১. খাদ্যত আঁহজাতীয় দ্ৰব্যৰ পৰিমাণ বেছি থাকিব লাগে | যেনে- সেউজীয়া শাকপাচলি, ফলমূল, মাহ-জাতীয় শস্য, চালাড্, গজালি ওলোৱা বুট-মুগ আদি |
২. সদায় যথেষ্ট পৰিমাণে পানী খাব লাগে, যাতে অলপো জলাল্পতা( ডিহাইড্ৰেশ্বন) নহয় | তাৰোপৰি ব্যায়াম কৰোতে, পৰিশ্ৰম কৰিলে,বা খুব গৰম বতৰত পানী খোৱাৰ পৰিমাণ বেছিকৈ বঢ়াব লাগে | ৰাতি শোৱাৰ সময়ত আৰু ৰাতিপুৱা দুই গিলাচ কুহুমীয়া গৰমপানী খালে ৰাতিপুৱা শৌচ খোলোচা হয় |
৩. সদায় ৰাতিপুৱা সূৰ্য্যদোয়ৰ আগতে উঠি শৌচ কৰিব লাগে | যিমান দেৰিকৈ উঠিব সিমান মলভাগৰ পৰা পানী শৰীৰে শুহি লব আৰু কোষ্ঠকাঠিন্য হব | পিছত যেতিয়াই শৌচৰ ভাব লাগিব তেতিয়াই শৌচ কৰিব লাগে |
৪. কিবা কাৰণত এন্টিবায়টিক দৰব খাব লগা হলে চিকিত্সকৰ পৰামৰ্শ অনুসাৰে লেক্টবেচিলাছ জাতীয় প্ৰবায়টিক দৰব খালে কোষ্ঠকাঠিন্যৰ পৰা বাচিব পাৰি | এই ক্ষেত্ৰত কেইদিনমান দৈ খালে উপকাৰ পাব পাৰি | যধেমধে অপ্ৰয়োজনীয়ভাবে চিকিত্সকৰ পৰামৰ্শবিনে এন্টিবায়টিক খাব নালাগে |
৫. আহাৰ খোৱাৰ পাছত ১৫মিনিটমান বজ্ৰাসন কৰিলে কোষ্ঠকাঠিন্যৰ পৰা বাচিব পাৰি | তাৰোপৰি ময়ুৰাসন, হলাসন, অৰ্ধ-মত্সেন্দ্ৰাসন, পৱনমুক্তাসন, বদ্ধকোনাসন, বালাসন, সুপ্ত-মত্সেন্দ্ৰাসন আদি যোগাসন কৰিলে কোষ্ঠকাঠিন্যত ভুগিবলগা নহয় |
৬. সদায় ৰাতিপুৱা পানী খাই ৩কিলোমিটাৰমান খোজকঢ়াৰ অভ্যাস কৰিব লাগে |
৭. ফাষ্ট ফুড্, জাংক্ ফুড্, কোল্ড ড্ৰিংক্স, ৰঙা-মাংস আদি কম পৰিমাণে খাব লাগে |

লেখক: ড: হেমন্ত কুমাৰ নাথ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ