ঘনি সাধাৰণতে অসমীয়া মানুহে মচলা হিচাপে ব্যৱহাৰ কৰে। ভাৰতবৰ্ষৰ সকলো ঠাইৰ মানুহে এই ঘনি খাদ্যত ব্যৱহাৰ কৰি আহিছে যদিও ইয়াৰ ঔষধি গুণৰ বিষয়ে বিশেষভাৱে জ্ঞাত নহয়। ঘনিৰ খেতি প্ৰায় ২,০০০ বছৰৰ পৰাই কৰি অহা হৈছে। চীনদেশত পঞ্চম শতিকাৰ পৰা ইয়াৰ খেতি কৰি অহা বুলি জানিব পাৰি। ইংলেণ্ডত ঘনি বনৰীয়া গছ বুলি চিহ্নিত হৈছিল যদিও চিকিত্সকসকলে বিভিন্ন ঔষধত ইয়াক ব্যৱহাৰ কৰিছিল। ১৭শ শতিকাত ইংলেণ্ডত এই জোপোহাজাতীয় ঘনি গছ ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বিষয়ে ব্ৰিটিছ চিকিত্সা জাৰ্নেলবিলাকত পোৱা যায়। ভাৰতবৰ্ষত ঘনিৰ উত্পাদন পঞ্জাৱ, উত্তৰ প্ৰদেশ আদিত প্ৰচুৰ পৰিমাণে হয়।

ঘনি মিনাৰেল আৰু ভিটামিনপ্ৰসিদ্ধ। ইয়াৰ ভাৰতীয় নাম ‘চেলাৰী’। ইয়াৰ পাতত থাকে ৮৮ শতাংশ ভাগ বাষ্পীয় উপাদান। প্ৰ’টিন ৬.৩ শতাংশ, ফেট ০.৬ শতাংশ, মিনাৰেল ২.১ শতাংশ, ফাইবাৰ বা আঁহ ১.৪ শতাংশ, কাৰ্ব’হাইড্ৰেট ১.৬ শতাংশ প্ৰতি ১০০ গ্ৰামত। ঘনিত কেলচিয়াম, ফছফৰাছ, আইৰণ, কেৰ’টিন, নিয়াচিন আৰু ভিটামিন ‘চি’ থাকে।

ঘনিৰ ঔষধীয় গুণবোৰ- চেলাৰী শব্দটো লেটিন শব্দ ‘চিলেৰী’ শব্দৰ পৰা উত্পত্তি হৈছে। ইয়াৰ অৰ্থা হৈছে অতি খৰতকীয়াভাৱে কাম কৰে। অৰ্থাত্ কুইক একছন ঘনিৰ পাত, শিপা, বীজ ঔষধৰ বাবে ব্যৱহৃত হয়। ঘনি গুটিৰ নিয়মিত ব্যৱহাৰে পেটফুলা, প্ৰস্ৰাৱ জ্বলা-পোৰা লক্ষণ নাশ কৰে।

আৰ্থ্ৰাইটিছ, গাউট বাত বিষ আদি বেমাৰত ভোগা মানুহে ঘনি গুটিৰ পাউডাৰ কুহুমীয়া পানীত মিহলাই ১০০ গ্ৰাম পৰিমাণে ব্যৱহাৰ কৰিলে এইবোৰ বেমাৰ আৰোগ্য হয়। ঘনিত থকা ছডিয়ামে আৰ্থ্ৰাইটিছ, গাঁঠিৰ যোৰাত হোৱা বিষ আঁতৰাই ৰোগ নিৰাময় কৰে। দিনে ২ বাৰকৈ ১ মাহ সময় ব্যৱহাৰ কৰিব লাগে। এইক্ষেত্ৰত ঘনিৰ পাতৰ ৰস বা শিপাৰ ৰস ব্যৱহাৰ কৰিলে সমানে উপকাৰ পাব পাৰি।

স্নায়ৱিক দুৰ্বলতা দূৰ কৰাত ঘনি গছৰ পাতৰ ৰস ১০০ গ্ৰামত গাজৰৰ ৰস ৫০ গ্ৰাম মিহলাই দিনে দুবাৰকৈ ২০-২৫ দিন নিয়মিত খাব লাগে। তেজৰ দোষত হোৱা বেমাৰ যেনে- ৰক্তহীনতা, লিউকেমিয়া, হেমফলিয়া আদিত ঘনি গছৰ শিপাৰ ৰসৰ লগত গাজৰৰ ৰস মিহলাই নিয়মিত ব্যৱহাৰ কৰিলে এই ৰোগ বহু পৰিমাণে নিৰাময় হয়। পৰিমাণ- শিপাৰ ৰস ৫০ গ্ৰাম, গাজৰৰ ৰস ১০০ গ্ৰাম। দিনে এবাৰকৈ এমাহপৰ্যন্ত ব্যৱহাৰ কৰিব লাগে।

এজমা, ব্ৰংকাইটিছ, প্লুৰেচি আৰু যক্ষ্মা বেমাৰত ভোগা ৰোগীয়ে ঘনিৰ গুটিৰ পাউডাৰ প্ৰস্তুত কৰি ১০ গ্ৰাম পৰিমাণে দিনে এবাৰকৈ এমাহ খাব লাগে।

বদহজমীত ভোগা মানুহে ঘনি গুটিৰ পাউদাৰ ১ চামুচ পৰিমাণে লৈ গাখীৰত ৩-৪ ঘণ্টা তিয়াই থৈ খালে বদহজম দূৰ হয়। কিডনী ষ্ট’ন আৰু গলব্লাডাৰ ষ্ট’নৰ সমস্যাত ভোগা লোকৰ বাবে ঘনি বৰ উপকাৰী। নিয়মীয়াকৈ ঘনিৰ গুটিৰ পাউদাৰ প্ৰস্তুত কৰি ১ চামুচ পৰিমাণে ১ গিলাচ পানীত মিহলাই দিনে ১ বাৰকৈ ২০-২৫ দিন খালে কিডনী ষ্ট’ন আৰু গলব্লাডাৰত হোৱা ষ্ট’ন বা পাথৰ ভাগি-ছিগি প্ৰস্ৰাৱত বাহিৰ হৈ যায়।

শৰীৰ দুৰ্বল হ’লে, বল-শক্তি কমি গ’লে ঘনি গছৰ শুকান শিপাৰ গুড়ি প্ৰস্তুত কৰি ১ চামুচ পৰিমাণে ১ চামুচ মৌ মিহলাই দিনে ১ বাৰকৈ খোৱাৰ পাছত নিয়মিত ১ মাহ খাব পাৰিলে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

টোপনি নোহোৱা সমস্যাত ভুগিলে নিয়মিত টোপনি অহাত সহায় কৰে। ঘনি গছৰ পাতৰ ৰস ২ চামুচত ১ চামুচ মৌজোল মিহলাই ৰাতি শুবৰ সময়ত নিয়মিত কিছুদিন খাব লাগে। ঘনিৰ গুড়ি, নিমখ আৰু পিঁয়াজ মিহলাই চালাড কৰি খালেও ভোক নলগা, পেটফুলা, বদহজম হোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

লেখকঃ উপেন দত্ত

উৎস:অসমীয়া খবৰ