গৰমৰ দিনত আমাৰ সু-স্বাস্থ্যৰ বাবে খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। কাৰণ সু-স্বাস্থ্যই আমাৰ সৌন্দৰ্য। সকলোৱে জানে গৰমত নাৰিকলৰ পানী খাব লাগে।

ক’লড ড্ৰিংকছ খালে মেদ বাঢ়ে, কাৰণ ইয়াত মাত্ৰাধিক চেনি থাকে। আনহাতে নাৰিকলৰ পানীত কেলচিয়াম থাকে বাবে ইয়াক খালে আমাৰ ছাল সতেজ আৰু নিমজ হয়, গাৰ বিষ নহয়।

এগিলাছ পানীত এচামুচ চফগুটি মিলাই দিনটোত খাই থাকিব লাগে। ই আমাৰ শৰীৰ শীতল কৰি ৰাখে। লগতে আধা চামুচ মিচিৰিও দিব পাৰে। চফ গুটি বটি আমৰ ৰসৰ লগত মিলাই ছালত ১৫ মিনিটৰ বাবে প্ৰতিদিনে লগালে ছালত বয়সৰ চাপ কমি যাব। চফৰ পানী খালে মূৰৰ বিষ নহয়।

গৰমত পাঁচটা বাদাম, গোলাপৰ পাহি ১০টা মান, এচামুচ চফগুটি, এগিলাছ নাৰিকলৰ গাখীৰত অলপ মিচিৰি দি খাব। এয়া নিতৌ খালে আপোনাৰ খং কমিব। পকা চুলি ৰোধ হ’ব। বয়সৰ চাপ কমিব। যৌৱন ধৰি চাপ কমিব। যৌৱন ধৰি ৰাখিব পাৰিব।

আমাৰ বয়স অনুযায়ী মিথিগুটি ৰাতি তিয়াই পুৱা নিতৌ মিচিৰি বা ক’লা গুৰৰ লগত খাব। ই আমাৰ সৌন্দৰ্য ধৰি ৰখাত সহায় কৰিব।

গাৰ বিষ নাশ কৰাৰ বাবে নৰসিংহৰ পাত, গুৰ, নাৰিকলৰ গাখীৰ নিতৌ খাব। চেনিৰ সলনি আমি গুৰ বা খেজুৰ খাব পাৰো। আমাৰ বয়সৰ মাত্ৰা কমাই ৰাখিব।

চেনী এচামুচ আৰু খেজুৰ চাৰিটা মিক্সিত এচামুচ গাখীৰ মিহলাই পেষ্ট কৰি শৰীৰত লগাব। ই ছালক বগা আৰু মিহি কৰিব।

এতিয়া আমৰ দিন। আমত ভিটামিন ‘বি’ আৰু ‘চি’ পোৱা যায়। ই এন্টি অক্সিডেন্টযুক্ত। ই ছালৰ ইলাষ্টিচিটী ধৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰি ছালক সতেজ আৰু কোমল কৰি ৰাখে।

ইয়াত আলফা হাইড্ৰ’স্কী এচিড থাকে বাবে ছালত লগালে ছালখন বগা আৰু মিহি হয়।

ভিটামিন ‘চি’ থকাৰ বাবে ক’লাজেন গঠন কৰাত সহায় কৰে। পটাচিয়াম থকাৰ বাবে ছালক কোমল আৰু মিহি কৰে।

পকা আম পিটিকা নাৰিকলৰ গাখীৰ মিলাই মিথি পাউডাৰ প্ৰয়োজন অনুসৰি মিহলাই ছালত মানে মুখত, ডিঙিত আৰু শৰীৰত ১৫ মিনিটমান লগাই ধুই দিব। ই ছালক বগা আৰু বীজাণুমুক্ত কৰিব।

আনাৰসৰ ৰস আৰু আমৰ ৰস সমানে মিহলাই লগালে ছালখন মিহি আৰু বগা হ’ব। যিহেতু ইয়াত ৰাসায়নিক সামগ্ৰী নাথাকে।

তেতেলীৰ পানীত এচামুচ দৈ আৰু এচামুচ চেনীৰ পানী মিহলাই কপাহৰ সহায়ত শালমইনাৰ দাগসমূহত লগালে ছালখন বগা হ’ব।

গৰমত তেতেলীৰ পানী চৰবত তৈয়াৰ কৰি খালে গাৰ বিষ নহয় আৰু যৌৱন ধৰি ৰখাত সহায় কৰিব।

পদিনা আৰু গ্ৰীন টি সমানে সিজাই ঠাণ্ডা কৰি এটা স্প্ৰে বটলত ভৰাই থ’ব।

পাছত ফ্ৰীজত থৈ দিব। নিতৌ বাহিৰৰ পৰা আহি মুখত আৰু হাতত স্প্ৰে কৰিব। ই সতেজ আৰু বীজাণুমুক্ত কৰি ৰাখিব ছালখনক।

গৰমত ব্যৱহাৰ কৰা ছানস্ক্ৰীনত গ্ৰীন টীৰ পেকেট এটা সিজাই তাৰ পানী দুই চামুচ মিলাই থ’ব। ই ছালক সতেজ আৰু বীজাণুমুক্ত কৰি ৰাখিব। গ্ৰীন টীত টেনিক এচিড থাকে আৰু ছালক বগাও কৰিব।

গৰমত চুলিৰ গুৰিত খুব উফি আৰু সোনকালে লেতেৰা হয়। সেইবাবে একাপ বগা ভিনেগাৰত গ্ৰীন টীৰ পাত কেইটামান ৰাতিতে দি থ’ব।

পাছদিনা স্প্ৰে বটলত ভৰাই স্প্ৰে কৰিব। ই চুলিৰ গুৰিৰ পৰা উফি পৰিষ্কাৰ কৰিব। কেৱল চুলিৰ গুৰিতহে কৰিব আৰু ফণিয়াই থৈ দিব। পাছদিনা পানীৰেই ধুই দিব।

গৰমৰ দিনত গা ধোৱা পানীখিনিত নেমুৰ পাত, নিম পাত আৰু পদিনাৰ পাত সিজাই মিহলাব।

লগতে একাপ ভিনেগাৰ দিব। তেতিয়া ছালখন সতেজ আৰু বীজাণুমুক্ত হৈ থাকিব।

গৰমত এইদৰেই ছালৰ যত্ন লৈ স্বাস্থ্যৱান আৰু ধুনীয়া হৈ থাকিব পাৰি।

লেখিকা: ভানু শৰ্মা(অসম বাণী)