চুলি সৰাৰ কাৰণ গৰমত চুলিৰ গুৰি ঘামি থাকে। বিশেষকৈ তেলেতীয়া ছালত উফি, ঘাম আদি একে লগ হৈ চুলিৰ কোষসমূহ বন্ধ হৈ যায় আৰু চুলি সৰিবলৈ লয়। আমি বিভিন্ন ধৰণৰ চুলিৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰো। তাৰ ফলতো চুলিৰ কোষসমূহ বন্ধ হৈ চুলি সৰিবলৈ লয়। খুব টানকৈ বান্ধি থ’লেও চুলি সৰিবলৈ লয়। শৰীৰৰ সমস্যাৰ বাবেও আমি ঔষধ খাবলগীয়া হয়। যাৰ ফলত আমাৰ চুলি দীঘল হোৱাত বাধা দিয়ে। থাইৰয়ড, এলপেচিয়া আদিৰ বাবে অতিপাত চুলি সৰে। মদ, চিগাৰেট, ৰ’দৰ তাপ আদিৰ বাবেও আমাৰ চুলি সৰিবলৈ লয়। হৰম’নৰ তাৰতম্যৰ বাবে আমাৰ মাহেকীয়াৰ বিভিন্ন সমস্যাই দেখা দিয়ে। যাৰ ফলত চুলি অতিপাত সৰিবলৈ লয়। আইৰন, টং আদি কৰিলেও আমাৰ চুলি খুবকৈ সৰিবলৈ লয়। ইয়াৰ ব্যৱহাৰৰ ফলত চুলি ফাটিবলৈ লয় আৰু ক্ৰমান্বয়ে ছিঙিবলৈ লয়। ভিটামিন ‘বি’ৰ অভাৱতো চুলি সৰিবলৈ লয়। সেইবাবে মাছ, ফলমূল, সেউজীয়া শাক-পাচলি, বাদাম আদি নিয়মীয়াকৈ খাব লাগে। এমিনো এচিড আমাৰ চুলিৰ বাবে অতি প্ৰয়োজন। পুষ্টিগুণবিহীন খাদ্যত এমিনো এচিড নামমাত্ৰ থাকে। যাৰ ফলত আমাৰ চুলি সৰিবলৈ লয়। বয়সৰ মাত্ৰা বঢ়াৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ভিটামিনৰ অভাৱ ঘটে। ইয়াৰ ফলত চুলি সৰিবলৈ লয়। বংশগতভাৱেও আমাৰ চুলি সৰে। মানসিক আৰু শাৰীৰিক হেঁচাৰ বাবেও চুলি সৰে। উফিৰ বাবেও চুলি যথেষ্ট পৰিমাণে সৰে। চুলিৰ গুৰি পৰিষ্কাৰকৈ নৰখাৰ বাবেও চুলি সৰে। প্ৰতিকাৰ ৰ’জমেৰী অইল আৰু চেইজ সমানে মিহলাই সিজাব। পাছত ঠাণ্ডা কৰি চুলিৰ গুৰিত কপাহৰ সহায়ত লগাব লাগে। ই চুলিত পুষ্টি যোগায়। আইৰনযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে। চুলি গজাৰ বাবে আইৰনে যথেষ্ট সহায় কৰে। এই ক্ষেত্ৰত শুকান ফল-মূল, কাজু, শাক-পাচলি, জামু আদি অতি উত্তম। পুষ্টিকৰ খাদ্যৰ ভিতৰত ভিটামিন ‘চি’, জিংক, চিলিকা, আইৰন, প্ৰ’টিন, ভিটামিন ‘বি’ জাতীয় খাদ্য খাব লাগে। সেউজীয়া শাক-পাচলি, পাচলিৰ চালাডত নাৰিকল ৰুকি খাব পাৰি। গজালি ওলোৱা বুট-মগু, বাদাম, গাখীৰ, মাখন, ইষ্টজাতীয় খাদ্য, চয়াবিন ইত্যাদি খালে চুলিৰ বাবে ভাল। চাহ, কফি, মাদক দ্ৰব্য, মাংস, ভজা-পোৰা, তেলেতীয়া খাদ্য, জাংকফুড জাতীয় খাদ্যৰ পৰা বিৰত থাকিব। এচামুচ মৌৰ লগত আধা চামুচ আদাৰ ৰস মিহলাই পুৱাই খালে চুলি পকা ৰোধ কৰে। খং, হেঁচা, হতাশা দূৰ কৰাৰ বাবে মেডিটেচন কৰি মনক শান্ত কৰি ৰাখিব। লেখিকা: ভানু শৰ্মা, অসম বাণী।