চলন্ত বাছত উঠিলে বহুতৰে বমি হয়, কেতিয়াবা গা বেয়া লাগি পেটতো উকট-পাকট কৰি আহে, মূৰ ঘূৰায়, নতুবা বমি বমিভাৱ হয়। এনেবোৰ সমস্যাই বাছত দীঘলীয়া ভ্ৰমণ কৰিবলগীয়া হোৱাসকলক বেছ অশান্তি দিয়ে। ইয়াৰ বাবে ল’বলগীয়া কেইটামান সাৱধানতা হ’ল পেটত বায়ু জমা হ’ব পৰা ধৰণৰ খাদ্য খাই বাছত নুঠিব। পেট ভৰ্তি কৰি আহাৰ খাই বাছত নুঠিব। টোপনি ক্ষতি হোৱাৰ পিছত বাছত নুঠিব। লেতেৰা তেলত ভজা, জলকীয়া মছলা সৰহকৈ দিয়া খাদ্য, বিজলুৱা বস্তু আদি খাই বাছত নুঠিব। বেছিকৈ মিঠা বস্তুও বাছত উঠাৰ আগতে নাখাব। ঋতুস্ৰাৱ হৈ থকাৰ সময়ত বাছত দীঘলীয়া ভ্ৰমণ নকৰাই উচিত। বাছত বমি হ’লে বা গা বেয়া লাগিলে আদা এটুকুৰা নিমখৰ লগত চোবাই খাব। মৌৰ লগত শিলিখাৰ গুড়ি মিহলাই খাব। কমলা টেঙাৰ বাকলি আৰু নেমু গছৰ পাত শুঙিব আৰু অকণমান চোবাই দিব। ডাবৰ পানী আৰু বৰফৰ পানী খাব। এখন তামোল নতুবা কমলা, শিলিখা, আমলখি চোবাই খাওঁক। মৌৰ লগত লং গুড়ি খাব পাৰে। হোমিঅ’পেথিক চিকিৎসকৰ লগত পৰামৰ্শ কৰি নাক্সভমিকা, কেল্বোৰিয়া ফছ্, ইপিকাক, ককিউলাছ, ব্ৰায়’নিয়া আদি ঔষধ স্থায়ী নিৰাময়ৰ বাবে খাব পাৰে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।