কেন্সাৰ আজিকালি অপ্ৰতিৰোধ্য ৰোগ নহয়।চিকিৎসা-বিজ্ঞানৰ অগ্ৰগতিয়ে কেন্সাৰৰ চিকিৎসা সম্ভৱ কৰি তুলিছে,যদিও কেন্সাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে।আমাৰ জীৱন যাপন প্ৰণালী আৰু খাদ্যাভ্যাসে কেন্সাৰৰ প্ৰাদুৰ্ভাৱত সহায় কৰিছে।কেন্সাৰ সংঘটিত হয় অনিয়ন্ত্ৰিত বা অস্বাভাৱিক কোষ বিভাজনৰ ফলত।এনেবোৰ দ্ৰুত বৃদ্ধি হোৱা কোষে থুপ পাতি টিউমাৰৰ সৃষ্টি কৰে অথবা সুস্থ কোষ ধ্বংস কৰি ক্ষত সৃষ্টি কৰে। কেন্সাৰ কোষবোৰ সমগ্ৰ শৰীৰতে বিয়পি পৰে।

আমাৰ শৰীৰৰ অসংক্ৰাম্যতন্ত্ৰই বাহিৰৰ পৰা শৰীৰ আক্ৰমণ কৰা বীজাণু বা জীৱাণু চিনাক্ত কৰি সেইবোৰক ধ্বংস কৰে আৰু শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ে।বাহিৰৰ পৰা শৰীৰ আক্ৰমণ কৰা বীজাণু বা জীৱাণুবোৰক ‘এণ্টিজেন’ আৰু শৰীৰৰ অসংক্ৰাম্যতন্ত্ৰৰ প্ৰতিৰোধ সৈন্যবোৰক ‘এণ্টিবডী’ বোলা হয়।এণ্টিবডীবোৰ এণ্টিজেন সুনিৰ্দিষ্ট, অৰ্থাৎ যেনেধৰণৰ এণ্টিজেন শৰীৰত সোমায়, সেই এণ্টিজেন প্ৰতিৰোধৰ কাৰণে দেহৰ অস্ংক্ৰাম্যতন্ত্ৰই তেনেধৰণৰ এণ্টিবডী গঢ়ি তোলে। অসংক্ৰাম্যতন্ত্ৰই কিছুমান সংক্ৰমণ কৰিব পাৰে যদিও কেন্সাৰ কোষৰ বিৰুদ্ধে যুঁজিব নোৱাৰে,কাৰণ সেইবোৰতো দেহৰ কোষ। অসংক্ৰাম্যতন্ত্ৰৰ বিসংগতি হ’লেহে,নিজৰ দেহৰ কোষৰ বিৰুদ্ধে যুঁজি ‘স্বসংক্ৰাম্য ৰোগ’সৃষ্টি কৰে। অৱশ্যে ‘কেন্সাৰ ইমিউন’থেৰাপী’ৰ চেষ্টা,অৰ্থাৎ দেহৰ অসংক্ৰাম্যতন্ত্ৰক কেন্সাৰ সৃষ্টিকাৰী কোষবোৰৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সাজু কৰাৰ চেষ্টা গৱেষকসকলে কৰি আছে।

ছালমনেলা এবিধ দণ্ডাকৃতিৰ,অবায়বীয় (বায়ুৰ অভাৱত জীয়াই থাকিব পৰা )বেক্টেৰিয়া। এই বেক্টেৰিয়াবিধ প্ৰধানকৈ আমাৰ খাদ্য বিষাক্তকৰণৰ লগত জড়িত শিশু,বৃদ্ধ আৰু ক্ৰনিক ৰোগত আক্ৰান্তজনৰ কাৰণে ছালমনেলা অধিক ক্ষতিকাৰক।শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ চন্নাম নেচনেল ইউনিভাৰ্ছিটীৰ (Chonnam National University)জিন হাই ঝেংগ’( Jin Hai Zhengo)ৰ নেতৃত্বত এদল গৱেষকে এই ভয়াৱহ বেক্টেৰিয়াবিধক জীৱনদায়ী বেক্টেৰিয়ালৈ ৰুপান্তৰিত কৰাত সক্ষম হৈছে। তেওঁলোকে বেক্টেৰিয়াবোৰক কেন্সাৰধৰ্মী টিউমাৰৰ ভিতৰত সুমুৱাই দি সেই কোষবোৰক চিহ্নিত কৰিছে-যাতে অসংক্ৰাম্যতন্ত্ৰৰ এণ্টিবডীবোৰ কেন্সাৰ কোষবোৰ ‘বিদেশী’বুলি চিনাক্ত কৰি ধ্বংস কৰিব পাৰে।অৱশ্যে বিজ্ঞানীসকলে জিনীয়ভাৱে ৰুপান্তৰিত বেক্টেৰিয়াহে ব্যৱহাৰ কৰিছিল,অৰ্থাৎ এইবোৰৰ ৰোগ সংঘটন ক্ষমতা স্বাভাৱিক ছালমনেলাতকৈ এক নিযুত গুণ কমাই সম্পুৰ্ণ নিৰাপদ কৰি লৈছিল, যাতে এইবোৰে শৰীৰৰ অন্য অংগ আক্ৰমণ কৰি ৰোগাকাৰ্ন্ত কৰিব নোৱাৰে।মানুহৰ খাদ্যনলীৰ কেন্সাৰ হোৱা অংশ এন্দুৰত সংস্থাপন কৰি তেওঁলোকে এন্দুৰত কেন্সাৰ সংঘটন কৰিছিল আৰু সেই অংশত ছালমনেলা বেক্টেৰিয়া সুমুৱাই পৰীক্ষা কৰিছিল।তেওঁলোকে লক্ষ্য কৰিছিল যে সৰহসংখ্যক এন্দুৰৰ কেন্সাৰ,কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ সম্পুৰ্ণৰুপে আৰোগ্য হৈছে।এই ফলাফল তেওঁলোকে ২০১৭ চনৰ ফেব্ৰুৱাৰীত ‘Science Translational Medicine’ নামৰ আলোচনীত প্ৰকাশ কৰিছিল।

বিজ্ঞানীসকলে ছালমনেলাক কেন্সাৰ চিকিৎসাত ব্যৱহাৰ কৰিব পৰা সম্ভাৱনাটো আকস্মিকভাৱেহে আৱিষ্কাৰ কৰিছিল। তেওঁলোকে বেলেগ বিষয়ত গৱেষণা কৰি আছিল। তেওঁলোকে লক্ষ্য কৰিছিল যে বৰ্মীপ্ৰাণী (শামুক,কেঁকোৰা)আক্ৰমণ কৰা বেক্টেৰিয়াবোৰে সেইবোৰৰ দেহত ‘Fla B’ নামৰ এবিধ প্ৰ’টিন সৃষ্টি কৰে, যি প্ৰ’টিনে প্ৰাণীটোৰ দেহত প্ৰবল অসংক্ৰাম্য সঁহাৰি গঢ়ি তোলে।এই অধ্যয়নৰ ভিত্তিতে তেওঁলোকে সৰল বেক্টেৰিয়া ছালমনেলাক পৰীক্ষাৰ বাবে বাছি লৈছিল,আশা কৰিছিল যে এই বেক্টেৰিয়ায়ো একে প্ৰ’টিন সৃষ্টি কৰিব আৰু প্ৰাণীৰ দেহত অসংক্ৰাম্য সঁহাৰি গঢ়ি তুলিব।

কিছুদিন আগতে এইটো প্ৰমাণিত হৈছে যে ছালমনেলাকে ধৰি কিছুমান বেক্টেৰিয়া প্ৰজাতিয়ে,কেন্সাৰ টিউমাৰত বংশ বৃদ্ধি কৰিব পাৰে, স্বাভাৱিক কলাত নোৱাৰে। এতিয়ালৈকে কেন্সাৰ চিকিৎসাত বেক্টেৰিয়াৰ প্ৰয়োগ সীমিত হৈ আছে। কিন্তু ঝেংগ’ৰ দলটোৰ সফলতাই কেন্সাৰ চিকিৎসাৰ এটা নতুন দিশ উন্মোচন কৰিলে।অৱশ্যে এইটো উল্লেখ কৰিব লাগিব যে ৰুপান্তৰিত বেক্টেৰিয়াই প্ৰত্যক্ষভাৱে কেন্সাৰ কোষ ধ্বংস নকৰে,অসংক্ৰাম্য সঁহাৰি জাগ্ৰত কৰে, যাতে এণ্টিবডীবোৰে কেন্সাৰবোৰ ধ্বংস কৰিব পাৰে। আগৰ গৱেষণাবোৰৰ লক্ষ্য আছিল-বেক্টেৰিয়াৰ ব্যৱহাৰেৰে কেন্সাৰ প্ৰতিৰোধী ঔষধ প্ৰস্তুত কৰা। কিন্তু বেক্টেৰিয়াবোৰক কেন্সাৰ প্ৰতিৰোধৰ কাৰণে শৰীৰৰ অসংক্ৰাম্য সঁহাৰি গঢ়ি তোলাত ব্যৱহাৰ কৰিবলৈ কৰা গৱেষণা এইটোৱেই প্ৰথম। প্ৰাণীদেহত পৰীক্ষা কৰি সফলতা লাভ কৰাৰ পিছত এতিয়া বিজ্ঞানীসকলে মানুহৰ দেহত পৰীক্ষা চলাবলৈ পুঁজিৰ সন্ধান কৰিছে। আশা কৰা হৈছে বিপজ্জনক বেক্টেৰিয়া ছালমনেলা অনতিপলমে বিপদমোচন বেক্টেৰিয়ালৈ ৰুপান্তৰিত হ’ব।

লেখিকা: ড: অমিয়া ৰাজবংশী (জি এনআৰচি স্বাস্থ্য)