পেটত গেছ জমা হোৱাটো এটি সাধাৰণ অস্বস্তিদায়ক উপসৰ্গ।কেৱল এই গেছৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে চিকিৎসকৰ কাষ চাপে। কিন্ত এলোপেথিক চিকিৎসকৰ ঔষধৰ দ্বাৰা এই সমস্যাৰ পৰা স্থায়ীভাৱে সামাধান পাব নোৱাৰি। তথাপি কিওমান ঘৰুৱা উপায়েৰে এই সমস্যাৰ লগতে খাদ্য দ্ৰব্যৰ লগত নিহিত হৈ থকা গেছ সৃষ্টিৰ সমস্যাও সমাধান কৰিব পাৰি। পেটত গেছ নহবৰ কাৰণে মগু, বুট, মটৰ, ৰহৰ দাইল, আলু, উৰহি, ভাত তথা অতি জ্বলা জলকীয়া, মচলাযুক্ত আহাৰ অতি বেছি পৰিমাণে খাব নালাগে। লগতে এই সমস্যাৰ পৰা আঁতৰি থাকিবলৈ সহজ পাচ্য খাদ্য যেনে-শীতকালীন পাচলি, খিচিৰি, বাকলিৰে সৈতে বনোৱা আটা, গাখীৰ, ভোল, কচু, পালেং শাক, টিণ্ডা, চালগোম, আদা, আমলখি, নেমু আদিৰ সেৱন অধিক পৰিমাণে কৰা উচিত। কেইটিমান ঘৰুৱা দিহা প্ৰতিদিনে পুৱা খালী পেটত এটাকৈ আপেল খাওক। কোষ্ঠ্যকাঠিন্য আৰু এচিডিটিৰ দৰে পেটৰ যি কোনো সমস্যা দূৰ হ’ব। পেটৰ যিকোনো সমস্যাৰ বাবে আদা এবিধ অতি উপযোগী ঘৰুৱা ঔষধ। কেঁচা আদা চকলিয়াই প্ৰতিদিনে পুৱা ক’লা নিমখৰ লগত খাই থাকিলে এচিডিটি, অভোক, কোষ্ঠ্যকাঠিন্যৰ দৰে সমস্যাবোৰ নাইকীয়া হয়। পদিনাত এণ্টিইনফ্লেমৰী গুণ থাকে। পেটত বিষ হ’লে পদিনাৰ চৰবত বা পদিনা বটি তাৰ ৰস খালে উপকাৰ পোৱা যায়। নেমুৰ ৰস প্ৰতিদিনে নিয়মীয়াকৈ খাই থাকিলে এনেধৰণৰ বিষৰ পৰা উপশম পোৱা যায়। প্ৰতিদিনে খালী পেটত কুহুমীয়া গৰমপানীত এচামুচ নেমু চেপি সামান্য পৰিমাণে নিমখ দি খালে কোষ্ঠকাঠিন্য দূৰ হয়। অমিতাত অধিক মাত্ৰাত আঁহ বা ফাইবাৰ থাকে। যদি আপোনাৰ পাচনতন্ত্ৰত গেছ বা কোষ্ঠকাঠিন্য হৈছে তেনেহ’লে মূল আহাৰ খোৱাৰ পিছত প্ৰতিদিনে এফালকৈ পকা অমিতা খাওক। আজোৱান বা যনীয়ে পেটত ঔষধৰ কাম কৰে। আহাৰ খোৱাৰ পিছত এচামুচ যনী চোবাই খাই পিছত একাপ কুহুমীয়া গৰম পানী খাওক। পেটৰ বিষ নিৰাময় হ’ব। গ্ৰীণ-টি বনাই দিনতোত দুকাপকৈ খালে পেটত গেছৰ সমস্যা খুব সোনকালে নাইকীয়া হয়। প্ৰতিদিনে একাপকৈ কুহুমীয়া গৰম গাখীৰ খাওক। গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ দৈনিক এটা নাৰিকলৰ পানী খাওক। পেটৰ সমস্যা থাকিলে গধুৰ ৰাজসিক আৰু বেছি মছলা দিয়া খাদ্যৰ পৰা আঁতৰি থাকক। স্বাস্থ্য আৰু দীৰ্ঘজীৱন