ওঁঠযুৰিৰ যতনৰ ক্ষেত্ৰত এক ঘৰুৱা উপকৰণ হ’ল বীটৰ ৰস। ক’লা পৰি উঠা ওঁঠৰ ৰং স্বাভাৱিক অৱস্থালৈ আনিবলৈ বীটৰ ৰসে ‘ব্লিচিং’ হিচাপে কাম কৰে। শুবলৈ যোৱাৰ পূৰ্বে ওঁঠযুৰিত সতেজ বীটৰ ৰস সানি ৰাখিব। পিচদিনা পুৱা ওঁঠযুৰি ভালদৰে ধুই পেলাব। তদুপৰি সম পৰিমাণৰ গাজৰৰ ৰস আৰু বীটৰ ৰস একেলগে মিহলায়ো ওঁঠত লগাব পাৰে। ওঁঠত লগাওঁতে দহ মিনিটমান মালিচ কৰি লগাব। পিছত কুহুমীয়া পানীৰে ওঁঠযুৰি ধুই পেলাব। সপ্তাহত এদিনকৈ ওঁঠত স্ক্ৰাব কৰিব পাৰিলে ওঁঠযুৰিৰ পৰা মৃতকোষসমূহ নিৰ্মূল কৰিব পৰা যায়। মৃতকোষ নিৰ্মূলৰ ফলত ওঁঠযুৰি সজীৱ হৈ উঠিব। ঘৰতে স্ক্ৰাব প্ৰস্তুত কৰিবলৈ হ’লে কেইটোপালমান জলফাই তেল আৰু এক চাহ চামুচ চেনি একেলগে মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব। মিশ্ৰণটো সম্পূৰ্ণ হৈ উঠাৰ পিছত ইয়াক ওঁঠত স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছত ওঁঠৰ শুকান হৈ পৰা ছাল ছটাছটকৈ এৰাই যাব। ওঁঠযুৰি পৰিষ্কাৰকৈ ধুই উঠাৰ পিছত উন্নতমানৰ লিপ বাটাৰ বা লিপ মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰিব। বহুতৰে ওঁঠত ঠায়ে ঠায়ে ক’লা দাগ পৰা দেখা যায়। ওঁঠৰ এনে ক’লা দাগ নিৰ্মূল কৰিবলৈ ঘৰুৱা উপকৰণ হিচাপে নেমু টেঙাৰ ৰস যথেষ্ট উপকাৰী। নিশা শোৱাৰ আগে আগে ওঁঠযুৰিত নেমু টেঙাৰ ৰস লগাই ৰাখিব। এনেদৰে কেইটামান মাহ দৈনিক কৰি চাওকচোন। যদি এইক্ষেত্ৰত একো সুফল নাপায়, তেন্তে নেমুটেঙাৰ এচকল লৈ তাৰ ওপৰত অলপ চেনি ছটিয়াই ল’ব আৰু সেই নেমু টুকুৰাৰে ওঁঠযুৰিত লাহে লাহে ঘঁহিব। এনেদৰে কৰিলেও ওঁঠযুৰিত মৃতকোষসমূহ আঁতৰাই পেলাব আৰু ওঁঠযুৰিৰ ছাল সতেজ হৈ উঠিব। উৎস: অসমীয়া প্ৰতিদিন।