ঘাম আৰু ঘামচি -

চমু বিৱৰণ:

আমাৰ মাজতেই কেতবোৰ ব্যক্তিয়ে গৰমকালি মাজে-সময়ে প্ৰিকলি হিট পাউডাৰ সৰ্বশৰীৰতে মালিচ কৰে। বহুতেই বাতৰি কাকতৰ বিজ্ঞাপন পঢ়িয়েই এই কাম কৰিবলৈ উদ্বুদ্ধ হয়। বিশেষতঃ ঘাম আৰু ঘামচি দূৰ কৰাৰ বাবে পাউডাৰ ব্যৱহাৰ কৰিলে অন্যন্ত সুফল পোৱা যায়। তদুপৰি সেয়া যদিহে মেডিকেটেড প্ৰিকলি হিট পাউডাৰ হয়, তেনেহ’লেতো কথাই নাই। অৱশ্যে এই ক্ষেত্ৰত সন্দেহৰ অৱকাশ ৰৈ যায়। ঘাম আৰু ঘামচি দূৰ কৰাৰ একমাত্ৰ অব্যৰ্থ দৰব তেনেহ’লে পাউডাৰৰ প্ৰলেপহে নেকি? দেখা যাওকচোন। ঘাম কি?

আমাৰ ছালৰ ত্বকখনৰ দুটি প্ৰধান স্তৰ আছে- এপিডাৰ্মিছ আৰু ডাৰ্মিছ। ইয়াৰ বাহিৰেও ডাৰ্মিছৰ তলত হাইপোডাৰ্মিছ আছে। এইবোৰত গ্লেণ্ড বা গ্ৰন্থি থাকে। ঘৰ্মগ্ৰন্থি হ’ল ইয়াৰ ভিতৰত অন্যতম। এই ঘৰ্মগ্ৰন্থিৰ পৰা নিঃসৰিত ঘামৰ জৰিয়তে দেহৰ নান অপ্ৰয়োজনীয় পদাৰ্থ দেহৰ বাহিৰ ওলাই আহে। ঘৰ্মগ্ৰন্থিৰ কুণ্ডলীকৃত অংশটি ডাৰ্মিছ আৰু হাইপোডাৰ্মিছৰ মাজত থাকে আৰু নলীকাডাল এপিডাৰ্মিছ ভেদ কৰি দেহত্বকৰ ওপৰত অৱস্থিত ঘৰ্মছিদ্ৰ নামৰ সৰু ছিদ্ৰৰ জৰিয়তে আমাৰ দেহত ঘাইকৈ দুই ধৰণৰ ঘৰ্মগ্ৰন্থি দেখা যায়।

(১)এক্ৰাইন গ্ৰন্থিঃ এই ধৰণৰ গ্ৰন্থি সমগ্ৰ দেহতেই পোৱা যায়। হাত আৰু ভৰি তলুৱাত সৰহকৈ থাকে।

(২)এপোক্ৰাইন গ্ৰন্থিঃ কাষলতি আৰু উৰু সন্ধি অঞ্চলত এইবিধ ক্ষুদ্ৰাকৃতিৰ গ্ৰন্থি সৰহকৈ পোৱা যায়। বয়ঃসন্ধিক্ষণত এই গ্ৰন্থিৰ ক্ষৰণ বৃদ্ধি হয়।

ঘামৰ দেহৰ ভিতৰত কি কি কাম আছে?

(১) ঘামে দেহৰ ভিতৰত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে।

(২) দেহৰ পানী অংশৰ সমতা বজাই ৰাখে।

(৩) ত্বক আৰু ছালখনক আৰ্দ্ৰ কৰি ৰাখে।

(৪) ৰোগৰ বীজাণু প্ৰতিৰোধ কৰে।

(৫) এচিড আৰু খাৰৰ সমতা নিয়ন্ত্ৰণ কৰে।

দেহৰ পৰা নিৰ্গত ঘামৰ পৰিমাণ বতৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। বতৰ গোমা হ’লে ঘামৰ পৰিমাণ কমি যায় আৰু শৰীৰত যথেষ্ট কষ্ট হয়। ভয় খালে বা আৱেগজনিত পৰিৱেশত ঘামৰ পৰিমাণ বৃদ্ধি হয়।

ঘাম কিহৰ দ্বাৰা গঠিত হয়?

ঘামৰ শতকৰা ৯৯ ভাগ হ’ল পানী। বাকী এভাগৰ ভিতৰত থাকে নানা ধৰণৰ লৱণ, এচিড, ইউৰিয়া, প্ৰ’টিন, এমোনিয়া ইত্যাদি। এপক্ৰাইন গ্ৰন্থিৰ পৰা নিৰ্গত ঘামত ইয়াৰ বাহিৰেও থাকে ইণ্ডোক্সিল, উদ্বায়ী ফেটি এচিড, হাইড্ৰোক্সি এচিড, এমোনিয়া ইত্যাদিৰ সংমিশ্ৰণ। ইয়াৰ ফলত এনে ধৰণৰ ঘামৰ গোন্ধ বেছি। তদুপৰি এই ঘামৰ ঘনত্ব বেছি, সেই হেতুকে ইয়াৰ সংস্পৰ্শত আহিলে বেক্টেৰিয়া আৰু ভেঁকুৰজাতীয় জীৱাণুৰ বংশবৃদ্ধি সহজ হয়।

ঘামচি কেনেদৰে হয়?

কোনো কাৰণত যদিহে ছালৰ উপৰিভাগত থকা ঘৰ্ম ছিদ্ৰ বা ছোৱেট পোৰসমূহ বন্ধ হৈ যায় তেনেহ’লে দেহৰ পৰা নিৰ্গত ঘাম ঘৰ্মনলীৰ জৰিয়তে ছালৰ ওপৰলৈ আহিবলৈ বাধা পায়। ছালখনৰ উপৰিভাগৰ ঠিক তলতে এনেদৰে ঘাম জমা হৈ ঘামচিৰ সৃষ্টি হয়। বহু সময়ত এইবোৰ খুব খজুৱায়। নখৰ তলিত জমা হৈ থকা ময়লা ঘামচিৰ সৈতে মিহলি হৈ গৌণ পৰ্যায়ৰ বীজাণুজনিত ৰোগ হ’ব পাৰে।

এতিয়া চোৱা যাওক কি কি কাৰণবশতঃ ঘৰ্মছিদ্ৰ বা ঘৰ্মনলী বন্ধ হৈ যাব পাৰে।

(১) প্ৰধানতঃ ছালখন অপৰিষ্কাৰ হৈ থাকিলে।

(২) ঘাম বেছি সময়ৰ বাবে ছালত থাকিলে বিশেষকৈ গোমা বতৰত।

(৩) বেছিকৈ তেল ঘঁহিলে বা লেতেৰা ধৰণৰ তেল জমা হৈ ঘৰ্মছিদ্ৰ বন্ধ কৰি দিলে। সেইবাবে দেহত বেছিকৈ তেল ঘঁহিব নালাগে।

পাউডাৰ ব্যৱহাৰ কৰিলে ঘামচি বাঢ়ে নেকি?

হয় বাঢ়ে। কাৰণ পাউডাৰ সাধাৰণতে ষ্টাৰ্ছ বা শ্বেতসাৰজাতীয় পদাৰ্থৰ পৰা নিৰ্মিত হয়। আৰু এইবোৰ গৰমত গলি গৈ সহজেই ঘৰ্মছিদ্ৰ বন্ধ কৰি দিয়ে। সেয়ে প্ৰিকলি হিট পাউডাৰ ব্যৱহাৰ কৰিলে ঘাম আৰু ঘামচি কমে বুলি যি ধাৰণা প্ৰচলিত, সেয়া প্ৰকৃততে নিম্নস্তৰৰ সস্তীয়া বিজ্ঞাপনৰ বাদে আন একো নহয়। প্ৰশ্ন উঠিব পাৰে তেনেহ’লে আমি পাউডাৰ ব্যৱহাৰ কৰা উচিত নহয় নেকি? উত্তৰ দিব পাৰি যে পাউডাৰ ব্যৱহাৰ কৰিব লাগে। কিন্তু সেয়া ঘাম বা ঘামচি দূৰ কৰাৰ বাবে নহয়। পাউডাৰ ব্যৱহাৰ কৰাৰ উদ্দেশ্য হ’ল দেহত সুগন্ধ বিয়পাই দিয়া আৰু ছালৰ অতিৰিক্ত তেলেতীয়া ভাব কমাই মসৃণ কৰি ৰখা। কিন্তু পাউডাৰ ব্যৱহাৰ নকৰিলেও কোনো মহাভাৰত অশুদ্ধ নহয়।

ডাঃ মিহিৰ কুমাৰ গোস্বামী

উৎস: অসমীয়া খবৰ