থাই মাছাজেৰে ভাল কৰক অফিচত কাম কৰা সকলৰ বাবে, বাইক চলোৱাসকলৰ বাবে কঁকালৰ বিষ নিত্য-নৈতিক সমস্যা হৈ পৰিছে। ইয়াৰ উপৰি গৃহিণীসকলৰ বাবেও ই পৈমাল ৰূপে দেখা দিয়ে। ঔষধ খোৱাটোৱে স্থায়ী ব্যৱস্থা নহয়। ঔষধ খাই থাকিলে স্বাস্থ্যৰ অৱনতি ঘটে, কিডনী আৰু স্নায়ুৰ সমস্যা আহি পৰে। সেইবাবে থাই মাছাজৰ দ্বাৰা ঘৰতে কঁকালৰ বিষ ভাল কৰিব পৰা ব্যৱস্থা আগবঢ়োৱা হ’ল। থাই মাছাজ মূখ্যত: কিছুমান আসনৰ আধাৰত ৰূপায়িত কৰা হয়। থাই মাছাজ কৰোঁতে কাপোৰ খুলাৰ প্ৰয়োজন নহয়। তেল, পাউদাৰ, ঘিঁ, ক্ৰীম আদিৰো প্ৰয়োজন নহয়। অত্যন্ত সুবিধাজনক আৰু ফলাদায়ক। কৰি চাওঁক সুফল পালে দহজনক জনাওক। ৰকিং চেয়াৰ কৰিবলৈ ভাল, ল’বলৈও ভাল। ৰকিং চেয়াৰৰ দৰে দুলি থাকিব পাৰি বাবে এই নাম দিয়া হৈছে। মালিছ দিওঁতাজন মালিছ লওঁতাজনৰ ভৰিৰ তলুৱাত বহি লাহে লাহে দুলি মালিচ দি থাকিব লাগে। লিম্ফ চিচ্টেম পৰিষ্কাৰ কৰিবলৈ বিষ নাইকিয়া কৰিবলৈ উত্তম। সাৱধান: মালিচ লওঁতাজনৰ ভৰি যদি সৰু হয় তেন্তে এই মালিচ কৰাত অসুবিধা আহিব পাৰে। তেনে ক্ষেত্ৰত নকৰাই ভাল। দ্য বো ধনু আসনৰ আধাৰত এই মালিচটো কৰা হয়। বহু সময় ধৰি কাম কৰি থকাৰ সময়ত কঁকালৰ বিষ হোৱাৰ ক্ষেত্ৰত ই অত্যন্ত উপকাৰী। এই মালিচ লোৱাৰ ফলত কঁকালৰ বিষ নাইকিয়া হয়। শৰীৰত নতুন উদ্যম আনে লগতে পেট আৰু কঁকালৰ চৰ্বি কমে। লওঁতাৰ হাত দুখন দিওঁতাৰ কৰংগনত স্থাপন কৰক। দিওঁতাই লওঁতাৰ ওপৰত নিজকে স্থাপন কৰক। দিওঁতাই লওঁতাৰ কান্ধত এনটেৰিঅ’ৰ ডেলটইড মাচলত ধৰক। লাহেকৈ ওপৰলৈ উঠাই লৈ পাঁচ ছেকেণ্ডমান ধৰি থাকক। লাহেকে মাটিত এৰি দিয়ক। ষ্টেৰিং দ্য বোট ভুজাং আসনৰ আৰ্হিত এই মালিচটো দিয়া হয়। পাইনেল কোডৰ সমস্যা থাকিলে, কঁকাল-পেটত চৰ্বি বেছি হ’লে, স্পণ্ডলাইটিছ হ’লে এই মালিচ দিলে সুফল লাভ কৰিব পাৰি। দিওঁতাই লওঁতাৰ তপিনাৰ তলৰ ভাগত আঁঠু কাঢ়ি বহি লওক। লওঁতাৰ হাত দুখন পিছলৈ আনি দিওঁতাৰ হাতৰ লগত বান্ধ খুৱাই লওঁক। দিওঁতাই লাহেকৈ পিছৰ ফাললৈ হাউলি যাওঁক লগতে লওঁতাৰ কঁকালৰ পৰা ওপৰছোৱা পিছলৈ লাহেকৈ টানি দিয়ক। লওঁতাৰ ভৰি পোনকৈ ৰাখিব। পাঁচ ছেকেণ্ড মান এই অৱস্থাত ধৰি ৰাখিব। লাহেকৈ এৰি দিব। ভুজংগাসন কৰিলে যি ফল পোৱা যায়, এই মালিচ কৰিলেও সেই আটাইখিনি ফলেই পোৱা যায়। ল’কাষ্ট লিফ্ট শল্ভাসনৰ আধাৰত এই মালিচ কৰা হৈছে। চাইটিকা, কঁকালৰ বিষ, আৰ্থৰাইটিষ্ট আদিৰ বাবে অত্যন্ত ফলদায়ক। শৰীৰৰ ভৰ নিদিয়াকৈ দিওঁতাৰ ভৰো লওঁতাৰ R’s Sacrum ৰ ওপৰত লাহেকে থ’ব। লওঁতাৰ ভৰি দুখন দিওঁতাই দুহাতেৰে সৰু গাঁঠিত ধৰি ল’ব। লাহেকে ভৰি দুখন ওপৰলৈ উঠাই লৈ যাব। যিমান পাৰে ওপৰলৈ নিব। কিছু সময় ধৰি ৰাখিব। অন্তত: পাঁচ ছেকেণ্ড। লাহেকে এৰি দিব। শলভাসন কৰিলে যি ফল পোৱা যায়, এই মালিচ কৰিলেও সেই আটাইখিনি ফলেই পোৱা যায়। ট্ৰেজাৰ হান্ট স্কেপুলাৰ পৰা কেতিয়াবা পিঠিত অসহ্যকৰ বিষ অনুভৱ হয়। স্পণ্ডলাইটিছ হ’লেও এই মালিচ কৰিব পাৰে। পৰীক্ষাৰ সময়ত বা অন্য সময়তো বেছিকৈ লিখা-মেলা কৰিলে বা কম্পিউটাৰত কাম কৰিলে বিষ হ’ব পাৰে। এনে হ’লে এই থাই মাছাজৰ সহায়ত এনে বিষ ভাল কৰিব পাৰি। লওঁতাৰ হাতখন দিওঁতাৰ কৰংগনত ৰাখিব। এন্টেৰিয়ৰ ডেলট’ইডত ধৰি লাহেকে এবাৰ ওপৰলৈ উঠাব আৰু এবাৰ তললৈ নমাব। দিওঁতাৰ তলুৱাৰে লওঁতাৰ স্কেপুলাৰ চাৰিওফালে মালিচ দিব। বুঢ়া আঙুলিৰে স্কেপুলাৰ চাৰিওফালে মালিচ দি চেক্ৰামৰ ফালে লৈ যাব। এই মালিচ দিওঁতে স্কেপুলা, কান্ধ অংশ ভালকৈ পৰীক্ষা কৰাৰ যথেষ্ট সুবিধা পোৱা যায়। সেয়েহে মালিচটো লোৱাৰ ফলত এই অংশৰ জটিল কোনো সমস্যা যদি আছে গম পোৱা যাব।