মগজুৰ ধুমুহাৰ চাকনৈয়াৰ নেটৱৰ্কৰ ই হৈছে জীৱনৰ এক অনাকাংখিত লগৰী! এই মানসিক টেনশ্যনৰ পৰা আমি কোনোৱেই কেতিয়াও হাত সাৰিব নোৱাৰো। ভাৱনাবোৰ যদি চিত্ৰনাট্য হয় তেন্তে এই টেনশ্যন থ্ৰি ডায়মেনচনৰ এখন ছবি যাৰ প্ৰতিম্বিম্ব মগজুৰ নিৰ্দেশত ৰেটেনাত প্ৰতিফলন হৈছে যদিও বিশেষ বিতচকুৰ অভাৱত দেখা পোৱা নেযায়!

এতিয়ালৈ জ্ঞাত জীৱ শ্ৰেষ্ঠ মানৱে হয়তো টেনশ্যনৰ সুফল নেটৱৰ্ক সৃষ্ট প্ৰানী! এই টেনচননো কি? ই এক মানিসিক বিষয় যাক নিজে সৃষ্টি কৰা উদ্বিগ্নতাৰ প্ৰতিফলন। আমাৰ মন হৈছে অতি দ্ৰুততম অনিত্য দ্ৰব্য, ই সৰ্ববিভূ। যিমান সুস্থিৰ মানুহ নহলেও এই মন অতি চঞ্চল। ইয়াৰ নিয়ন্ত্ৰণত থাকে ধী, ধৃতি, স্মৃতি। ইয়াৰ অনিয়নন্ত্ৰিত অবস্থাত সৃষ্টি হয় বিভিন্ন টেনশ্যন।

ই এক প্ৰজ্ঞাপৰাধহে ই আকৌ ধনাত্মক কৰ্মৰাজিৰ জীৱন শৈলীৰ সমস্যাৰ সমিধানৰ প্ৰতিফলন। সাধাৰণতে এটি পৰিয়ালত কেনেকৈ লৰা ছোৱালী কেইটাক খোৱা বোৱাৰ যতন, পঢ়া শুণা, মানুহ বনোৱাৰ এনেবোৰ সাধাৰণ টেনশ্যন থাকিবই দিয়কচোন।

নিহালৰ পৰীক্ষা আহিছে সি পঢ়াৰ টেনশ্যনত আছে, দিপশীখাৰ অ'ফিচৰ কামৰ টেনশ্যন, বুবুলৰ চাকৰিৰ টেনশ্যন, নিবাৰণৰো একেই টেনশ্যন, ঠিকাদাৰৰ বিলৰ টেনশ্যন, চিকিৎসকৰ লাইফ এন ডেথৰ টেনশ্যন, শিক্ষকৰ লৰা ছোৱালীৰ টেনশ্যন, হিমাৰ খেলৰ টেনশ্যন কালুৰ দেশ চলোৱাৰ টেনশ্যন, প্ৰেমৰ সাগৰত প্ৰমিক প্ৰেমিকাৰ যে ক'ত শত সহস্ৰ প্ৰণয়ৰ টেনশ্যন ইত্যাদি।

মোৰ এজন বন্ধু আছিল বৰ ৰোমান্তিক তেতিয়া আমাৰ বয়স ওঠোৰ বছৰমান হৈছিল বৰ চেনজিটিভ সময় সি মোক কলে যে তাৰ প্ৰেমত পৰি বহুত টেনশ্যন হৈছে মই জানিব মন কৰিলোঁ এইটোত বাৰু কি সমস্যা আহিব পাৰে বাৰু তেতিয়া সি কলে তাৰ প্ৰেমিকাক লৈ তাৰ হেনো কোনো টেনশ্যন নাই মাথোঁ তাৰ কথা বোৰ হেনো কোনোৱে শুণা মানুহ নাই তাৰ হেনো এইবোৰ কথা এটি গছৰ মুঢ়াৰ আগত হলেও কৈ থাকিবৰ মন! তাৰ এনেবোৰ কথা শুণি ময়ো পলাই পত্ৰং দিলো সি আৰু হয়তো টেনশ্যন ত পৰিছিল!

অন্যহাতে নিগেটিভ কিছুমান টেনশ্যন যেনে গিৰিয়েকৰ বিদেশ ভ্ৰমণত ঘৈণীয়েকৰ কোনো টেনশ্যন নোহোৱা কাৰনে তেওঁৰ নিজৰে টেনশ্যন, লগৰ ছোৱালীৰ আমেৰিকাত বিয়া হৈ গ'ল তাৰ বাবেই বান্ধৱীৰ টেনশ্যন, ফাচী বজাৰ পানবজাৰত ইমানবোৰ ধুনীয়া ছোৱালী কিন্তু ভেদেলাৰ কন্যা বিছাৰি নোপোৱাৰ টেনশ্যন, পাকিস্তানৰ জয় ভাৰতৰ পৰাজয়ৰ টেনশ্যন ইত্যাদি।

কিছুমান বিষয় টেনশ্যন মুক্ত কেতিয়াও হব নোৱাৰে ধৰিলওঁক লৰাজন বা ঘৰৰ মুখ্য মানুহ জনে সেনা বাহিনীত কাম কৰে অবিৰত বোৰ্ডাৰত যুজঁ চলি আছে তাক জানিশুনি ঘৰৰ মানুহৰ টেনশ্যন হবই দিয়কচোন।লৰাজন প্ৰচণ্ড বৰষুণৰ মাজেৰে দূৰনীৰ পৰা বাইক চলাই আহি আছে, হঠাৎ কিছুমান বেমাৰ হলে ইত্যাদি।

কিন্তু প্ৰেমত যদি বুজা বুজিৰ অভাব বা সন্দেহৰ ভাব হৈছে তেন্তে ভয়ংকৰ টেনশ্যনত হয়তো আপুনি হাবুডুবু খাবযে তাত সন্দেহ নাই!

এনেকুৱাই টেনশ্যনৰ অলেখ মহিমা। মনৰ ভাবনাত চিন্তিত হৈ সুখম নেটৱৰ্কৰ শৃংখলাবদ্ব ধাৰাবাহিক বিষয় বোৰেই হৈছৈ টেনশ্যনৰ মুল বিষয়।

ইয়াৰ ফলত-

*মানুহৰ ভ্ৰান্তি,

*অনিদ্ৰা,

*সহজতে খং উঠা,

*খিংখিঙিয়া স্বভাবৰ হৈ পৰা,

*কোনো কাম সুস্থিৰ ভাবে কৰিব নোৱাৰা,

*এলেহুৱা,

*অৰুচি,

*শাৰীৰিক দুৰ্বলতা,

*মৈঠুন ক্ষমতা হ্ৰাস হোৱা,

*মানসিক ভাৰসাম্য হীনতা ইত্যাদি হব পাৰে।

এই টেনশ্যনৰ ফলত বিভিন্ন বেমাৰৰ দেহত আবিৰ্ভাৱ হয় যেনে-

*ষ্ট্ৰেচ আলচাৰ,

*ডায়েবেটিচ,

*হাইপাৰ টেনচন,

*ষ্ট্ৰোক,

*ইনচোমনিয়া,

*ভাৰ্টিগো ইত্যাদি।

প্ৰথমতে প্ৰতিকাৰ হিচাবে ইয়াৰ কাৰনটো উলিয়াই তাক মনত পাতল কৰি লব লাগে আৰু ইয়াৰ পৰা আতৰি থাকিবলৈ সদায়েই যত্ন কৰিব লাগে। ইয়াৰ বাবেই লাগিব উপযুক্ত মানসিক বন্ধু।বন্ধুত্ব মানেই সাইলাখ জিনা মৰনা তেৰে সংগ এনেকুৱা।

উপযুক্ত বন্ধুৱে মনৰ খোলা আলোচনাৰে চিন্তাৰ শিকলিদালৰ ৰিংবোৰ মজবুত কৰি কিছু পৰিমাণে টেনশ্যন লাঘব কৰিব পাৰি।

ৰিক্ৰিয়েচনৰ দ্বাৰাও এই টেনশ্যন কমাব পাৰি। ভ্ৰাম্যমাণৰ সচা অভিনয়, সৰু পৰ্দা বা চিনেমাৰ অভিনয়, ভ্ৰমণ, সভা সমিতিত যোগদান, খেল খেলা বা উপভোগ কৰা আদিৰ দ্বাৰা এই টেনশ্যন বহু খিনি কমাব পৰা যায়।

অষ্টপদ যোগৰ ভিতৰত ধ্যান ধাৰনা বা যোগ মুদ্ৰা ৰ দ্বাৰা এই টেনশ্যন কমাব পাৰি, অনুলোমণৰ দ্বাৰা বিশুদ্ধ বায়ু সেৱন ইয়াৰ বাবে মহৌষধ। দৈনন্দিন যাতে কমেও ছয় ঘন্টা টোপনি আহে টেনচিফ মানুহ জনৰ তাৰ প্ৰতি ধ্যন ৰাখিব লাগে।

এই টেনশ্যন বিষয়টো সম্পূৰ্ণ মানসিক হোৱা হেতুকে অত্যন্ত জটিল বিষয় ইয়াৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পাবলৈ এশ শতাংশই মনৰ দৃঢ়তা লাগিবই আনহাতে এই জটিল বিষয় টোৱে মানহজনক তিলতিলকৈ হত্যা কৰাৰ লেখিয়াই যে হয় ইয়াক নুই কৰিব নোৱাৰি।

"চিকিৎসকৰ ডায়েৰী" "আলজেইমাৰ"-

ভাত খাই উঠিয়েই গৃহীনিক পুনৰ প্ৰশ্ন, "হেৰা মোক ভাত কেতিয়া দিবা" ? পৰিয়ালৰ সদস্যকে অবান্তৰ প্ৰশ্ন আপুনি কেইদিনমান থাকিব নেকি? আন এজনক হয়তো আপোনাৰ নামটো কি আছিল ইত্যাদি!

প্ৰায়ে বৃদ্ধ বয়সত হঠাতে মানসিক ভাৰসাম্য হেৰুৱাই এনেকুৱা অবান্তৰ প্ৰশ্ন কৰা এক ভয়ংকৰ মানসিক ৰোগে হৈছে আলজেইমাৰ। দেখাত একোৱেই পৰিবৰ্তন নোহোৱা ব্যক্তিগৰাকী হঠাতে কিছুমান এনেকুৱা ব্যৱহাৰ দেখাই সেয়া ভাবিলে আচৰিত নলগা নহয়!

জীৱনৰ অতিৰিক্ত কামৰ চাপত মগজুৰ কোষ সমূহৰ ক্ষয় বা শুকাই এনেকুৱা ভয়ংকৰ পৰিবৰ্তন হৈ এই ৰোগৰ সৃষ্টি হয় বুলি ধৰি লোৱা হৈছে। এই ৰোগত মানুহজন বা মানুহ গৰাকীয়ে বহু পুৰণি কথাও বা সৰু কালৰ ইতিবৃত্তও মনত ৰাখিব পাৰে অথচ নতুন দৈনন্দিন ব্যৱহাৰিক কথাবোৰ মনত পেলোৱাত বহু অসুবিধা পাই।

এক গবেষণাত অত্যাধিক অলাগতিয়াল ধাতুৰ অপ্ৰয়োজনীয় ব্যৱহাৰত এইবোৰ শৰীৰত প্ৰবেশ কৰি মগজুত অতিৰিক্ত ভাবে জমা হোৱাৰ ফলতে মগজু বিকল হৈ পৰে বুলিও গবেষক সকলে কবলৈ বিছাৰে।

বিশেষকৈ যিবোৰ মানুহে এলুমিনিয়াম ধাতূৰ বাচন বৰ্তন বেছিকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ মগজুত অতিৰিক্ত এলুমিনিয়াম জমা হৈ এই মাৰাত্মক আলজেইমাৰ বেমাৰ হোৱা বুলিও এটা গবেষণাৰ দ্ধাৰা ধাৰনা কৰা হৈছে।

সেয়ে আমি ৰন্ধা বঢ়াত যিমান পাৰো লো বা পিতল, তাম বা প্ৰাকৃতিক ভাবে পোৱা মাটিৰ বাচনহে ব্যাৱহাৰ কৰিব লাগে।

অতি সহজ সৰল হাঁহিমুখীয়া সুউচ্চ মানুহজন কৰ্ম সুত্ৰে মেঘালয় বা অসমৰ বিভিন্ন এলেকাৰ বিভিন্ন ঠাইত অতি জনপ্ৰিয় হৈ ডাক বিভাগৰ অতি গুৰুত্বপূৰ্ণ চাকৰি পোষ্ট মাষ্টৰ হিচাবে সুদীৰ্ঘ তেত্ৰিশবছৰ কাম কৰি অতি নিষ্ঠাৰে অবসৰ গ্ৰহণ কৰিছিল।

দুহেজাৰ দহ চনৰ জুন মাহৰ পাছ তাৰিখে প্ৰয়াত নৰনাথ দেৱ শৰ্মাৰ অবসৰৰ পোন্ধৰ বছৰ পাছত ব্যক্তিগত প্ৰায় পসত্তৰ বছৰ বয়সতে হঠাতে ইমান নিয়মানুবৰ্তিত মানুহ জনৰ স্বভাৱবোৰ সলনি হবলৈ ধৰিলে। প্ৰথমতে ইভিনিং বা মৰ্নিং ওৱাকত যাওঁতে ভৰিৰ চেন্দেল যোৰ বেলেগ বেলেগ পিন্ধি যাবলৈ ধৰিলে।

তাৰ পিছতে হঠাতে বিভিন্ন ধৰনৰ অলাগতিয়াল প্ৰশ্ন সমুহেৰে তেওঁৰ এই আলজেইমাৰ ৰোগৰ চিনাকি দিবলৈ ধৰিলে।

ঘৰৰ মুৰব্বী জনৰ হঠাতে হোৱা এনে পৰিবেশ কিমান বেদনাদায়ক ভুক্তভুগী সকলক বুজোৱাৰ প্ৰয়োজন হয়তো আছে বুলি মোৰ মনে নধৰে। বৰ দুখঃজনক এই ৰোগৰ লক্ষন সমূহ।

কৰ্ম সুত্ৰে চিকিৎসক তেওঁৰ ডাঙৰ লৰাজন যেতিয়া আবেলি এদিন ঘৰলৈ আহিছিল বাৰাণ্ডাত তেওঁৰ মুখেৰে এটা বাক্য ওলাই ছিল যিটো হয়তো লৰাজনৰ গোটেই জীৱন কাণত বাজি ৰৈ হয়তো ইতিহাস হৈ পৰিব যে দেওতাকৰ সেই বাক্য শাৰী "আপুনি কৰ পৰা আহিল "!

হায় ৰে সৰুৰে পৰাই বোকোচাত লৈ,চাইকেল মাৰি পোহ পাল দিয়া, গাঠিৰ ধনৰে পঢ়াই চিকিৎসক বনালা তুমি আৰু সুধিছা আপোনাৰ ঘৰ ক"ত? ভাবিচাওকচোন কিমান মৰ্মান্তিক হৃদয় বিদাৰক অনুভৱ হব পাৰে দেউতাকৰ এনে আচৰনত!

সচাকৈ শেষৰ ফালে অতি দুখলগা পৰিবৰ্তন হৈ শেষত মৃত্যুক সাৱতি লব লগা হয় এই আলজেইমাৰ ৰোগী সমুহে। এই ৰোগ আৰম্ভ হোৱাৰ পিছত তিনিৰ পৰা পাছ বছৰমানৰ ভিতৰত অতি গুৰুতৰ লক্ষণ সমুহ দেখা দি শেষত মৃত্যু বৰন কৰা দেখা যায়।

কাৰোবাৰ পৰিয়ালত যদি উক্ত লক্ষণযুক্ত ৰোগীৰ সন্ধান পইছে ততালিকে মানুহজনৰ গতি বিধিৰ ওপৰত নজৰ ৰাখক আৰু পয্যাপ্ত পৰিমাণে মানসিক আৰু শাৰীৰিক যত্ন ৰাখক।

ইয়াৰ বাবে মানুহজনক অকলশৰীয়া কৈ থাকিব নিদি পৰিয়ালৰ আন সদস্যৰ মাজত ৰাখি মানসিক বল বঢ়াই তুলিব লাগে।

প্ৰাণায়াম, ধ্যাণ, ধাৰনা বা বিভিন্ন আসন মুদ্ৰাত মনোযোগ বঢ়াই তুলিব পাৰিলে ভাল ফল পোৱা যায়। অকলশৰীয়া কৈ কৰবাত ওলাই গলে মানুহ জনৰ বাট হেৰুওৱা ভয় থাকে গতিকে কলৈকো অকলশৰীয়া কৈ যাব দিব নেলাগে।

মানসিক চিকিৎসকৰ পৰামৰ্শ লৈ ষ্ট্ৰেচক'ম, ট্ৰৈঙ্কুলাইজাল, বিভিন্ন ৰসায়ন আদিৰ প্ৰয়োগত কিছু পৰিমাণে সুফল পোৱা যায়।

*ইনচোমনিয়া,

*ভ্ৰম,

*ভ্ৰান্তি,

*শাৰীৰিক দুৰ্বলতা সমুহৰ কাৰনে বিভিন্ন ভিটামিন বা মিনাৰেলচৰ প্ৰয়োজনীয়তা আছে।

সদায় একাপ ৰাতিপুৱা ই আঙুৰৰ ৰস খাব পাৰিলে ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়। শিৰো বস্তি ইয়াৰ বাবে উপকাৰী লগতে মানুহ জনক সুষম আহাৰৰ লগতে পয্যাপ্ত পৰিমানে নিতৌ টোপনিৰ প্ৰয়োজন।

"চিকিৎসকৰ ডায়েৰী" "অকাল বাৰ্ধক্য" -

‘অনাকাংখিত বৃদ্ধ অবস্থা এক ভয়ংকৰ ৰোগ! মন কৰিবচোন কিছুমান মানুহ ছল্লিছ বছৰতে বৃদ্ধ হৈ পৰে আৰু কিছুমান আসী বছৰতো ডেকা হৈ থাকে! সোনকালে বৃদ্ধ হবলৈ জীৱ শ্ৰেষ্ঠ মানৱে কাহানিও কামনা নকৰে!

এই ইশ্বৰ প্ৰদত্ত জীৱনৰ যৌৱন ধৰি ৰাখিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখিবলৈ শাৰীৰিক আৰু মানসিক ভাবে দৃঢ় হৈ থাকিব লাগিব। এই খিনিতে হাঁহ কনীৰ নিচিনা শস্য' প্ৰবন্ধটো মনত পৰিল।

ইয়াত এজন মানুহে পোৱা কনীৰ দৰে শস্য এবিধৰ ফচল চাবলৈ মানুহৰ সোত বৈছিল। তাতে বৃদ্ধ মানুহ এজন দুদাল লাখুটিৰে আহিছিল তেওঁৰ দেউতাক এদাল লাখুটি আৰু কঁকাক আহিছিল লাখুটি বিহীন ভাবে সাধাৰণ মানুহৰ দৰে।

অৰ্থাৎ আটাইতকৈ বয়সষ্ক জন সম্পূৰ্ণ সুস্থ আৰু নিৰোগী আছিল আৰু বাৰ্ধক্যই তেওঁক চুব পৰা নাছিল।

সচাকৈ নিতিশিক্ষাত অন্যতম এই পাঠটো।যান্ত্ৰিক যুগৰ উপাদানৰ লগত নিজকে সম্পূৰ্ণ ৰবটৰ দৰে সমাৰোপন নকৰি অকনমান প্ৰকৃতিৰ লগত সহবাসৰ চেষ্টা কৰিব লাগে।

আগৰ দিনৰ মানুহৰ প্ৰকৃতিৰ লগত সহধৰ্মিতা কৰি জীৱন যাৱন, অকৃত্ৰিম আচাৰ ব্যৱহাৰ, আহাৰ বিহাৰ, নিতি নিয়ম, নিতৌ দিনচৰ্য্যা, ৰাত্ৰিচৰ্য্যা পালনৰ ফলত অকাল বাৰ্ধক্যই চুব পৰা নাছিল।

আমি যিমান পাৰোঁ প্ৰকৃতিয়ে দিয়া দ্ৰব্য ব্যৱহাৰ কৰিব লাগে, মানুহৰ দ্বাৰা সৃষ্ট দ্ৰব্য পৰিহাৰ কৰিব পাৰিলেই মঙ্গল।

প্ৰকৃতিৰ পাৰিপাৰ্শ্বিক পৰিস্তিতিত খাপ খুৱাই ৰাখি সকলো জীব গছ লতা পহু পক্ষী এইবোৰ টো আমাৰে এনচেষ্টৰ মানে বিজ্ঞান ভিত্তিত গবেষণা কৰিলে বান্দৰৰ আগৰ প্ৰজাতী সমুহো আমাৰে বংসধৰ তেন্তে আমাৰ ঘৰৰ গাইজনীক আমি পেহী বুলিয়েই মাতিলেও ভূল নহয় ছাগে!

যি কি নহওক কিয় এই সকলো জীবকে অদৃশ্য জনে নিদ্দিষ্ট আসুষ দিছে। যেনেদৰে মানুহক এশ বিশ বছৰ, কাছক আঢ়ৈ শ বছৰ, পৰুৱাক বাৰ দিন ইত্যাদি।

কিন্তু বিভিন্ন অজূহাতত ইয়াৰ তাৰতম্য হৈ পৰা দেখা যায়। জন্মৰ পিছৰে পৰা মানুহৰ বিভিন্ন সময়ত সলনি হৈ ক্ৰমে-

*নবজাতক,

*শিশু,

*বাল্যকাল,

*যৌৱনকাল,

*পৌঢ়া,

*বৃদ্ধ এইধৰনে অতিবাহিত কৰি মৃত্যু হয়।

ইয়াৰে যৌৱন কালেই হল তুলনামুলক ভাবে দীঘলীয়া আৰু মুখ্য তথা জীৱনৰ সবাতোকৈ শক্তিশালী সময়।

এই সময়ত শাৰিৰীক আৰু মানসিক শক্তি প্ৰচুৰ হয় কাৰনে মানুহৰ উদ্যম সাহস বাঢ়ি যায়। ৰোগ প্ৰতিৰোধৰ ক্ষমতা বাঢ়ি যায় বাবে বেমাৰ আজাৰো কম সয়।

এইখিনি সময়তে সুষম আহাৰ বিহাৰ বা নিতি নিয়ম শাৰীৰিক পৰশ্ৰম ব্যায়াম আদি কৰিলে মানুহ দীৰ্ঘায়ু হয়।

কিছুমান লোকে এই সময় খিনিতে প্ৰাচ্যত্যৰ বা লগাই ৰাগিয়াল বস্তু সেৱন কৰি আয়ুস কমাই। যিমান পাৰি মানুহৰ টেনচন কমাই আত্মসন্তুষ্টি প্ৰাপ্তি হব লাগে।

ভবিষ্যতৰ কথা ভাবি বৰ্তমান নষ্ট কৰিব নালাগে কিয়নো অনুমিতি কাৰনম অনুমানম মানে ভবিষ্যত এক অনুমান হে এনেকুৱা হব পাৰে নহবও টো পাৰে বুলি কিছুমান টেনচন এৰাই চলিব লাগে।

মানুহৰ খাদ্য নিতি সদায়েই সুষম হব লাগে। পাৰিলে শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ সুচাৰুভাৱে চলাই ৰাখিব লাগে।

*নিত্য কৰ্ম শৌচ,

*প্ৰশ্বাৱ,

*যৌনতা,

*মহিলাৰ মাহেকীয়াৰ নিয়মানু বৰ্তিতাৰ ওপৰত ধ্যান ৰাখিব লাগে।

ইয়াৰ বাবেই লাগিব জীৱন সাধনাৰ শৃংখলাবদ্ধতা। উদাহৰণস্বৰূপে আমাৰ আইতাহত প্ৰায় পাচকুৰি বছৰ জীয়াই থকাৰ ৰহস্যৰ আৰত তেওঁ সোনকালেই বিয়া হৈ দহ বাৰ জন লৰা ছোৱালী ৰ মাতৃ হোৱাৰ কথাটোৱো নুই কৰিব নোৱাৰি।

আজি আধুনিক যুগত আমি এটা বা দুটি সন্তান জন্ম দিব লগাত পৰিছে ইয়াৰ বিজ্ঞান সন্মত যুক্তিও আছে কিন্তু অন্যহাতে ইয়াৰ ফলত বিভিন্ন হৰমনৰ ইনবেলেন্স হৈ কিছুমান আধুনিক মহিলাই বিভিন্ন বেমাৰত ভোগাও দেখা যায় লগতে বিভিন্ন জন কামশীতল ও হৈ পৰা দেখা গৈছে।

মানুহৰ যেনেকৈ নিয়মীয়া খাদ্য, কাম, নিতি নিয়ম, আচাৰ ব্যৱহাৰৰ প্ৰয়োজন তেনেকৈ মানসিক সন্তুষ্টি আৰু শাৰীৰিক বিশ্ৰামৰো প্ৰয়োজন।

ইয়াৰ বাবে আমাৰ দৰে সাধাৰণ মানুহক দৈনন্দিন চলিবলৈ প্ৰয়োজনীয় অৰ্থ বা সময়োপ্ৰয়োজনীয় বিষয় সমুহো লাগিব দিয়কচোন। হলিউদ বা বলিউদৰ বেছিভাগ মানুহৰে বয়সৰ চাপ পৰা দেখা নেজাই মানে যৌৱন ধৰি ৰখাত সফল কিয়নো টি ভিটো লগালেই সত্তৰোৰ্ধৰ হিৰো বোৰেচোন ষোড়শী গাভৰুৰ লগত নাচি বাগি থকা নিতৌ দেখি আহিছোঁ হয়তো ইয়াৰ কাৰন অত্যাধিক আত্মসন্তুষ্টি।

আমাৰ দৰে সাধাৰণ মানুহৰ বয়সৰ চাপৰ কাৰন দৈনন্দিন পাই অহা টেনচনে প্ৰধান সেয়ে এই মাৰাত্মক মানসিক চাপ টেনচনক নিৰ্বাসন কৰিব লাগে, কেতিয়াবা জীৱনৰ অংক নিমিলিলে শুই দিব লাগে।

পৌৰাণিক কালতো বিভিন্ন সাধক মুণি সমুহে বিভিন্ন ধ্যানৰ দ্বাৰা এই বিষয় সমূহ এৰাই চলিছিল আৰু ইশ্বৰ প্ৰাপ্তিৰ জনমত শুনা গৈছিল।

তেনেদৰে শ্যাৱন মুণিয়ে তেওঁৰ সাধনা আৰু ভেষজ শ্যৱনপ্ৰ্যাস সেৱন কৰি এহেজাৰ বছৰ যৌৱন ধৰি ৰাখিছিল। কিন্তু আজিৰ প্ৰদূষিত দিনত বিভিন্ন খাদ্য নিতিৰ অসাবধানতাত অকাল বাৰ্ধক্যই গা কৰি উঠিছে।

বিভিন্ন ঠাইত পোৱা পানীৰ লগত মিহলি সীহ, ফ্ল'ৰাইড আদি মাৰাত্মক মৌল সমূহৰো কুপ্ৰভাৱৰ ফলতো আমাৰ জীৱনলৈ অকাল বাৰ্ধক্য আহিব পাৰে।

"চিকিৎসকৰ ডায়েৰী" "ইনফাৰটিলিটি" -

"যৌন তত্ত্ব আৰু কাম কলা এক জীৱনৰ এৰাই চলিব নোৱাৰা বিষয়! প্ৰাপ্তবয়স্কৰ সকলো জীৱে এই বিষয়ত জড়িত হৈ পৰে। মানুহৰ ক্ৰ'নলজিকেল বয়স তেওঁৰ জন্মৰ পৰা হিচাব কৰিলে এক দুই আশী নব্বৈ...।

আৰু বায়োলজিকেল বয়স কিছুমান মানুহ জন্ম সুত্ৰে বহুত বেমাৰ লৈ আহি জীৱন কাল চুটি হৈ পৰা দেখা যায় আৰু চাইকোলোজিকেল বয়স হৈছে যে এজন মানুহে চল্লিছ বছৰতে নিজকে বুঢ়া হোৱা বুলি ভাৱ কৰে।

এই স্বাভাৱিক ক্ৰ'নলোজিকেল জীৱন কালত যৌন ক্ষমতা পুৰুষৰ মধ্য কালছোৱাত আৰু মহিলাৰ কিছু সোনকালেই আৰম্ভ হৈ কিছু সোনকালেই শেষ হোৱা দেখা যায়।

বিভিন্ন পৰিবেশৰ কাৰনে বৰ্তমান মানুহৰ এই ইনফাৰটিলিটি মানে গৰ্ভধাৰন ক্ষমতা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। আমাৰ ওচৰত দৈনন্দিন অহা এই সম্বন্ধীয় ৰোগী সমুহক অধ্যয়ন কৰি কেইটামান কাৰন মনলৈ আহে।

যেহেতু আমাৰ সমাজত সন্তান জন্ম দিবলৈ বিবাহ নামৰ সামাজিক বান্ধোনৰ যোগেদি আহিব লগা হয় সেয়ে বিভিন্ন কাৰনত এই বিবাহৰ বহু দম্পতিয়ে সময়ত হব নোৱাৰাটোৱেই প্ৰধান কাৰন। তাৰোপৰি বিভিন্ন বায়োলোজিকেল বিসংগতি, ৰোগ, টেনচন, ৰাগিয়াল দ্ৰব্য সেৱন, বিভিন্ন কাৰনত স্বামী স্ত্ৰীৰ উপযুক্ত সময়ত মিলন হব নোৱাৰাটোও ইয়াৰ কাৰন হব পাৰে। সাধৰনতে মহিলা এজনীৰ প্ৰায় এঘাৰ বাৰ বছৰ বয়সত ৰিতু পৰ্ব আৰম্ভ হয় আৰু প্ৰায় আঠচল্লিছ পঞ্চাশ বছৰত শেষ হয় ।

ইয়াৰে প্ৰায় ওঠৰ বছৰৰ পৰা চল্লিচ বছৰৰ ভিতৰত গৰ্ভধাৰনৰ উপযুক্ত সময় হিচাবে বিবেচনা কৰা হয়।

কিন্তু ইয়াৰ আগতো ব পিছতো গৰ্ভধাৰন হব পাৰে। ৰিতু স্ৰাব কালৰো এক নিদ্দিষ্ট সময়তহে গৰ্ভধাৰন হব পাৰে।

সাধাৰণতে ৰিতুস্ৰাৱ হোৱা চৈধ্য দিনৰ দিনাখন মহিলাৰ এটি অণ্ডকোষৰ পৰা এটা ওভাম ৰিলিজ হয় আৰু ই ২৪-৪৮ ঘন্টা পুৰুষ শুক্ৰাণুৰ কাৰণে জৰায়ুত অপেক্ষা কৰে আৰু পালে গৰ্ভধাৰন হয়, নেপালে তাৰ পিছত ই নষ্ট হৈ যায় আৰু এইখিনি সময়ে মহিলাৰ এটা মাহেকত উপযুক্ত গৰ্ভধাৰন সময়।

অন্যহাতে পুৰুষৰ শুক্ৰাণু ৫-৭ দিন পৰ্য্যন্ত মহিলাৰ শৰীৰত জীয়াই থাকিব পাৰে সেয়ে গৰ্ভধাৰন প্ৰক্ৰিয়াৰ সময় মহিলাৰ অণ্ডকোষৰ পৈনত হোৱাৰ সাত দিন আগৰ পৰা দুদিন পিছলৈ উপেক্ষা কৰা হয়।

যিবোৰ মহিলাৰ ঋতুস্ৰাব ২৮ দিনৰ পৰা ৩২ দিনৰ ভিতৰত হয় তেনেবোৰ মহিলাৰ মাহেকীয়া স্বাভাৱিক বুলি ধৰি লোৱা হয়।

সেয়ে এই সময়চোৱাত যদি পুৰুষ মহিলাৰ মিলন নহয় তেন্তে ফাটৰ্টিলিটি নহবও পাৰে। এনেবোৰ সাধাৰণ অজ্ঞতাৰ কাৰনতো বছৰ বছৰ ধৰি এহাল দম্পতিয়ে সন্তানৰ পৰা বিমুখ হব পাৰে । সেয়ে সন্তান বিছৰা দম্পতিয়ে প্ৰথমতে তেওঁলোকৰ সঠিক সময়ত মিলন হৈছে নে নাই মন কৰিব লাগে। সেয়ে ৰিতুস্ৰাৱৰ এক সপ্তাহ বাদ দি মাজৰ দুই সপ্তাহত নিতৌ মিলনৰ প্ৰতি ধ্যান ৰাখিব লাগিব কিয়নো সেই খিনি সময়ৰ ভিতৰতো মাথোঁ ২৪-৪৮ ঘন্টা সময়হে গৰ্ভধাৰনৰ কাৰনে মহিলা গৰকী সম্ভৱত সাজু হৈ পৰিব।

কৰ্ম ক্ষেত্ৰত স্বামী স্ত্ৰী আতৰি থকা,বিভিন্ন অজূহাতত এটা মাহৰ সেই মূল্যবান সময় খিনিত শুক্ৰাণু আৰু অ'ভাম মিলিত নোহোৱাটোও ইনফাৰিটিলিটিৰ প্ৰধান কাৰন হব পাৰে। তাৰোপৰি পুৰুষৰ শুক্ৰাণুৰ দুৰ্বলতা, ইয়াৰ অস্বাভাৱিক উপস্তিতিও অন্যতম কাৰন।

*বংশগত ভাবে দুৰ্বল শুক্ৰাণুৰ বাহক,

*অত্যাধিক মদ্যপান,

*ডিপ্ৰেচন,

*বিভিন্ন ৰোগ হাইদ্ৰচিল,

*হাৰ্নিয়া,

*শিঘ্ৰেপতন,

*স্বপ্নদোষ,

*লিংগ শিথিলতা,

*অণ্ডকোষৰ সংক্ৰমণ,

*ডায়েবেটিচ ইত্যাদি,

*অত্যাধিক বিভিন্ন ঔষধ সেৱন,

*টেনচন,

*বয়সৰ চাপৰ ফলতো শুক্ৰাণু কাউন্ট কমিব পাৰে তাৰ ফলত এনেবোৰ দুৰ্বল স্পাৰ্ম ভেজিনেল কেনেলতে মৃত্যু হৈ জৰায়ুলৈ যাবলৈ অক্ষম হৈ পৰে।

সেইদৰে বিভিন্ন মহিলাৰ সমস্যা যেনে-

*ওভাৰিয়ান চিষ্ট,

*জৰায়ুৰ টিউমাৰ,

*এণ্ডোমেট্ৰিয়েল এবনৰৰ্মেলিটি,

*কাৰ্চিনোমা ইন চিটু,

*অত্যন্ত হোৱাইট ডিৰ্চাজ,

*ভেজিনেল ইনফেকচন,

*মেদ বহুলতা,

*ঋতুস্ৰাবৰ বিসংগতি,

*বিভিন্ন ৰোগ,

*কামশীতলতা,

*বয়স বৃদ্ধি, ইত্যাদিও ইয়াৰ কাৰন হব পাৰে।

প্ৰতিকাৰ হিচাবে উল্লেখিত কাৰন সমুহ বিশ্লেষণ কৰি কৰিব লাগে, এই কাৰন সমুহৰ গোপনীয়তা ৰক্ষা নকৰি খোলোচাকৈ অভিভাৱক বা বিভাগীয় চিকিৎসকৰ লগত আলোচনা কৰিব লাগে। যিমান পাৰি গেষ্ট্ৰাইটিজৰ দৰে দৰৱ কমাই খাব লাগে।

*ৰসায়ন ভেষজ আমলখি,

*লাক্ষা,

*তৰমুজ,

*কল,

*ৰঙালাওৰ গুটি,

*বিট,

*কনী,

*দাৰ্ক চকলেট আদি দৈনন্দিন খাব লাগে।

শিলাজিতৰ পৰা বনোৱা বিভিন্ন দৰৱ যেনে-

*মদনান্দ মোদক,

*কামদুধা ৰস,

*টেনটেস্ক টেবলেট,

*নিও টৈবলেট বা লাইকোৰিড,

*চিলডেনাফিল আদি দৰৱ চিকিৎসকৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব লাগে।

লেখক: ডাঃ প্ৰণৱ শৰ্মা