বজাৰৰ পৰা তৰমুজ কিনি আনি বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি মিক্সিত গুড়ি কৰি ডাঙৰ চেকনি এখনেৰে চেকি লওক।

তাত অলপ পানী মিহলাব। খাই চাব মিঠা কমি গৈছে নেকি।

সিমানখিনিহে পানী মিহলাব যাতে তৰমুজৰ স্বাভাৱিক মিঠা সোৱাদ কমি নাযায় আৰু যাতে চেনি মিহলাব লগা নহয়।

তেতিয়া বটলত ঝাৰ বা বটলত ভৰাই ফ্ৰীজত থৈ দিয়ক। দুপৰীয়া বা আবেলি নিজেও খাব অতিথি আপ্যায়নো কৰিব পাৰে। তেনেই সহজ আৰু শান্তিদায়ক।

*আম-আনাৰস, কঠালৰ ফুট, নাচপতি, মধুৰি আম আদি কাটি সাঁফৰ মৰা পাত্ৰত থৈ ফ্ৰীজত থৈ দিব।

ঠাণ্ডা হৈ থাকিব।

আবেলি বাটিত উলিয়াই ঘৰৰ সকলো সদস্যক খাবলৈ দিয়ক, নিজেও খাওক।

আনাৰস, নাচপতি, আপেল, মধুৰি আম আদিত সামান্য পৰিমাণে ক’লা নিমখ ছটিয়াই ল’ব।

*তৈয়াৰ কৰি থোৱা ওটছ, কৰ্নফ্লেক্স, চিৰাৰ জলপানত ঠাণ্ডা গাখীৰ ঢালি তাত কল, সলাইজ-সলাইজকৈ কাটি চামুচ এখনেৰে আগবঢ়াই দিয়ক। গৰম দিনৰ আদৰ্শ জলপান।

*এতিয়া গৰম দিনত পাতলকৈ মগু-মচুৰ দাইলখন ৰান্ধি তেলত মিথি-সৰিয়হ ফুটাই তেল মাৰি পাছত নেমু এচিতা চেপি দি লৰাই ঢাকোন মাৰি ৰাখিব। ভাতকেইটা এনে দাইলেৰে খাই শান্তি পাব।

*এতিয়া গৰম দিনত দাইলত কেতিয়াবা তেতেলি, থেকেৰা, অমৰা কাটি দি খায়ো আৰাম আৰু তৃপ্তি দুয়োটাই পাব।

*গৰম দিনত ভজা-পোৰা, অধিক তেল দি ৰন্ধা বাদ দি চলাটো বুদ্ধিমানৰ কাম।

*গৰমৰ দিনত পঁইতা ভাত খায়নে? আগনিশা ৰন্ধা ভাত অলপ চৰিয়াত পানী দি তিয়াই ৰাখক। ঢাকোন মাৰি থ’ব।

পাছদিনা বাটিত সেই ভাত সজাই লগতে ভাত ডুব যোৱাকৈ তিয়াই থোৱা পানী দিব। তাত জোখ মতে নিমখ, সামান্য মিঠা তেল দিয়ক।

আদা অকণমান কাটি দিয়ক। দুপৰীয়া প্ৰধান আহাৰ(ভাত) খোৱাৰ আগেয়ে এনে পঁইতা ভাত অলপমান খাই ল’ব। অপৰিসীম সকাহ পাব। খনিজ পদাৰ্থও লাভ কৰিব।

*গৰমৰ দিনত পেট ভৰাই সৰহ আহাৰ কেতিয়াও নাখাব। পেট গধুৰ নলগাকৈ কমাই আহাৰ খাইহে শান্তি পাব।

*মাংস এৰি চলিব।

*মাছ মছলা দি ৰন্ধাতকৈ টেঙা দি ৰন্ধাত গুৰুত্ব দিব।

মছলা দি ৰান্ধিব লগা হ’লে তেনেই কম মছলা দিহে ৰান্ধিব।

*দৈৰে তৈয়াৰ কৰা ৰায়তা নিয়মিত খালে খুবেই ভাল।

তিয়ঁহ-গাজৰ পিহনাত পিহি তাত দৈ, জোখমতে নিমখ, সামান্য চেনি, এটিপা জালুকৰ গুড়ি দি ৰায়তা তৈয়াৰ কৰি ফ্ৰীজত ভৰাই ৰাখক।

দুপৰীয়া আহাৰ খোৱাৰ পৰত উলিয়াই আনক।

গাজৰ নিদি অকল তিয়ঁহেৰেও ৰায়তো প্ৰস্তুত কৰিব পাৰে।

*সিজোৱা আলু টুকুৰাকৈ কাটি তাত নিমখ সামান্য চেনি, দৈ, জালুকৰ গুড়ি ছটিয়ায়ো পৰিৱেশন কৰিব পাৰে।

*মেংগ চেক, বানান চেক, এইবোৰ আছেই।

এইদৰে ঘৰুৱা বস্তুৰে শীতল অনুভৱ কৰিব পৰা বিবিধ খাদ্যবস্তু তৈয়াৰ কৰি গৰমৰ দিনকেইটা সহনীয় কৰি তুলিব পাৰি।

লেখিকা: সীমা চক্ৰৱতী(অসম বাণী)