুইত গৰম কৰিব। যেতিয়া পাতখিনি জ্বলি কলা হব তেতিয়া নমাই থৈ ঠাণ্ডা অৱস্থাত চেকি লব। এই তেলেৰে কেইমিনিটমান চুলি আৰু গুৰিত মালিচ কৰি এঘন্টা পিছত ধুই দিব। ই চুলি পকা কমোৱাটো সহায় কৰে। সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে। অলপ মেথি গুটি ৰাতি তিয়াই থৈ পিছদিনা বটি মূৰত আধাঘণ্টা মান লগাই ৰাখিব। চেম্পু নোহোৱাকৈ পানীৰে ধুই দিব। সপ্তাহত দুবাৰ লগাব পাৰে। ই উফি কমোৱাটো সহায় কৰে। কেঁচা নাৰিকলৰ গাখীৰ উলিয়াই মূৰত কমেও আধাঘন্টা মান লগাই থব। তাৰপিছত পানীৰে ধুই দিব। সপ্তাহত এবাৰকৈ কৰিব পাৰে। আমলখি ৰস বা পাউদাৰৰ লগত দুই তিনি চামুচ নেমুৰ ৰস মিহলাই আধাঘন্টা মান মূৰত লগাই ৰাখি পিছত পানীৰে ধুই দিব। চুলি পকা ৰোধ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। জবা ফুলৰ পাহি বটি অলপ মান নাৰিকল তেলৰ লগত মিহলাই 2 -3 ঘণ্টা মান মূৰত লগালেও সুন্দৰ লাভ হয়। আমাৰ অমনোযোগিতাৰ ফলত বা চুলিৰ স্থানীয় সাধাৰণ সমস্যাৰ বাবে যদি চুলি সৰিব ধৰে, তেন্তে উপৰোক্ত আটাইবোৰ উপায়েৰে চুলিখিনি সুস্থ কৰি ৰাখি অকালতে সৰাৰ পৰা ৰক্ষা কৰিব পাৰি। কিন্তু যদিহে প্ৰয়োজনীয় যত্ন লোৱাৰ পিছতো অতি বেছিকৈ চুলি সৰিয়ে থাকে, সেয়া আন শাৰীৰিক অসুস্থতাৰ বাবে হব পাৰে। তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। আমি আমাৰ চুলিখিনিকো শৰীৰৰ এক অন্যতম অংশ বুলি ভাবি যত্ন আৰু মৰম কৰিলেহে একোছা সুন্দৰ চুলিৰ অধিকাৰী হব পাৰিম। লেখক: ডাঃ মৃণাল বৈশ্য উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ ফোন নং -9613747425