কিবা কথাত খং উঠিলে দমন কৰিবলৈ চেষ্টা কৰক। কাৰণ খঙে খাণ্ডৱ দাহৰ সৃষ্টি কৰে, খঙৰ বাবে সংসাৰ ভাঙিব পাৰে, কেতিয়াবা নঘটিবলগীয়া ঘটনাও খঙৰ বাবেই ঘটে। গতিকে খং উঠিলে অন্য কামত নিজকে ব্যস্ত কৰাৰ চেষ্টা কৰক। এনেকুৱা এটা কাম কৰক যিটো কামে আপোনাৰ মনটো খঙৰ কথাটোৰ পৰা আতৰাই নিব পাৰে। নিজৰ যিকোনো ভাল লগা কামটোত মন বহাওক। গান শুনক, কিতাপ আলোচনী পঢ়ক, পুতলা সাজক, লিখা-মেলা কৰক, ব্যঞ্জন ৰান্ধক, ঘৰৰ কোঠাটোকে সজাওঁক নতুবা চকু মুদি পদ্মাসনত বহি ধ্যান কৰক। কাৰোবাৰ ওপৰত খং উঠিলে প্ৰথমে শুদ্ধ-অশুদ্ধ বিচাৰ কৰক। যদি যুক্তিত পৰে খং কৰক, ভুলটো শুধৰাইও দিয়ক। কিন্তু অযথা খং কৰি নিজৰ ক্ষতি মাতি নানিব। বেছিকৈ আনৰ ওপৰত ভৰষা বা আশা নকৰিব। কাৰণ আপুনি আশা কৰাৰ বিপৰীতে কাম হ’লেহে আপোনাৰ খং উঠিব। খঙক দমন কৰি মৰমেৰে আৰু বুজাবুজিৰ মানসিকতা ৰাখি বিপৰীতজনৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। নিজৰ স্থিতি, ব্যক্তিত্বৰ কথা ভাবি লৈ খঙৰ পৰা আঁতৰি থাকক। খঙখিনি ৰাজহুৱা নকৰি ডায়েৰিত লিখক, মনটো ফৰকাল হ’ব। নতুবা আপোনজন, বন্ধুৰ আগত প্ৰকাশ কৰক, মনটো ভাল লাগিল। সৰু সৰু কথাত বেছিকৈ মূৰ ঘমাই নাথাকিব। কিছুমান কথা আওঁকাণ কৰি চলাৰ চেষ্টা কৰক। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।