নেমু, মূলতানী মাটি, দৈ, চিকাকাই, কণী, মনিচাল, চিৰকা (ভিনেগাৰ) আদি দ্ৰব্যৰে মূৰ ধুলে চুলি ঘন, কোমল আৰু উজ্জল হয়। চুলি সৰা বন্ধ কৰা চেম্পু ৫০০ গ্ৰাম মেথিগুটিৰ গুড়ি,১ কিলোগ্ৰাম আমলখিৰ গুড়ি,১ কিলো চিকাকাই গুড়ি,এই আটাইবোৰ টেমা এটাত ভৰাই ভালদৰে মিহলাই লওক।মূৰ ধোৱাৰ সময়ত এই গুৰি পানীত মিহলাই থুপথুপীয়া কৰি মূৰত সানি থওঁক।পিছত শ্বেম্পু কৰি ধুই পেলাওক।এনে কৰিলে চুলি স্বাস্থ্যবান উজ্জল আৰু দীঘল হয়। চিকাকাই আৰু তুলসীৰ শ্বেম্পু ৫০ গ্ৰাম চিকাকাই ২০ গ্ৰাম শুকান তুলসী পাতৰ গুৰি ৭৫ গ্ৰাম দৈ এই তিনিওবিধৰ বস্ত একেলগে মিহলাই চুলিত লগাই কিছু দেৰিৰ পিছত মূৰ ধুই পেলাব।চুলি উজ্জল আৰু ঘন হব।উফি নাইকীয়া হৈ চুলি সৰা বন্ধ হ’ব। মনিচাল আৰু নিমপাতৰ শ্বেম্পু ২০ গ্ৰাম মনিচাল,২০ গ্ৰাম নিমৰ পাত,৩০ গ্ৰাম দৈ, এই তিনিওবিধৰ দ্ৰব্য মিহলাই চুলিত লগাই কিছু সময় ৰাখি মূৰটো ধুই পেলাওক।চুলিৰ উজ্জলতা বৃদ্ধি পাব আৰু সতেজ মোলায়েম হব। মনিচাল চিকাকাই আৰু আমলখিৰ শ্বেম্পু ৫০ গ্ৰাম মনিচালৰ গুটিৰ বাকলি ৫০ গ্ৰাম আমলখি,৫০ গ্ৰাম চিকাকাই এই তিনিওবিধ দ্ৰব্যৰ গুৰি মিহলাই চুলিত লগাই ২০-২৫ মিনিটৰ পিছত মূৰটো ধুই পেলাব।চুলি উজ্জল আৰু ঘন হব। শুকান শ্বেম্পু ২০ গ্ৰাম বাৰ্লিৰ মিহি গুৰি আৰু ৪০ গ্ৰাম মুখত ঘহাঁ পাউদাৰ(টেলকম পাউদাৰ)একেলগে মিহলাই মূৰৰ চুলিত সানক।কিছু দেৰিৰ পাছত ব্ৰাছ কৰি মূৰটো চফা কৰি লওঁক।এই শ্বেম্পু ব্যৱহাৰ কৰিলে মূৰটো ধুৱলগীয়া নহয়,অথচ সোনকালে চাফাও হয়।তেলেতীয়া চুলিৰ কাৰনে এই শ্বেম্পু বৰ উপকাৰী।এই দুবিধ মিশ্ৰনৰ গুড়িয়ে চুলিত লাগি থকা তেল শুহি লয় আৰু চুলি কোচা ফৰফৰীয়া কৰি তোলে। শ্বেম্পু কণ্ডিচনাৰ ৫০ গ্ৰাম দৈ,২০ গ্ৰাম মৌ,১টা কনী,এই আটাইকেইটা উপাদান মিহলাই ডাঠ ঘোল এটা তৈয়াৰ কৰি লওঁক আৰু চুলিত ভালদৰে সানক।১৫-২০ মিনিট সময় ৰৈ শ্বেম্পুৰে ভালদৰে ধুই পেলাওক।এই মিশ্ৰ্ন ব্যৱহাৰ কৰিলে চুলিয়ে ইয়াৰ প্ৰয়োজনীয়তা প্ৰোটিনৰ যোগান পায়।ফলত নমনীয় আৰু উজ্জল হৈ পৰিব। শুকান চুলিৰ কাৰনে ঘুৰুৱা হেয়াৰ কণ্ডিচনাৰ শুকান চুলিত কেচাঁ গাখীৰ খানক।১০ মিনিটৰ পিছত ভালদৰে ধুই পেলাওক।চুলি কোমল,নমনীয় আৰু উজ্জল হৈ পৰিব। সাধাৰন চুলিৰ কাৰনে কণীৰ কণ্ডিচনাৰ এটা কণী দুচামুচ নেমুৰ ৰসৰ সৈতে মিহলাই লওঁক।সামান্য গৰম পানীত নেমুৰ ৰস মিহলাই কণী মিশ্ৰনটোৰ লগত মূৰত সানক।১০-১৫ মিনিটৰ পিছত পানীৰে মূৰটো ধোৱক।চুলিৰ তেলেতীয়া ভাৱ আতঁৰি যাব। তেলেতীয়া চুলিৰ বাবে জেতুকাৰ কণ্ডিচনাৰ গুৰি কৰি লোবা জেতুকা পাত দুকাপ উতলাই লোবা চাহৰ পানী,১টা নেমুৰ ৰস,এটা কনী।উতলাই লোবা চাহৰ পানীত জেতুকাৰ পাতৰ গুড়ি মিহলাই এৰাতি তিয়াই থওক।পিছদিনা পুৱা তিয়াই থোৱা জেতুকাৰ গুৰিৰ লগত নেমুৰৰ ৰস আৰু কণীটো ভাঙি লৈ ভালদৰে মিহলাই চুলিত সানি লওঁক।আধা ঘন্টাৰ পিছত শ্বেম্পুৰে ধুই পেলাওক।এই মিশ্ৰনে চুলিখিনি স্বাস্থ্যৱান উজ্জল আৰু কোমল কৰি তুলিব। চুলিৰ স্বাস্থ্যৰ বাবে বিকল্প ব্যৱস্থা মূৰৰ মালিচ চুলিৰ স্বাস্থ্যৰ কাৰনে এক অতি উপকাৰী ব্যৱস্থা।মালিচ কৰিলে মূৰৰ ৰক্তবাহী সিৰা ধমনীবোৰৰ মাজেদি ৰক্ত প্ৰবাহ তীব্ৰ হয়।মালিছে চুলিৰ গুৰিবোৰলৈ পুষ্টি আৰু অক্সিজেনৰ যোগান ধৰাত সহায় কৰে।মানসিক উদ্বেগ হ্ৰাস কৰে।চুলি সৰা বন্ধ কৰে।মালিচৰ কাৰনে সৰিয়হৰ তেল,নাৰিকলৰ তেল,বাদাম আৰু তিল ব্যৱহাৰ কৰিব পাৰে।শুকান চুলিৰ মূৰত সপ্তাহত দুবাৰ আৰু সাধাৰন চুলিৰ মূৰত সপ্তাহত এবাৰ ভালদৰে মালিচ কৰাব লাগে। মুৰত যদি উফি হয় ৫০০ মি:মি নাৰিকল তেলৰ লগত ৪ গ্ৰাম কৰ্পূৰ মিহলাই থৈ দিয়ক।মূৰ ধোৱাৰ পিছত চুলি শুকাই গলে এই তেল ভালদৰে চুলিৰ গুৰিত লগাকৈ ঘহিঁ ঘহিঁ সানিব।দুই তিনি দিনমানৰ ভিতৰত মূৰৰ পৰা উফি নাইকিয়া হব। যদি মূৰৰ ছাল বেছি শুকান হৈ উফি হৈছে তেনেহলে গা মূৰ ধোৱাৰ আগতে মূৰত দৈৰ লগত সৰিয়হৰ তেল মিহলাই মূৰৰ ছালত লাগি যোৱাকৈ ভালদৰে সানিব।উফিও নাইকীয়া হব আৰু মূৰৰ ছালৰো আৰ্দ্ৰ্তা ঘুৰি আহিব সামান্য ঔষধিযুক্ত শ্বেম্পুৰে সপ্তাহত এবাৰ বা দুবাৰকৈ মূৰ ধুলেও উফি কমে। আমলখিৰ গুৰি আৰু আফুগুটি একেলগে মিহলাই ভালদৰে গুৰি কৰি তাৰ লগত গাখীৰ বা দৈ মিহলাই মূৰত ভালদৰে সানক।উফি নাইকিয়া হব। ত্ৰিফলা চুৰ্ণৰ দুচামুচ ২০০ মি:মি পানীত এৰাতি তিয়াই থওক।পুৱা পানীৰে সৈতে চুৰ্নখিনী ভালদৰে মূৰত সানি চুলিৰ গুৰিত লগাকৈ ঘঁহক।আধা ঘন্টাৰ পিছত সামান্য গৰম পানীত নেমুৰ ৰস মিহলাই সেই পানীৰে মূৰটো ধুই পেলাওঁক।চুলি শুকালে মূৰত তেল সানিব। মূৰত উফি হোৱা মানুহে ৰোগন বাদাম, আঙুৰ বা কিচমিচ খাব লাগে। মণিচালৰ গুটিৰ বাকলি সৰু সৰুকৈ কুতি এৰাতি সামান্য পানী লৈ তিয়াই থওক।পুৱা সেই বাকলি উতলাই ঠাণ্ডা কৰি গা-ধোৱাৰ আগতে মূৰত ভালদৰে সানি আধা ঘণ্টামানৰ ভিতৰত ভালদৰে ধুই পেলাওক। উফি নাইকিয়া হ’ব। উৎস: স্বাস্থ্য।