কলমৌ শাকে আমাৰ ছাল আৰু চুলিক যথেষ্ট সুৰক্ষা দিয়ে। এই শাক থাইলেণ্ড, ভিয়েটনাম, ম্যানমাৰ আদি ৰাজ্যত অতি জনপ্ৰিয়। এওঁলোকে এই শাক সিজাই খোৱাৰ উপৰি কেঁচাই খায়। কলমৌ শাকৰ বিভিন্ন ধৰণৰ গুণসমূহ এনেধৰণৰ- কলমৌ শাকত ভিটামিন ‘এ’ আৰু ‘বি’ আছে। প্ৰতিদিনে আমি অলপকৈ খাব পাৰিলে আমাৰ ছালৰ উজ্জ্বলতা বাঢ়ে আৰু দাগবিহীন হয়। এই শাক খোৱাৰ ফলত মাহেকীয়া বিষ আদি নাশ হয়। ছালত হোৱা ঘা, শালমইনা আদি নাশ হয়। নাকৰ পৰা তেজ ওলোৱা বন্ধ হয়। টোপনি খুব ভাল হয়। যিসকলৰ টোপনি ভাল নহয় তেওঁলোকে এই শাক খোৱাটো উচিত। টোপনি নহা বেমাৰ নাইকিয়া হয়। কলমৌৱে আমাৰ বয়সৰ ছাপ কমাই ৰাখে। আমাৰ দেহৰ কোষসমূহ নষ্ট কৰা ফ্ৰী ৰেডিকেলসমূহ নাশ কৰে। ই চকুৰ ৰশ্মি বঢ়ায় আৰু উজ্জ্বল কৰে। কাৰণ এই শাকত ভিটামিন ‘এ’ থাকে। ভিটামিন ‘ই’ থাকে বাবে দেহৰ ইমিউনিটী ভাল কৰে। এই শাক খালে আমাৰ শৰীৰত কৰ্কটেও আক্ৰমণ কৰিব নোৱাৰে বুলি কোৱা হয়। ই আমাৰ কলেষ্টেৰল আঁতৰায়। আমাৰ ৰক্ত প্ৰবাহিত হোৱা সিৰা-উপসিৰাসমূহ পৰিষ্কাৰ কৰে। কিন্তু পুৱাই নহৰুৰ লগত খাব লাগে। ইয়াত আইৰন থকাৰ বাবে মহিলাৰ এনিমিয়া নাইকিয়া কৰে। হজম শক্তিৰ অসুবিধাসমূহ দূৰ কৰে। ই হজম শক্তিৰ অসুবিধাসমূহ দূৰ কৰে। ওজন কমায়। কিন্তু ইউৰিক এচিড থাকিলে খোৱাটো উচিত নহয়। আমাৰ ছালত যদি ক’লা দাগৰ চামনি পৰে, তেন্তে এই শাক খালে দাগ কমি যায়। দাগ আঁতৰাবলৈ পিগমেণ্টেচন ট্ৰিটমেণ্ট কৰিব লাগে। এই ট্ৰিটমেণ্ট কৰাৰ উপৰি কলমৌ শাক খাব লাগে। লেখিকা: ভানু শৰ্মা, অসম বাণী।