গৰমৰ দিনত প্ৰায়বোৰ লোকেই সন্মুখীন হোৱা এটি সমস্যা হৈছে ঘামচি বা prickly heat। বিভিন্ন কাৰণত ঘৰ্ম গ্রন্থি বন্ধ হৈ ঘাম ভালকৈ ওলাব নোৱাৰা হয় আৰু তেতিয়াই ঘামচিৰ সমস্যাই দিয়ে। ভুক্তভোগীৰ বাবে ই বিৰক্তিদায়ক হৈ পৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাবাথুৰি খায়।আজি ইয়াৰে কেইটিমান সৰু সুৰা দিহা আগবঢ়াইছো। আশাকৰো আপোনালোক উপকৃত হ'ব।

১)চিন্থেতিক (synthetic clothes) কাপোৰ পৰিধান নকৰি কটন বা কপাহী কাপোৰ পৰিধান কৰক।

২)নিতৌ পৰিষ্কাৰ পানীৰে স্নান কৰক। গা ধোৱা পানীত কেইটোপালমান নেমুৰ ৰস দিব পাৰে। নাইবা নিমপাত সিজোৱা পানীৰে গা ধুব পাৰে। নেমু,নিম আদিৰ বীজাণু নাশক গুণ আছে বাবে ছালৰ বিভিন্ন সমস্যাত উপকাৰ দিয়ে। গৰম বেছি হোৱাৰ সময়ত বা বাহিৰৰ পৰা আহি তৎক্ষণাত স্নান নকৰাই ভাল। অন্যথা সমস্যা বাঢ়িহে যোৱাৰ সম্ভাৱনা বেছি হয়। স্নানৰ পিছত শুকান পাউদাৰ সানিব পাৰে।

৩)গৰমৰ দিনত তেলযুক্ত প্ৰসাধন সামগ্ৰী বা oil based cosmetics ব্যবহাৰ নকৰিব। এইবোৰে ঘৰ্মগ্ৰন্থি বন্ধ কৰি ঘাম ওলোৱাত বাধা প্ৰদান কৰে।

৪)প্ৰাকৃতিক উপদানেৰে তৈয়াৰী বিভিন্ন প্ৰকাৰৰ থলুৱা চৰবত যেনে নেমু, থেকেৰা, লেতেকু, বেল, জামু আদি বতৰৰ ফলৰ চৰবত, ডাৱৰ পানী, কুঁহিয়াৰ ৰস আদি সেৱন কৰক।

৫)তেলযুক্ত বা চৰ্বিযুক্ত খাদ্য, ভজা, জ্বলা, মচলা দিয়া খাদ্য কমাই খাওক। ইয়াৰ সলনি চালাড, বতৰৰ ফলমূল, শাক পাচলি, পানী বেছিকৈ খাওক।

৬)গোলাপ জল কপাহেৰে আক্ৰান্ত অংশত লগাওঁক। ই ছালৰ PH ভাৰসাম্যতা ৰক্ষা কৰে, শৰীৰৰ অত্যাধিক তেল শোষণ কৰে।

৭)চন্দনৰ গুৰি গোলাপ জল বা গাখীৰৰ লগত মিহলাই পেক হিচাবে 15 মিনিট সময় লগাই ধুই পেলাওক। চন্দনে শৰীৰৰ ঠাণ্ডা প্ৰভাৱ পেলায়।

৮)মূলতানি মাটি গোলাপ জল বা গাখীৰ দি পেক হিচাবে আক্ৰান্ত অংশত লগাওঁক। এই পেকৰ লগত পদিনা, তুলসী, নিম পাত দিবও পাৰে ।

৯)আক্ৰান্ত অংশত দৈ ব্যৱহাৰ কৰিলেও সুফল পাব। 15 মিনিট সানি ঠাণ্ডা পানীৰে ধুই পেলাওক।

১০)ছালকুঁৱৰী বা ঘৃতকুমাৰী বা এলভেৰা জেল ব্যবহাৰ কৰিলেও সুফল পোৱা যায়।

১১)বেচনৰ লগত গাখীৰ মিহলাই পেক হিচাবে ব্যবহাৰ কৰক।

১২)কেঁচা আলু পাতল পাতল কৈ কাটি আক্ৰান্ত অংশত লগালেও সুফল পোৱা যায়। ঠিক তেনেকৈ তিয়ঁহ ব্যবহাৰ কৰিব পাৰে।

১৩)পকা অমিতাৰ পেক ব্যৱহাৰ কৰিলেও উপকৃত হ'ব।

১৪)মাজে সময়ে নিমপাত, তিতাকেৰেলা ভাজি খাওক। এইবোৰে তেজ পৰিষ্কাৰ কৰে।

১৫)চাবোনৰ সলনি মাজে মাজে মাটিমাহ,কেঁচা হালধি, দৈ, বেচন দি কিছু সময় গাত সানি গা ধুই পেলাওক।

১৬)কেলামাইন লোচন (calamine lotion) ব্যৱহাৰ কৰিব পাৰে। সুফল পাব।

ডাঃ ৰেইনী দেৱী

ফোন নং: 7399114617