গৰমৰ দিনত গাৰ পৰা ওলোৱা দুৰ্গন্ধ নাশ কৰিবৰ কাৰণে প্ৰায় ১০ লিটাৰ পানীত ২টা নেমু চেপি ৰস উলিয়াই মিশ্ৰণ কৰি গা ধুব লাগে। এনেদৰে দৈনিক গা ধুলে ছাল নিমজ হয় আৰু ঘামচি নোলায়। গৰম দিনত বহুতৰ ছাল ৰ’দত ক’লা পৰা দেখা যায়। এনেলোকে ক’লা তিল ডাঙৰ চামুচেৰে এক চামুচ পটাত পিহি ল’ব লাগে। তাৰ পাছত এটা পাত্ৰত গুড়া তিলখিনি লৈ তাত ৫ চামুচ গাখীৰ মিহলাই ছালৰ ক’লা পৰা অংশত সানিব লাগে। এনেদৰে দিনে এবাৰকৈ ৩/৪ দিন সানিলে ক’লা দাগ নাইকিয়া হয়। গৰম দিনত ছালৰ ৰোগৰ পৰা হাত সাৰিবৰ বাবে ১ মুঠি মহানিমৰ পাত খুন্দি ৰস উলিয়াই প্ৰায় ১০ লিটাৰ পানীত মিশ্ৰণ কৰি তাত ৫০ গ্ৰাম মচুৰ দাইলৰ গুড়া মিহলাই ছালত সানিব লাগে। সপ্তাহত অন্তত: ২ দিন এনেদৰে ব্যৱহাৰ কৰা উচিত। মুখৰ বা হাতৰ ছালৰ বলি দাগবিলাক দূৰ কৰিবৰ কাৰণে পাচাউলিৰ তেল দিনে এবাৰকৈ সানিব লাগে নাইবা ডাঙৰ চামুচেৰে এক চামুচ বাৰ্লি আৰু সম পৰিমাণৰ পকা বিলাহীৰ ৰস মিশ্ৰণ কৰি সানিলেও ছালৰ বলি দাগবোৰ নাইকিয়া হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে। উৎস: বনদৰব আৰু আৰোগ্য।