মানুহৰ ছালত চোম পৰা সমস্যাই বহুতকে অস্বস্তিত পেলায়। বিশেষকৈ এই সমস্যা ৮-১২ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়। এই সমস্যা প্ৰতিৰোধৰ বাবে নিয়মিত যত্ন ল’লে অতি কম দিনৰ ভিতৰতে এই সমস্যা দূৰ হ’ব। ইয়াৰ বাবে ঘৰুৱা দিহা আগবঢ়োৱা হ’ল- ছালকুঁৱৰীৰ ৰস সংক্ৰমিত অংশত লগাই ১০-১৫ মিনিটমান সময় ৰাখিব। প্ৰত্যেক তিনি ঘন্টাৰ মূৰে মূৰে এই ৰস ব্যৱহাৰ কৰিব। গা ধোৱা পানীত কেঁচা যৱধানৰ গুড়ি তিয়াই ৰখাৰ পিচত সেই পানী শৰীৰৰ চোম পৰা অংশত বাদাম তেল নাইবা জলফাই তেল লগাই আঙুলিৰে মালিচ কৰি ১-২ ঘন্টা থৈ পানীৰে ধুই দিব। অলপ বেকিং পাউদাৰ সংক্ৰমিত অংশত লগাই থ’ব। পাঁচ মিনিটৰ পিচত ঠাণ্ডা পানীৰে ধুই দিব। ১৫-২০ টা মান তুলসীৰ পাত বটি তাৰ লগত ১ চামুচ জলফাইৰ তেল’ ২ ফোটা নহৰু বটা, অকণমান নিমখ, ৪ টা মান জালুক এই আটাইখিনি পিহি অলপ গৰম কৰি চোম পৰা অংশত দিনে দুবাৰকৈ লগাব। উৎস: সম্ভাৰ।