আপোনাৰ ছালৰ ধৰণ, সমস্যা আৰু প্ৰয়োজন অনুযায়ী অভিজ্ঞ বিশেষজ্ঞৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰি প্ৰফেছনেল পদ্ধতিৰে ফেচিয়েল কৰাব। টেবুল চামুচেৰে চাৰি চামুচ কেঁচা গাখীৰ, দুচামুচ ওটমিল পাউডাৰ, আধা চামুচ কাঠ বাদাম তেল একেলগে মিহলাই ল’ব। ১০ মিনিটৰ বাবে মিশ্ৰণটো তিয়াই থ’ব। ১৫ মিনিটৰ বাবে মুখ আৰু ডিঙিৰ ছালত লগাই ধুই পেলাব। নোমৰ গুৰি যিসকলৰ ডাঙৰ, তেওঁলোকে এনেদৰে এটা ফে’চমাস্ক তৈয়াৰ কৰি ল’ব- দুটা কণীৰ বগা অংশ, এটা কমলাৰ ৰস একেলগে মিহলাই ল’ব। মুখ, ডিঙি, হাতৰ কিলাকুটি, আঁঠু আৰু ভৰিৰ গেৰোহাত লগাব। ২০ মিনিত পিচত ধুই পেলাব। দৈনিক উন্নত মানৰ ক্লীনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব। এলাৰ্জিৰ সমস্যা নাইকিয়া কৰি ছালখন নিমজ- উজ্জ্বল কৰি তুলিবলৈ এটা বডি স্ক্ৰাব তৈয়াৰ কৰি ল’ব। দুকাপ ব্ৰাউন ছুগাৰ, একাপ অলিভ অইল, চাৰি চামুচ নিমপাতৰ ৰস, আধা চামুচ আদাৰ ৰস একেলগে মিহলাই ল’ব। ডিঙিৰ পৰা ভৰিলৈ গোটেই দেহৰ ছালত লগাই আধা ঘণ্টাৰ পিচত আঙুলিৰ মূৰেৰে ঘূৰাই ঘূৰাই ঘঁহি কুহুমীয়া পানীৰে গা ধূব। সপ্তাহত দুবাৰকৈ কৰিলেও সুফল পাব। বসন্ত ঋতুৰ এই সময়ছোৱাত ছালৰ সুন্দৰতাৰ স্বাৰ্থতেই খোৱা-বোৱাত বিশেষ সচেতন হোৱা উচিত। নিমপাত, তিতা কেৰেলা, চজিনা ফুল, বাহেক ফুল, ঔ টেঙা, সৰু মানিমুনি, থেকেৰা আদি ঔষধিযুক্ত শাক-পাচলি আপোনাৰ খাদ্য তালিকাত অন্তড়ভূক্ত কৰি ল’ব। অজ্ঞাতসাৰে ই আপোনাক সুৰক্ষা প্ৰদান কৰিব। উৎস: অসমীয়া প্ৰতিদিন।