মানৱ জীৱনৰ বিভিন্ন স্তৰত টোপনিৰ পৰিমাণ বিভিন্ন হয়। এই বিষয়টো আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল শ্লীপ ফাউণ্ডেছন নামৰ সংস্থাটোৱে কৰা গৱেষণাত প্ৰকাশ পাইছে। বেছিভাগ লোকৰ মুখতেই শুনা যায় যে তেওঁৰ পৰ্য্যাপ্ত টোপনি হোৱা নাই। কিন্তু এই পৰ্য্যাপ্ত শব্দটোৰ পৰিমাণ কিমান? উক্ত গৱেষণাত এই প্ৰশ্নৰ উত্তৰ পোৱা গৈছে যে টোপনিৰ পৰ্য্যাপ্ত পৰিমাণ নিৰ্ভৰ কৰে ব্যক্তিৰ বয়সৰ ওপৰত। নিয়মিত টোপনিৰ সময়ত ব্যাঘাত বিভিন্ন ধৰণৰ মাদক দ্ৰব্য আৰু উত্তেজক দ্ৰব্য সেৱন কফি বা যিকোনো শক্তিবৰ্ধক পানীয় গ্ৰহণ, এলাৰ্ম ঘড়ী বা শুৱাৰ সময়ত পোহৰ থকা নথকা এই সকলোবোৰেই আমাৰ স্বাভাৱিক টোপনিৰ ব্যৱস্থাটোক প্ৰভাৱিত কৰে। উক্ত ফাউণ্ডেছনে এইটো ব্যক্ত কৰিছে যে প্ৰতিজন ব্যক্তিৰ জীৱন শৈলীয়েও টোপনিক প্ৰভাৱিত কৰে আৰু টোপনিৰ চাহিদা কম বেছি হ’ব পাৰে। তলত বয়স অনুসৰি টোপনিৰ চাহিদাৰ পৰিমাণ উল্লেখ কৰা হ’ল: নৱজাত শিশু: তিনি মাহলৈকে প্ৰতিদিনে ১৪-১৭ ঘন্টা অৱশ্যে ১১-১৩ ঘন্টা টোপনি গ’লেও পৰ্য্যাপ্ত টোপনি হ’ব পাৰে। কিন্তু কোনো ক্ষেত্ৰতেই ১৯ ঘন্টাতকৈ অধিক সময় টোপনিত থকাটো অনুচিত। শিশু (৪-১১ মাহ): অতি কমেও ১০ ঘন্টা আৰু সৰ্বোচ্চ ১৮ ঘন্টা। শিশু (১-২ বছৰ): ১১-১৪ ঘন্টা। শিশু (৩-৫ বছৰ): ১০-১৩ ঘন্টা। বিদ্যালয়লৈ যোৱা (৬-১৩ বছৰ): ৯-১০ ঘন্টা। কৈশোৰ (১৪-১৭ বছৰ): ৮-১০ ঘন্টা। যুৱ (১৮-২৫ বছৰ): ৭-৯ ঘন্টা। প্ৰাপ্ত বয়স্ক (২৬-৬৪ বছৰ): ৭-৯ ঘন্টা। বয়সস্থ (৬৫ বা তাতকৈ বেছি বয়সৰ): আদৰ্শ সময় হ’ল ৭-৮ ঘন্টা। কিন্তু ৫ ঘন্টাৰ কম বা ৯ ঘন্টাতকৈ বেছি টোপনি যোৱা উচিত নহয়। উৎস: ইন্টাৰনেট।