প্ৰতিদিনে ৰাতি শোৱাৰ আগেয়ে গোলাপজল আৰু গ্লিচাৰিণ মিহলাই সানি থ’ব। ওঁঠ সজীৱ আৰু মৃসণ হ’ব।

বাৰে বাৰে ওঁঠ কামুৰি অথবা চেলেকি থকাৰ অভ্যাস থাকিলে আঁতৰাওক। ইয়াৰ ফলত ওঁঠ ফাটে।

পাৰিলে সদায় গাজৰৰ ৰস খাওক।

কেতিয়াবা ওঁঠ ক’লা ক’লা দেখা যায়। দিনে দুবাৰকৈ তিয়হৰ ৰস আৰু নেমুৰ ৰস মিহলাই লগাব। ওঁঠ পৰিষ্কাৰ আৰু কোমল হ’ব।

মাজে মাজে ক্ৰীম বা গাখীৰৰ সৰ লগাই মালিচ কৰিব।

ওঁঠত মৌ সানি থ’লেও ওঁঠ ভালে থাকে আৰু নাফাটে।

লিপষ্টিক পৰাপক্ষত ব্যৱহাৰ নকৰি সামান্য লিপ বাম লগাব পাৰে। ই ওঁঠক বাহিৰৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰিব।

উৎস: ইন্টাৰনেট।