বজাৰত উপলব্ধ মুখৰোচক চিপছৰ বাবে আপুনি দুৰাৰোগ্য ৰোগৰ চিকাৰ হ’ব পাৰে। শিশুসকলৰ মাজত অধিক জনপ্ৰিয় তথা যুৱক-যুৱতীসকলৰো প্ৰিয় চিপছত থকা একধৰণৰ ৰাসায়নিক উপাদানে আপোনাৰ জীৱনলৈ বিপদ মাতিব পাৰে। ছুইডিছ নেচনেল ফুড অথৰিটীৰ শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য। এক্ৰিল এমাইড(ACRYL AMIDE) এবিধ প্ৰাকৃতিক ৰাসায়নিক যৌগ, ই উচ্চ শৰ্কৰা বহনকাৰী শস্য বা শাক-পাচলিত থাকে। এই যৌগবিধে মানুহৰ আয়ুস হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়। তদুপৰি কেঞ্চাৰ ৰোগ সৃষ্টিতো ইয়াৰ ভূমিকা আছে বুলি মত পোষণ কৰিছে ছুইডিছ গৱেষকসকলে। আমি সকলোৱে জানো যে আলু একধৰণৰ উচ্চ শ্বেতসাৰসমৃদ্ধ পাচলি। সেয়ে আলুৰ অতি পাতল কৰি কটা টুকুৰাত অতিৰিক্ত নিমখ মিহলাই তেলত বহু সময় ধৰি ভজাৰ পিছত সেয়া সংৰক্ষণৰ বাবে উচ্চ তাপমাত্ৰা ব্যৱহাৰ কৰা হয়। ফলত ইয়াৰ খাদ্যগুণ অধিকাংশই নষ্ট হয়। কেৱল সেয়াই নহয়, এই পদ্ধতিত পেকেট তৈয়াৰ কৰা আলু চিপছত এক্ৰিল এমাইড জাতীয় ক্ষতিকাৰক ৰাসায়নিক যৌগ উৎপাদিত হয়। বিশ্বৰ একাধিক পুষ্টিবিদেও এই বাখ্যাৰ সৈতে একমত পোষণ কৰিছে। উৎস: নিয়মীয়া বাৰ্তা