বৰ্তমানৰ যুগটো হৈছে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ যুগ। প্ৰতিযোগিতাত নামি পৰিছো আপুনি মই সকলো। আমাৰ এই প্ৰতিযোগিতাত বাধা দিয়ে সৰু বৰ বহু সমস্যাই। এই সমস্যাসমূহৰ ভিতৰত এক উল্লেখযোগ্য সমস্যা হৈছে মেদবহুলতা বা ওজন বৃদ্ধি হোৱা। আপুনি লিফ্টত উঠিছে আপোনাৰ ফালে অস্বস্তিৰে চাই দুজন মানুহ আঁতৰি দিছে, বাছৰ দুজনীয়া চিটটোত আপুনি আহি বহাৰ লগে লগেই কাষৰ জন উচপিচাই উঠিছে, দোকানত নিজৰ জোখৰ কাপোৰ বিচাৰি বিচাৰি আপুনি হায়ৰান হৈ পৰিছে! হয়, এনেকুৱা আৰু বহুতো সৰু-ডাঙৰ সমস্যাত ভোগা দেখা যায় শকত মানুহবোৰক। কাষেৰে লাহী, সুস্বাস্থ্যৰ মানুহ এজন পাৰ হৈ গ’লে দুগুণ হৈ পৰে আমাৰ এই সমস্যাবোৰে সৃষ্টি কৰা আমাৰ হতাশা। টেলিভিছন অন কৰিলেই পৰ্দাত দেখা পোৱা সেই আশাব্যঞ্জক বিজ্ঞাপনবোৰ “৩০ দিনত ৩০ কেজি(?) ওজন কমাওঁক”, “আগতে মই এনেকুৱা আছিলো আৰু এই প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পাচত এতিয়া মই এনেকুৱা” ইত্যাদি ইত্যাদি। প্ৰায়ে আমাক আকৰ্ষিত কৰে এই মন ভুলোৱা বিজ্ঞাপনবোৰে। কিন্তু কেতিয়াবা আমি ভাবি চাইছো নে, আপোনাক মোক প্ৰলোভিত কৰা এই বিজ্ঞাপনবোৰ কিমানদূৰ ফলপ্ৰসু বা এই বিজ্ঞাপনবোৰে প্ৰচাৰ কৰা সামগ্ৰীসমূহ আমাৰ কাৰণে কিমান সুৰক্ষিত। সৌন্দৰ্য্য প্ৰতিযোগিতাৰ দৌৰত সততে অতি সহজ উপায় বুলি অৱলম্বন কৰা এই উপায় সমূহৰ পৰা হ’ব পৰা সমস্যা সমূহৰ বিষয় আজি অলপ আলোচনা কৰিব বিচাৰিছো। আলোচনা কৰাৰ আগতে আহক জানি লওঁ কি কি কাৰণত মেদবহুলতাৰ সৃষ্টি হ’ব পাৰে।

তলত কিছু সাধাৰণ কাৰণ উল্লেখ কৰিছো –

১) থাইৰয়ডৰ (thyroid) সমস্যা :

হাইপ’থাইৰয়ডিজিম বা থাইৰয়ড হ’ৰমনৰ পৰিমাণ কমি যোৱা, যাৰ ফলত প্ৰায়ে ওজন বৃদ্ধি হয়। বিশেষকৈ প্ৰৌঢ় ব্যক্তি আৰু মহিলাসকলৰ ক্ষেত্ৰত এই সম্ভাৱনা অধিক।

২) মধুমেহৰ (diabetes) চিকিৎসা :

মধুমেহ বা ডায়েবেটিছৰ চিকিৎসা হিচাপে ইনচুলিন (insulin) ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত ওজন বৃদ্ধি হোৱা দেখা যায়।

৩) ষ্টেৰয়ড (steroid )ৰ ব্যৱহাৰ :

আৰ্থাইটিছ (arthritis), হাপানী (asthma) আদি বিভিন্ন ৰোগৰ চিকিৎসা হিচাবে ব্যৱহাৰ কৰা ষ্টেৰয়ডেও ওজন বৃদ্ধিত যথেষ্ট কাম কৰে।

৪) অৱসাদ আৰু হতাশা (stress ) :

বহু লোকৰ ক্ষেত্ৰত মানসিক হতাশা ওজন হ্ৰাসৰ কাৰণ যদিও বহু ক্ষেত্ৰত ই মেদবহুলতাৰো কাৰণ হৈ পৰে। বিশেষকৈ সেইসকলৰ বাবে যিয়ে অতি বেছি খাদ্য গ্ৰহণ হতাশা মুক্তিৰ বিকল্প হিচাবে লয়।

৫) বয়স :

বযসৰ লগে লগে কমি অহা শাৰীৰিক পৰিশ্ৰমৰ ফলত কেলৰি কমকৈ বাৰ্ন (callori burn) হয়। ই বয়সৰ লগত বৃদ্ধি হোৱা ওজনৰ অন্যতম কাৰণ।

৬) বংশাণুক্ৰমিক কাৰক :

মেদবহুলতা এক শক্তিশালী বংশাণুক্ৰমিক কাৰণ।

৭) অতি বেছি খাদ্য আৰু অতিমাত্ৰা জ্যাংক (junk) ফুড গ্ৰহন।

৮) কিছুমান বিশেষ দৰৱৰ ব্যৱহাৰ।

৯) হ’ৰমনৰ তাৰতম্য :

মহিলা সকলৰ ক্ষেত্ৰত মাহেকীয়া বন্ধ হোৱাৰ পাছত বৃদ্ধি হোৱা ওজনৰ অন্যতম কাৰণ হ’ৰমনৰ তাৰতম্য। ইত্যাদি।

কাৰণ সমূহ জনাৰ পাছত আমি ব্যৱহাৰ কৰা উপায় বা সামগ্ৰীসমূহৰ এই কাৰণ সমূহৰ ওপৰত প্ৰভাৱ আছে নে নাই সেইটো জানি লোৱাতো যথেষ্ট দৰকাৰী। অন্যথা এই ধৰণৰ সামগ্ৰী সমূহে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

কেইটামান গুৰুত্বপূৰ্ণ সমস্যা –

১) গ’লব্লাডাৰ ষ্টোনৰ (gall bladder stone) সম্ভাৱনা :

হঠাৎ ওজন হ্ৰাস হোৱা ১২ % ৰ পৰা ২৫ % মানুহৰ ক্ষেত্ৰত গ’লব্লাডাৰত পাথৰ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে ।

২) পুষ্টিহীনতা :

সাধাৰণতে দীৰ্ঘসময়ৰ কাৰণে অপৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহণ আৰু প্ৰটিনৰ অভাৱৰ ফলত পুষ্টিহীনতাই দেখা দিয়ে ।

৩) ডিহাইড্ৰেচন।

৪) আয়নৰ অভাৱ :

আয়নৰ অভাৱৰ ফলত জীৱনলৈ ভাবুকি পৰ্য্যন্ত আহিব পাৰে।

আন আন কিছুমান সাধাৰণ সমস্যা হ’ল –

৫) মূৰ কামোৰণি।

৬) মূৰ ঘূৰণি।

৭) সোনকালে ভাগৰ লগা।

৮) চুলি সৰা।

৯) মাংসপেশী শিথিল হোৱা।

১০) অনিয়মিত মাহেকীয়া।

১১) কোষ্ঠকাঠিন্য (constipation)। ইত্যাদি ।

শেষত কওঁ প্ৰকৃত সৌন্দৰ্য্য শাৰীৰিক নহয় মানসিকহে। শকত মানুহ এজনেও সুন্দৰ হ’ব পাৰে, প্ৰয়োজন এক সুন্দৰ ব্যাক্তিত্বৰ। ওজন হ্ৰাসৰ কাৰণে খৰতকীয়া আৰু ক্ষতিকাৰক পদ্ধতি কিছুমান অৱলম্বন কৰাতকৈ আমি এক সুস্থিৰ খাদ্যপদ্ধতি আৰু নিয়মীয়া কিছু শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা যথেষ্ট সুফল পাব পাৰো।

লেখক: নীত কাশ্যপ

উৎস: সাহিত্য.অৰ্গ