টাইফয়েড্ জ্বৰ ছালম’নেল’ছিছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ। এই ৰোগৰ বীজাণুৱে হাঁহ-কুকুৰা তথা জীৱ-জন্তকো সমানে আক্ৰমণ কৰে। আক্ৰান্ত পশু-পক্ষীৰ মাংস, কণী তথা মল মূত্ৰৰ জৰিয়তে ছালম’নেলাৰ বীজাণু মানুহলৈ বিয়পে। মানুহৰ দেহলৈ ছালম’নেল’ছিছৰ সংক্ৰমণ কেনেকৈ হয়? হাঁহ-কুকুৰাৰ আধা সিজা কণী বা মাংস খালে। পশু-পক্ষী চৰি ফুৰা পুখুৰীৰ অপৰিশোধিত বা ফিল্টাৰ নকৰা পানী খালে। মাখিয়ে মল মূত্ৰত থকা বীজাণু খোৱা খাদ্যলৈ বিয়পালে। গাহৰিৰ মাংস ভালদৰে সিজাই নাখালে। কেচাঁ গাখীৰ বা তেনে গাখীৰৰ উৎপাদিত খাদ্য-সামগ্ৰী খালে। মানুহৰ ক্ষেত্ৰত ছালম’নেল’ছিছৰ লক্ষণ সমূহ কেনেকুৱা হয়? খোৱাৰ ৰুচি কমি যায়। বমিৰ ভাৱ হয়। কপি কপি জ্বৰ উঠে আৰু মূৰৰ বিষ হয়। দেহত পানীৰ পৰিমাণ কমি যায়। অসহনীয় পেটৰ বিষৰ লগতে পনীয়া শৌচ হয়। শৌচত বিজল তথা তেজৰ চেকুৰাও দেখা যায়। কিছুমান ক্ষেত্ৰত কোষ্ঠকাঠিন্যও দেখা যায়। আক্ৰান্ত জীৱ-জন্ত বা হাঁহ-কুকুৰাৰ ক্ষেত্ৰত কেনেধৰণৰ লক্ষণ দেখা যায়? আক্ৰান্ত চৰাই, জীৱ-জন্তৱে খাবলৈ এৰে। দেহৰ উষ্ণতা বৃদ্ধি হয়। পনীয়া শৌচ (ডায়েৰিয়া) হয়। দেহত পানীৰ পৰিমাণ কমি যায়। চৰাইবোৰে বেছিকৈ পানী খাবলৈ লয়। দেহৰ ওজন কমি যায়। গাইগৰুৰ ক্ষেত্ৰত গৰ্ভপাত হয়। খীৰতি গাইৰ গাখীৰ উৎপাদন কমি যায়। আক্ৰান্ত জীৱ-জন্ত মৃত্যু মুখত পৰিব পাৰে। টাইফয়েড্ ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ কেনেকৈ কৰিব? মানুহৰ ক্ষেত্ৰত যি কোনো বস্তু খোৱাৰ আগতে হাত দুখন পৰিষ্কাৰকৈ ধুব লাগে। হাঁহ-কুকুৰাৰ গড়াল তথা গোহালি চাফা কৰি আহি পৰিষ্কাৰ-পৰিচন্ন হৈ হে পাকঘৰত সোমাব লাগে। শাক-পাচলি, মাছ-মাংস আদি ৰন্ধাৰ আগতে পৰিষ্কাৰ পানীৰে ভালকৈ ধুব লাগে। হাঁহ-কুকুৰাৰ কণী বা মাংস ভালকৈ সিজাই খাব লাগে। পানী সদায় উতলাই, পৰিশোধন বা ফিল্টাৰ কৰি খাব লাগে। খোৱা বস্তু সদায় ঢাকি থোৱা উচিত। গাখীৰ ভালকৈ উতলাই খাব লাগে। টাইফয়েড্ৰ লক্ষণ সমূহ দেখা দিয়া মাত্ৰকে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। জীৱ-জন্তৰ ক্ষেত্ৰত : তেজ আৰু শৌচৰ নমুনা সময়ে সময়ে পৰীক্ষা কৰা উচিত। বেমাৰত আক্ৰান্ত হাঁহ-কুকুৰা, গৰু-ছাগলী আদিক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। টাইফয়েড্ৰ লক্ষণ সমূহ দেখা দিয়া মাত্ৰকে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। লেখক: ড° ডি. প. বৰা, মূখ্য গৱেষক, ডি. বি. টি. প্ৰজেক্ট, অনুজীৱ বিজ্ঞান বিভাগ, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী