আমি যেতিয়া প্ৰসাধন কৰিবলৈ আৰম্ভ কৰো, আটাইতকৈ গুৰুত্বপুৰ্ণ পদক্ষেপ হৈছে চকুযুৰিৰ প্ৰসাধন| চকুহালেই হৈছে আমাৰ মুখ খনৰ দৰ্পণ আৰু ইয়াক আমি যিমানেই আকৰ্ষণীয়কৈ প্ৰসাধন কৰিব পাৰো, মুখখন আমাৰ হৈ পৰে সিমানেই আকৰ্ষণীয়| যিসকলে নতুনকৈ প্ৰসাধন কৰিবলৈ শিকে, তেওঁলোকৰ বাবে চকুৰ প্ৰসাধন হৈ পৰে আটাইতকৈ সমস্যাৰ বিষয়| ইয়াৰ বাবেই আজি চকুৰ প্ৰসাধন সন্দৰ্ভত কিছুমান টিপছ্ সবিশেষ আগবঢ়োৱা হ’ল-

. চকুহাল ডাঙৰ দেখাবলৈ বা আইলাইনাৰ লগাব চকুৰ তলত, যাক আমি ৱাটাৰ লাইন বুলি কওঁ| তাৰ ঠিক তলতেই কাজল লগাব| আমাৰ চকুৰ বগা অংশৰ লগত ৱাটাৰ লাইনত লগোৱা বগা আই পেঞ্চিলে চকুহাল ডাঙৰ দেখায়|

. চকুৰ মেকআপ সম্পুৰ্ণ কৰিবলৈ সদায় ডাঠ ব্ৰাউন বা গ্ৰে কালাৰৰ আইব্ৰ’ পেঞ্চিলেৰে চেলাউৰিযোৰৰ খালী হৈ থকা ফাঁকবোৰ বোলাই যাব| চেলাউৰি যোৰ ভালদৰে আঁকি লোৱাৰ ফলত মুখখন খুব সুন্দৰ দেখায়| কিন্তু ইয়াৰ বাবে অলপ অনুশীলনৰ প্ৰয়োজন| ভালদৰে আঁকিব নাজানিলে খুব বেয়া দেখা যায়|

. আমি সকলোৱে জানো যে মাস্কাৰা লগোৱা হয় চকুৰ পতাৰ নোম বেছি আৰু দীঘল দেখাবলৈ| কিন্তু মাস্কাৰা লগোৱাৰ আগতে সদায় আইলেচ কাৰ্লাৰৰ সহায়ত নোমবোৰ পৃথক কৰি ল’ব| ইয়াৰ পিছত মাস্কাৰা লগালে চকুৰ পতাৰ নোম আৰু সুন্দৰ দেখায়|

. মাস্কাৰা দুই প্ৰকাৰৰ পোৱা যায়| এবিধে চকুৰ পতাৰ নোম মোটা দেখায় আৰু আনবিধে দীঘল দেখায়| আইলেচ সুন্দৰ দেখাবলৈ দুয়োবিধ মাস্কাৰা লগাব লাগে| প্ৰথম প্ৰলেপত সদায় মোটা দেখুওৱা মাস্কাৰা লগাব লাগে আৰু দ্বিতীয় প্ৰলেপত দীঘল মাস্কাৰা লগোৱা উচিত| ইয়ে এটা সুন্দৰ চকুৰ মেকআপক এটা প্ৰফেছনেল লুক দিয়ে|

. মাস্কাৰাৰ প্ৰথম প্ৰলেপ লগোৱাৰ পিচত চকুৰ পতাৰ নোমত অলপ পাউদাৰ লগাই ল’ব| ইয়াৰ পিছত মাস্কাৰাৰ দ্বিতীয় প্ৰলেপ লগাওক|

. চকুহাল ডাঙৰ দেখাবলৈ হ’লে আইলাইনাৰ আৰু কাজল লগ লগাই নিদিব| অলপ ফাঁক ৰাখিলে চকুহাল ডাঙৰ দেখায়| এই ফাঁকৰ মাজত পাতলকৈ বগা আইলাইনাৰ লগাব|

. চকুৰ তলৰ ক’লা দাগ ঢাকিবলৈ হ’লে কমলা বা হালধীয়া ৰঙৰ কনচিলাৰ লগাই মিলাই ল’ব| এইকেইটা ৰঙৰ কনচিলাৰে ক’লা দাগ ঢকাত সহায় কৰে|

. আইশ্বেড’ লগোৱাৰ আগত চকুৰ পতাত প্ৰাইমাৰ লগাই ল’ব| ইয়াৰ ফলত চকুৰ পতাৰ ছাল সমান যেন দেখাব| ইয়াৰ পিচত ছালৰ লগত মিলা কনচিলাৰ লগাইহে আইশ্বেড’ লগাব| এনে কৰাৰ ফলত আইশ্বেড’ৰ আচল ৰংটো ওলাব আৰু চকুৰ প্ৰসাধন সুন্দৰ হ’ব|

. চকুৰ চেলাউৰি অঁকাৰ পিচত ছালৰ লগত মিলা ফাউণ্ডেচন চেলাউৰিৰ চাৰিওফালে খুব সাবধানে লগাব| ইয়াৰ ফলত চেলাউৰিযোৰ খুব ধুনীয়া আকৃতিৰ যেন দেখাব|

. যিসকলৰ চকুৰ পতা ফুলা বা জনজাতীয় ধৰণৰ চকু, তেওঁলোকে সদায় মোটা আৰু দীঘল আইলেচ লগোৱা উচিত| আইলেচ লগাবলৈ নিবিচাৰিলে মোটাকে মাস্কাৰা লগাব| তাৰ আগত আইলেচ কাৰ্লাৰেৰে চকুৰ পতাৰ নোম পৃথক কৰি ল’ব|

. চকুৰ ফুলা ভাব কম দেখাবলৈ চেলাউৰিযোৰ মোটাকে আঁকি ল’ব লাগে| ইয়াৰ বাবে যেন ব্ৰাউন বা গ্ৰে কালাৰৰ কাজলহে ব্যৱহাৰ কৰিব|

. যিসকলৰ চকু সৰু, তেওঁলোকে কেতিয়াও মোটা আইলাইনাৰ নলগাব| কেৱল চকুহালৰ সুন্দৰ আকৃতি দিবলৈ মিহিকৈ আইলাইনাৰ লগাওক|

জুৰি শইকীয়া

উৎস:- অসমীয়া প্ৰতিদিন, সম্ভাৰ