আমি সকলোৱে সৰুৰে পৰা কিছুমান পাৰিবাৰিক শিক্ষা লৈ ডাঙৰ হওঁ। পঢ়া-শুনাৰ পৰা আদি কৰি জীৱদন-যাপনৰ সকলো কথা ইয়াত জড়িত হৈ থাকে। খাদ্যও ইয়াৰ ভিতৰতে পৰে। খাদ্য সম্পৰ্কে বহুতো ভ্ৰান্ত ধাৰণা লৈ আমি ডাঙৰ-দীঘল হওঁ। এইটোৰ লগত সেইটো নাখাবি, ইটোৰ পিচত সিটো নাখাবি- এনে ধৰণৰ কথা প্ৰায়ে আমাৰ অগ্ৰজসকলে আমাক কৈ আহিছে। সেইবোৰ কথাৰ বৈজ্ঞানিক ভিত্তি কৰি তেওঁলোকে যিদৰে নাজানে, একেদৰে আমিও নাজানো।

বৰ্তমান যুগৰ পৰিৱৰ্তন হৈছে। চিকিৎসা বিজ্ঞানে প্ৰত্যেক দিনাই এতিয়া আমাক জীৱনচৰ্চাৰ নানান জ্ঞান বিলাই আহিছে। সেইবোৰৰ বিষয়ে পঢ়ি আমি জীৱনচৰ্চা নানান কথা জনাৰ লগতে সৰুকালৰে পৰা মনত পুহি অহা ভ্ৰান্ত ধাৰণাবোৰৰ বিষয়েও জানিব পাৰিছো। কি খাদ্য কেতিয়া আৰু কোন সময়ত খোৱা অনুচিত সে সম্পৰ্কে খাদ্য বিশেষজ্ঞই প্ৰায়ে কৈ আহিছে। তেনেবোৰ খাদ্যৰ বিষয়ে আজিৰ আলোচনা।

কণী আৰু গাহৰিৰ মাংস একেলগে খোৱা অনুচিত। কাৰণ, কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থকাৰ লগতে গাহৰিৰ মাংসত থাকে প্ৰচুৰ পৰিমাণে চৰ্বি। গতিকে একেলগে খালে হজম হোৱাত সমস্যাই দেখা দিয়ে। আনকি শৰীৰৰ শক্তি পৰ্যন্ত নিঃশেষ হ’ব পাৰে।

মাংসৰ লগত আলু সকলোৰে অতি প্ৰিয় আৰু সুস্বাদু। কিন্তু মাংসৰ লগত আলু খোৱাটো বিপজ্জ্বনক। কিয়নো আলু আৰু মাংস একেলগে খালে শৰীৰত ফাইবাৰ হ্ৰাস হৈ নানান ক্ষতিকাৰক প্ৰতিক্ৰিয়া ঘটিব পাৰে। একেদৰে মাফিন আৰু জুচ বহুতৰে পছন্দৰ খাদ্য। বহুতেই আকৌ দুয়োবিধ খাদ্য একেলগে খাবলৈয়ো বেছি পছন্দ কৰে। কিন্তু এই দুয়োবিধ খাদ্য একেলগে খোৱাটো একেবাৰে অনুচিত। কাৰণ মাফিনত প্ৰচুৰ কাৰ্ব’হাইড্ৰেট থাকে, সেয়ে মাফিনৰ লগত জুছ খালে শৰীৰত কাৰ্ব’হাইড্ৰেটৰ মাত্ৰা আৰু বৃদ্ধি পায়। সেয়ে শৰীৰত ৰক্তচাপ বৃদ্ধি হৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

তৰমুজত ৯০-৯৫% পানী থাকে। ফলত তৰমুজ খোৱাৰ পাচত পানী খালে দেহৰ পাচক ৰসৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে। সেয়ে তৰমুজ খাই উঠি পানী খোৱা অনুচিত। আমাৰ বহুতেই নাজানো যে চিজ দিয়া খাদ্য মুঠেও স্বাস্থ্যসন্মত নহয়। কাৰণ কাৰ্বনযুক্ত এই খাদ্য শৰীৰত চৰ্বি তথা কেলৰি জমা হোৱাত সহায় কৰে। সহজে হজম নহয়। ফলত শকত হোৱাৰ সম্ভাৱনাই অধিক। তথাপি চিজপ্ৰেমীসকলে চফট ড্ৰিংকছৰ লগত চিজ খোৱাৰ পৰা বিৰত থকাই উচিত।

চাহ আৰু দৈ দুয়োটা এচিডযুক্ত। ফলত দুয়োটা একেলগে খালে দেহৰ আভ্যন্তৰীণ ভাৰসাম্য নষ্ট হৈ হজম প্ৰক্ৰিয়া বাধাগ্ৰস্ত হ’ব পাৰে। একেদৰে দৈ আৰু ফল একেলগে খোৱা অনুচিত। অম্লস্বাদযুক্ত খাদ্য দৈৰ লগত খালে দেহত এচিড তৈয়াৰ হৈ পাচনযন্ত্ৰক বাধাগ্ৰস্ত কৰে। সেয়ে দৈ আৰু ফল ওপৰা-উপৰিকৈ খাব নালাগে।

উৎস: সাদিন ফিছাৰ্চ