গাখীৰ, কণী, বাদাম, কাজু, পিস্তা আদি আমাৰ প্ৰায়বোৰ লোকৰে মনপচন্দৰ খাদ্য। কিন্তু আপোনালোকে জানেনে যে কিছুমান লোকৰ বাবে এইবোৰ খাদ্যও এলাৰ্জিৰ কাৰণ হব পাৰে।

এলাৰ্জি শব্দটোৰ লগত সকলো পৰিচিত যদিও ফুড এলাৰ্জিৰ বিষয়টোত আমি ইমান সচেতন নহয় বা বহুতেই ইয়াৰ বিষয়ে অৱগত নহয়। আপোনাৰ অজানিতে আপুনি ভাল পোৱা কোনো বিশেষ খাদ্যৰ পৰা এলাৰ্জিৰ সমস্যাত ভুগিব পাৰে।

এইদৰে কোনো খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত যদি এলাৰ্জি হয় তাক ফুড এলাৰ্জি বুলি কোৱা হয়।

সাধাৰণ ভাষাত ফুড এলাৰ্জি মানে হৈছে যেতিয়া কোনো বিশেষ খাদ্যৰ প্ৰতি আমাৰ দেহে অস্বাভাৱিক প্ৰতিক্ৰিয়া (abnormal immune response) দেখুৱায়।

বিভিন্ন প্ৰকাৰৰ বীজাণু, ধূলি আদি শৰীৰত প্ৰৱেশ কৰিলে যিবোৰক সাধাৰণতে এন্টিজেন বুলি কোৱা হয় তাৰ বিৰুদ্ধে আমাৰ শৰীৰে বিশেষ এন্টিবডী গঠন কৰে।

আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নামৰ শক্তিশালী তন্ত্ৰটোৱে এই এলাৰজেন বোৰৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰে।

কিন্তু কেতিয়াবা আমাৰ শৰীৰে কেতবোৰ খাদ্যকো এলাৰ্জেন বা এন্টিজেন হিচাবে গণ্য কৰে। আচলতে কেতবোৰ খাদ্যত থকা কিছুমান বিশেষ প্ৰটিনক বা তেনেধৰণৰ অন্য পদাৰ্থক আমাৰ দেহে বিজতৰীয়া বস্তু বা এন্টিজেন বুলি গণ্য কৰে আৰু তাৰ বিৰুদ্ধে এন্টিবডী গঠন কৰে।

সাধাৰণতে ইমিউন'গ্লবুলিন ই বা IgE নামৰ এন্টিবডীয়ে খাদ্যৰ সেই বিশেষ প্ৰটিনৰ লগত লগ লাগি মাষ্ট চেল নামৰ কোষক উত্তেজিত কৰে আৰু এই মাষ্ট চেলৰ পৰাই হিষ্টামিন নামৰ বিশেষ ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়।

তেতিয়াই এলাৰ্জিৰ বিভিন্ন ধৰণৰ লক্ষণসমূহে দেখা দিয়ে। খাদ্য খোৱাৰ কেইমিনিটমান বা কেইঘণ্টামানৰ ভিতৰত এই লক্ষণসমূহে দেখা দিব পাৰে।

*আমাৰ ছাল,

*পাচনতন্ত্ৰত,

*শ্বাসতন্ত্ৰ,

*ৰক্তপৰিবহনতন্ত্ৰত প্ৰধানকৈ ফুড এলাৰ্জিৰ প্ৰতিক্ৰিয়া দেখা পোৱা যায়।

ফুড এলাৰ্জিৰ এই লক্ষণ সমূহ হৈছে -

*গাত ঘামচিৰ দৰে উঠা বা ৰঙা চকলা চকল উঠা,

*গা বীজবিজুৱা(itching) বা খজুৱা,

*মুখ, ওঁঠ, জিভা, চকুৰ পতা আদি ফুলি যোৱা বা খজুৱতি হোৱা,

*নাকেৰে পানী ওলোৱা, হাঁচি অহা,

*বমি, ডায়েৰীয়া,

*পেটৰ বিষ,

*মাত ভঙা,

*মূৰ ঘূৰোৱা,

*মূর্ছা যোৱা ইত্যাদি।

সমস্যা গুৰুতৰ হ'লে শ্বাসতন্ত্ৰ আৰু ৰক্তপৰিবহণতন্ত্ৰত ব্যাঘাত সৃষ্টি হয়, উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ হয়, ৰক্তচাপ কমি যায় আনকি কেতিয়াবা উশাহ নিশাহ বন্ধ হৈ বা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুপৰ্যন্ত হব পাৰে। চিকিৎসা শাস্ত্ৰৰ ভাষাত ইয়াক এনাফাইলেক্সিছ (anaphylaxis) বুলি কোৱা হয়।

এতিয়া সকলোৰে মনত উদয় হোৱা সাধাৰণ প্ৰশ্নটো হৈছে যে -

কি কি খাদ্য খালে ফুড এলাৰ্জি হব পাৰে?

প্ৰকৃততে প্ৰত্যেক ব্যক্তিৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেলেগ বেলেগ। সেইদৰে বিভিন্ন খাদ্যৰ প্ৰতি দেখুৱা প্ৰতিক্ৰিয়াও বা ফুড এলাৰ্জি ব্যক্তিভেদে ভিন ভিন।

আপোনাৰ যদি মিচামাছ খালে এলাৰ্জি হয়, আনজনৰ আকৌ মাচৰুম খালে এলাৰ্জি হব পাৰে।

বিভিন্ন গৱেষণামূলক অধ্যয়নৰ পৰা দেখা পোৱা গৈছে যে প্ৰধানকৈ-

*গৰুৰ গাখীৰ,

*ৰঙা বা চিনা বাদাম,

*ত্ৰি নাট অৰ্থাৎ কাজু,

*আলমণ্ড জাতীয় বাদাম,

*কণী,

*সাগৰীয় মাছ,

*কেঁকোৰা,

*মিচামাছ,

*চয়াবিন,

*ঘেঁহুৰ খাদ্য আদিৰ পৰাই গৰিষ্ঠসংখ্যক লোক এলাৰ্জিত ভোগে।

বিশেষকৈ শিশুসকলৰ এইবোৰ খাদ্যৰ প্ৰতি এলাৰ্জি থকা দেখা যায়। শিশুৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পূৰ্ণ বিকাশ নোহোৱাৰ বাবে তেওঁলোকৰ ফুড এলাৰ্জি ডাঙৰৰ তুলনাত বেছি হোৱাৰ সম্ভাৱনা থাকে।

*গাখীৰ,

*কণী,

*চয়া আদি খাদ্যসমূহ প্ৰধানকৈ প্ৰটিনযুক্ত খাদ্য।

সেয়েহে ইয়াত থকা কেতবোৰ বিশেষ প্ৰটিনৰ প্ৰতি শৰীৰে এলাৰ্জিৰ প্ৰতিক্ৰিয়া দেখুৱায়। ইয়াৰ উপৰিও-

*বেঙেনা,

*উৰহি,

*কচু আদিৰ পৰাও বহুতৰ এলাৰ্জি হোৱা দেখা যায়।

আজিকালি বিভিন্ন শস্য, পাচলি আৰু ফলমূল উৎপাদনত জিনৰ পৰিৱৰ্তন কৰি উত্তম মানৰ শস্য, পাচলি, ফলমূলৰ উৎপাদন কৰা হয়।

ইয়াৰ ফলত এইবোৰ খাদ্য সামগ্ৰীত কেতবোৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে যিবোৰ হয়তো আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰি এলাৰ্জিৰ সমস্যা সৃষ্টি কৰে।

গৱেষণাৰ পৰা দেখা গৈছে যে বিভিন্ন ফাষ্টফুড বা প্ৰচেছড ফুডত থকা মন' চডিয়াম গ্লুতামেট বা msgয়ে এনেকুৱা ফুড এলাৰ্জিৰ সৃষ্টি কৰে।

সেয়েহে আজিকালি বিভিন্ন ধৰণৰ প্ৰচেছ ফুড আদি খোৱাৰ ফলতো বহু লোক ফুড এলাৰ্জিত ভোগে।

পৰিয়ালত মাক দেউতাকৰ কোনো বিশেষ খাদ্যৰ প্ৰতি এলাৰ্জি থাকিলে সন্তানৰো সেইবিধ খাদ্যৰ প্ৰতি এলাৰ্জি থকাৰ সম্ভাৱনা বাঢ়ি যায়।

ঠিক তেনেকৈ-

*ভিটামিন ডিৰ অভাৱ,

*মেদবহুলতা আদি সমস্যা থাকিলে ফুড এলাৰ্জি থকাৰ সম্ভাৱনা বৃদ্ধি পায়।

ফুড এলাৰ্জিৰ লক্ষণসমূহ ব্যক্তিভেদে বেলেগ বেলেগ। উদাহৰণস্বৰূপে হাপানী বা এজমাত ভুগি ঠিক লোকৰ যদি কোনো খাদ্য গ্ৰহণৰ ফলত এলাৰ্জি হয় তেওঁ ভোগা এলাৰ্জিৰ লক্ষণসমূহ জটিল হ'ব পাৰে যেনে উশাহ নিশাহত কষ্ট হোৱা আদি।

কাৰণ তেওঁৰ শৰীৰৰ সংবেদনশীলতা বা যাক ইংৰাজীত ছেনজিটিভিটি (sensitivity) বুলি কোৱা হয় সেয়া অন্য লোকতকৈ বহু বেছি।

*পাৰিপাৰ্শ্বিকৰ ধূলি,

*ধোঁৱা,

*ফুলৰ ৰেণু আদিৰ সংস্পৰ্শলৈ আহিলেই এওঁলোকৰ শৰীৰে সংবেদনশীলতা দেখুৱায়।

তাতে যদি কোনো বিশেষ খাদ্যৰ প্ৰতি তেওঁলোকৰ এলাৰ্জি থাকে তেন্তে এলাৰ্জিৰ লক্ষণসমূহ জটিল হোৱাৰ সম্ভাৱনা বেছি হৈ পৰে।

সেয়েহে এজমাত ভোগা ব্যক্তিয়ে পথ্য অপথ্যৰ ওপৰত বিশেষ ধ্যান দিয়া উচিত যেনে তেনে লোকে বেঙেনা, কচু, উৰহি আদি সেৱন নকৰাই শ্ৰেয়।

ইয়াৰ অৰ্থ এইটোৱেই যে ব্যক্তিভেদে, ৰোগ প্ৰতিৰোধ ক্ষমতা ভেদে ফুড এলাৰ্জিৰ লক্ষণসমূহো ভিন ভিন। এলাৰ্জিৰ লক্ষণসমূহ দেখা মাত্ৰকেই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। পৰীক্ষাগাৰত-

*তেজৰ পৰীক্ষা,

*IgE পৰীক্ষা,

*স্কিন টেষ্ট আদি বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিলে ফুড এলাৰ্জিৰ কথা বিতংকৈ জানিব পাৰি।

ফুড এলাৰ্জি হোৱা লোকে যি খাদ্য এলাৰ্জিৰ কাৰণ সেই খাদ্য ত্যাগ কৰা উচিত।

ৰোগৰ লক্ষণ বা জটিলতা অনুসৰি -

*এন্টিহিষ্টামিন,

*ষ্টেৰয়ড,

*এপিনেফ্ৰিন আদিৰে ইয়াৰ চিকিৎসা কৰা হয়।

আয়ুৰ্বেদ অনুসৰি অহিত আহাৰ, বিৰুদ্ধ আহাৰ, অসাত্ম্য আহাৰ সেৱনেই এলাৰ্জিকে আদি কৰি বিভিন্ন সমস্যাৰ মূল কাৰণ। এনে আহাৰ সেৱনৰ ফলত আমাৰ শৰীৰৰ অগ্নি বা পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে যাৰ বাবে আমি খোৱা খাদ্য ভালকৈ হজম নহয়।

ভালকৈ হজম নোহোৱা খাদ্যৰ এই অংশক 'আম' বুলি কোৱা হয়। এই 'আম'ৰ বাবে শৰীৰত বিভিন্ন প্ৰকাৰৰ বিকাৰ হয়।

বিভিন্ন বিকাৰত এই 'আম'ক বিভিন্ন নামেৰে নামকৰণ কৰিব পাৰি। আধুনিক বিজ্ঞানৰ ভাষাক ইয়াক টকচিন্স বা অলাগতিয়াল বৰ্জ্য পদাৰ্থ বুলিব পাৰি।

কোনো বিশেষ খাদ্যৰ প্ৰটিন বা তেনে বিশেষ পদাৰ্থক আমাৰ পাচনতন্ত্ৰই হজম কৰিব নোৱাৰা ফলত 'আম'ৰ সৃষ্টি হয়।

সূক্ষ্ম দৃষ্টিৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে চালিজাৰি চালে আমাৰ শৰীৰৰ বিভিন্ন বিপাকীয় ক্ৰিয়া সমূহত উৎপন্ন হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ বা বৰ্জিত পদাৰ্থক 'আম'ৰ লগত তুলনা কৰিব পাৰি।

এই 'আম' বা টকচিন্স শৰীৰত লাহে লাহে জমা হোৱাৰ ফলত শৰীৰত যি বিৰূপ প্ৰতিক্ৰিয়া হয় তাকেই এলাৰ্জিৰ লগত তুলনা কৰিব পাৰি।

ফুড এলাৰ্জিৰ ক্ষেত্ৰত সূক্ষ্ম দৃষ্টিৰে চালে আয়ুৰ্বেদত উল্লেখ কৰা 'আম'ক হিষ্টামিনৰ দৰে ৰাসায়নিক পদাৰ্থৰ লগত তুলনা কৰিব পাৰি।

এই 'আম'ক শৰীৰৰ পৰা উলিয়াই দিব পাৰিলে বা আমক প্ৰশম কৰিব পাৰিলে ফুড এলাৰ্জিৰ সমস্যাৰ লক্ষণসমূহ হ্ৰাস কৰিব পাৰি।

সেয়েহে আয়ুৰ্বেদ চিকিৎসা অনুসৰি এলাৰ্জিৰ বাবে শৰীৰ শোধন চিকিৎসা আৰু শমন চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।

শৰীৰ শোধন চিকিৎসাৰ উত্তম চিকিৎসা হৈছে পঞ্চকৰ্ম চিকিৎসা। ঠিক তেনেকৈ-

*সংশমণ বা শমণ চিকিৎসাত অগ্নিদীপন,

*পাচক ঔষধিৰ প্ৰয়োগ,

*বিভিন্ন ঔষধি গুণসম্পন্ন দ্ৰব্যৰ প্ৰয়োগ,

*উপবাস বা লঙ্ঘন চিকিৎসা আদি কৰিবলৈ দিয়া হয়।

যেনে-

*হালধি,

*তুলসী,

*পদিনা,

*আদা,

*নিম আদি ঔষধিৰ সেৱন।

তেনেকৈ হৰিদ্ৰা খণ্ড, সিতোপলাদি চূৰ্ণ আদি লক্ষণবিশেষে দিলে সুফল পোৱা যায়। ইয়াৰ উপৰিও এলাৰ্জিৰ সমস্যা থকা লোকে নিয়মীয়াকৈ গ্ৰীণ টি, মিণ্ট টি, তুলসী টি আদি বিভিন্ন হাৰ্বেল চাহৰ সেৱন কৰিব পাৰে।

পুৱা খালি পেটত গাখীৰৰ সৈতে কেঁচা হালধীৰ ৰস দুই বা চাৰি চামুচ সেৱন কৰিলেও সুফল পোৱা যায়।

আয়ুৰ্বেদৰ আন এক সূত্ৰ আছে যাক 'নিদান পৰিবৰ্জন' বুলি কোৱা হয়। অৰ্থাৎ যিটো কাৰণৰ বাবে ব্যাধি হৈছে সেই কাৰণটোক প্ৰথমে ত্যাগ কৰিব লাগে।

ফুড এলাৰ্জিৰ চিকিৎসাটো যিবিধ খাদ্যৰ বাবে এলাৰ্জি হয়, সেইবিধ খাদ্য গ্ৰহণৰ পৰা বিৰত থকা উচিত।

*বায়ু, পিত্ত আৰু কফক আমাৰ শৰীৰৰ ত্ৰিস্তম্ভ বুলি কোৱা হয়। ঠিক তেনেদৰে বায়ু, পিত্ত আৰু কফ ভেদে আমাৰ প্ৰত্যেকৰে দৈহিক প্ৰকৃতিও অৰ্থাৎ বডী টাইপ ভিন ভিন হয়। পৌৰাণিক আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি আমি আমাৰ দৈহিক প্ৰকৃতি অনুসৰি খাদ্য গ্ৰহণ কৰা উচিত।

যেনে আপোনাৰ প্ৰকৃতি যদি পিত্ত প্ৰকৃতিৰ ব্যক্তি হয় তেন্তে আপুনি পিত্ত প্ৰকুপিত কৰা আহাৰ সেৱনৰ পৰা বিৰত থকা উচিত।

অৰ্থাৎ যি খাদ্য গ্ৰহণ কৰিলে আমাৰ ত্ৰিদোষ সাম্য অৱস্থাত থাকে তেনে খাদ্য গ্ৰহণ কৰা উচিত আৰু যিবোৰ খাদ্য গ্ৰহণ কৰিলে এই ভাৰসাম্যত ব্যাঘাত হয় তেনে খাদ্য গ্ৰহণ কৰা অনুচিত।

বি:দ্ৰ:-

ৰাইজৰ জ্ঞাতাৰ্থে বিষয়টো থুলমূলকৈ সহজ ভাষাত বুজি পোৱাকৈ উপস্থাপন কৰা হৈছে। কাৰণ সজাগতাই হৈছে সুস্বাস্থ্যৰ চাবিকাঠি।

লেখিকা: ডাঃ ৰেইনী দেৱী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 7399114617