দেখা যায় ৮/১২ বছৰ বয়সীয়া ল’ৰা-ছোৱালীৰ বহুতৰে মুখত ‘চোম’ পৰে| এই সমস্যা যত্ন ল’লে অতি কম দিনৰ ভিতৰতে দূৰ হ’ব| ইয়াৰ বাবে কেইটামান দিহা দিয়া হ’ল-

‘চোম’ পৰা অংশত বাদাম তেল নাইবা জলফাই তেল লগাই আঙুলিৰে মালিচ কৰি আধা ঘণ্টা থৈ পুনৰ পানীৰে ধুই দিব দিনটোত এবাৰকৈ|

অলপ বেকিং পাউদাৰ সংক্ৰমিত অংশত লগাই থ’ব| ৫ মিনিটৰ পিচত ঠাণ্ডা পানীৰে ধুই দিব|

ছালকুঁৱৰীৰ ৰস সংক্ৰমিত অংশত লগাই ১০-১৫ মিনিটমান ৰাখিব| প্ৰত্যেক তিনি ঘণ্টাৰ মুৰে মুৰে|

গা ধোৱা পানীত কেঁচা যৱধানৰ গুড়ি তিয়াই ১৫-২০ মিনিট সেই পানী গাত বা বগা পৰা ঠাইত ডুবাই ৰাখিব|

১৫-২০ টামান তুলসীৰ পাত বটি তাৰ লগত ১ চামুচ জলফাইৰ তেল, ২ ফোটা নহৰু বটা, অকণমান নিমখ, চাৰিটামান জালুক- আটাইখিনি পিহি অলপ গৰম কৰি ‘চোম’পৰা অংশত দিনে দুবাৰকৈ লগাব|

লেখক:- বৰ্ণালী ভট্টাচাৰ্য

উৎস:- সম্ভাৰ