ভৰিৰ আঙুলিৰ ফাঁকত মেডিকেটেড পাউদাৰ লগালে ভৰিৰ ঘামৰ দুৰ্গন্ধ নোহোৱা হ’ব। ধূমপান আৰু মদ্যপান কৰাৰ পৰা বিৰত থাকক। আনৰ ব্যৱহৃত কাপোৰ, চাবোন ব্যৱহাৰ নকৰাই উচিত। গা ধোৱা পানীত নেমু ৰস আৰু নিমখ মিহলাই লওঁক। গাৰ দুৰ্গন্ধ আতঁৰিব। গা ধোৱা পানীত অলিভ অইল মিহলাই ল’লে গাৰ দুৰ্গন্ধ আতঁৰিব। গৰমৰ দিনত সদায় দুবাৰ গা ধুব। গুপ্তাংগসমূহ, কাষলতিৰ তল ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব। সদায় পৰিষ্কাৰ কাপোৰ পৰিধান কৰক। এগিলাচ পানীত নেমুৰ ৰস এচামুচ, পদিনাৰ ৰস দুচামুচ, অকণমান নিমখ মিহলাই দিনে দুবাৰকৈ খাওক। গাৰ দুৰ্গন্ধ আতঁৰিব। কপাহী কাপোৰ পৰিধান কৰিব লাগে। মহানিমৰ পাতৰ ৰস আৰু ক’লা তুলসীৰ ৰস মিহলাই সেই পানীৰে গা ধোৱক। গৰমৰ দিনত বেছিকৈ মছলাজাতীয় আহাৰ গ্ৰহণ কৰা অনুচিত। এইবোৰে শৰীৰটোক বেছিকৈ ঘমায় আৰু গাৰ দুৰ্গন্ধ কৰে। শেৱালী দাস।