আকুপ্ৰেচাৰনো কি ? প্ৰায় তিনি হাজাৰ বছৰ আগেয়ে ভাৰতবৰ্ষত আকুপ্ৰেচাৰ চিকিৎসা পদ্ধতি আৰম্ভ হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ নিজৰ দ্বাৰা আৱিষ্কৃত এই পদ্ধতি সঠিকভাৱে সংৰক্ষিত নহ’ল আৰু আকুপাংচাৰ ৰূপত সিংহলত এই পদ্ধতি আৰম্ভ হয়। সিংহলৰ পৰা চীন আৰু পৰৱৰ্তীকালত জাপানলৈ বৌদ্ধ সন্ন্যাসীৰ জৰিয়তে এই চিকিৎসা পদ্ধতি প্ৰসাৰিত হয়। বৰ্তমান চীনাসকলে এই চিকিৎসা পদ্ধতি সমগ্ৰ বিশ্বতে শিকাই আছে। আকুপ্ৰেচাৰ মানে হ’ল দেহৰ বিশেষ অংগত বুঢ়া আঙুলি নতুবা তেনে কোনো আকুপ্ৰেচাৰ সজুঁলিৰ দ্বাৰা চাপ দি ৰোগ নিৰাময় কৰা চিকিৎসা প্ৰণালী। আকুপ্ৰেচাৰ চিকিৎসাৰ মূলনীতি মানৱ দেহত সৰ্বমুঠ পাঁচটা মূল উপাদান থাকে। সেইকেইটা হ’ল- পানী, মাটি, অগ্নি, বায়ু আৰু ব্যোম। সঞ্জীৱনী শক্তিৰ বিদ্যুতৰ জৰিয়তে এই উপাদানকেইটা নিয়ন্ত্ৰিত তথা পৰিচালিত হয়। ভ্ৰূণ অৱস্থাৰ পৰাই দেহৰ বিদ্যুত্ শক্তি (বায়’ ইলেক্ট্ৰিচিটি) প্ৰতিস্থিত হয়। মেৰিডিয়ান নামেৰে পৰিচিত এই বিদ্যুৎ প্ৰবাহ সোঁহাতৰ প্ৰতিটো আঙুলিৰ মূৰৰ পৰা আৰম্ভ হৈ সৰ্বদেহত বিয়পি পৰি শেষত ভৰিৰ আঙুলি পৰ্য্যন্ত পায়গৈ। শৰীৰৰ বাওঁফাৰেও এই একেই বিদ্যুত্ প্ৰবাহ প্ৰবাহিত হয়। যেতিয়ালৈকে এই বিদ্যুত্ প্ৰবাহ সঠিকভাৱে চলাচল কৰে তেতিয়ালৈকে শৰীৰ সুস্থ হৈ থাকে। কোনো কাৰণবশতঃ এই বিদ্যুত্ প্ৰবাহত ব্যাঘাত ঘটিলে তেতিয়া বিকল অৱস্থাৰ সৃষ্টি হয় আৰু কোনো কোনো ক্ষেত্ৰত বিষ-বেদনা দেখা দিয়ে। এনেকুৱা অৱস্থাত সময়মতে পৰিচৰ্য্যা নকৰিলে অসুস্থতাই দেখা দিয়ে। যদি পুনৰায় সঠিকভাৱে বিদ্যুত্ চলাচল কৰাব পাৰি তেতিয়া অসুস্থতা নাইকিয়া হয়। আকু-চিকিৎসা সঁজুলিসমূহৰ গুণাগুণ-প্ৰয়োজনীয়তাত দেহৰ যিকোনো অংশৰ বিষ নিৰাময়। শাৰীৰিক তথা মানসিক চাপৰ পৰা মুক্তি। নতুন কৰ্মশক্তিৰ যোগান ধৰে, জীৱনীশক্তি বৃদ্ধি কৰে। যৌৱনক ধৰি ৰাখে আৰু বাৰ্দ্ধক্যত বাধা দিয়ে। মাংসপেশীৰ সঞ্চালন আৰু ৰক্ত চলাচলত সহায় কৰে। দেহজ অপত্যাগ আৰু দূষিত পদাৰ্থবোৰ নিৰ্গত কৰাত শৰীৰক সহায় কৰে। সৰ্বদেহত সুষম অৱস্থাৰ সৃষ্টি কৰে। মানসিক আৰু শাৰীৰিকভাৱে নতুন উদ্যম আনি দিয়ে। আকু-প্ৰেচাৰ আহিলাসমূহৰ ব্যৱহাৰিক পৰিসৰ আকু-প্ৰেচাৰ আহিলাসমূহৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে পাৰ্শ্বক্ৰিয়ামুক্ত আৰু ই মানৱ দেহৰ কোনো ক্ষতি সাধন নকৰে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো বয়সৰ পুৰুষ-মহিলাই স্বাস্থ্য ৰক্ষাৰ বাবে এনে আহিলাসমূহ ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, (১) এজন স্কুলীয়া ছাত্ৰই স্কুল ছুটীৰ পিছত সাধাৰণতে মানসিক আৰু শাৰীৰিকভাৱে অৱশ হৈ ঘৰলৈ ওভতে। এনেকুৱা অৱস্থাত, অৱসাদ, অলসভাৱে আগুৰি ধৰাৰ ফলত পুনৰাই অধ্যয়নত মনসংযোগ স্থাপন কৰিব নোৱাৰা হয়। কিন্তু এনেকুৱা অৱস্থাত যদি তেওঁ দেহৰ বিভিন্ন অংশত আকু-প্ৰেচাৰ সজুঁলিৰে মালিচ কৰে তেতিয়াহ’লে তত্ক্ষাণাত অলসতাৰ ভাব নাইকীয়া হয় আৰু পুনৰায় মনসংযোগ ফিৰি আহে। (২) আকু-প্ৰেচাৰ সজুঁলিসমূহ প্ৰতিজন খেলুৱৈৰ বাবে অতি প্ৰয়োজনীয়। খেল আৰম্ভণি হোৱাৰ আগে আগে নতুবা বিৰতিৰ সময়ত যদি খেলুৱৈজনৰ দেহাটো আকু-প্ৰেচাৰ সজুঁলিৰ সহায়ত মালিচ কৰা হয় তেতিয়াহ’লে খেলুৱৈজনৰ পাৰদৰ্শিতা বৃদ্ধি পোৱাৰ বিশেষ সম্ভাৱনা থাকে। (৩) আকু-সজুঁলিসমূহ এওঁবিলাকৰ বাবে বিশেষভাৱে দৰকাৰী যিসকলে বহুসময় ধৰি থিয় হৈ থাকিব লাগে অথবা বহুদূৰ জুৰি খোজকাঢ়িব লাগে। যেনে, পুলিচ বিষয়া, সৈনিক, বাছ কণ্ডাক্টৰ, চেল্চমেন ইত্যাদি। (৪) বাছ, ৰেল নতুবা আকাশীযানেৰে ভ্ৰমণ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত কেতিয়াবা তেজ গোটমাৰি ভৰি ফুলা পৰিলক্ষিত হয়। যদি সময়মতে আকৌ সজুঁলিসমূহ ব্যৱহাৰ কৰা যায় তেনেহ’লে এনেকুৱা ধৰণৰ ফুলাৰ পৰা আঁতৰত থাকিব পাৰি। (৫) হোটেল কৰ্তৃপক্ষই আবাসীসকলৰ বাবে প্ৰতিটো ৰূমতে এনেকুৱা সজুঁলি যোগান ধৰিব পাৰে। ইয়াৰ দ্বাৰা আবাসী ভ্ৰমণকাৰীসকল নিশ্চয়কৈ উপকৃত হ’ব। (৬) হেল্থ্ ক্লাৱ, বিউটী পাৰ্লাৰ সমূহৰ সদস্যবিলাকে উপকৃত হ’ব পৰাকৈ এনেকুৱা আকু-সজুঁলিবিলাক ৰাখিব পাৰে। (৭) ফিজিও থেৰাপিষ্টৰ বাবে এনেকুৱা সজুঁলিৰ বিশেষ প্ৰয়োজন আছে। ৰোগীসকলক বহুতো ক্ষেত্ৰত বহু বেমাৰৰ প্ৰতিকাৰৰ বাবে এনেকুৱা সজুঁলিবিলাক ব্যৱহাৰ কৰিব পাৰি। চুম্বকীয় চিকিৎসানো কি ? মানৱ দেহৰ বিভিন্ন ঠাইত চুম্বকৰ জৰিয়তে চিকিৎসা চলাই বেমাৰ-আজাৰ নিৰাময় কৰাটোৱেই চুম্বকীয় চিকিৎসা। কোনো ঔষধৰ প্ৰয়োগ নকৰাকৈ, কোনো ইনজেকচন নিদিয়াকৈ, কোনো ভিটামিন নোখোৱাকৈ, কোনো ধৰণৰ অপাৰেচন নকৰাকৈ সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে কৰা চিকিৎসাই হ’ল চুম্বকীয় চিকিৎসা। চুম্বকীয় চিকিৎসাৰ মূলনীতি চুম্বক মানৱ দেহত প্ৰয়োগ কৰাৰ লগে লগে মানৱ দেহত থকা তেজৰ হিম’গ্লবিন লৌহ কণিকাবোৰ চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱত পৰে। ফলত তেজে চুম্বকত্ব গুণ আহৰণ কৰে। এনেকুৱা ধৰণৰ তেজ ৰক্তবাহী নলীকাৰে সহজে চলাচল কৰিব পাৰে আৰু কেলছিয়াম, ক’লেষ্টেৰল ইত্যাদি জমা হোৱাত বাধা দিয়ে। চুম্বক ক্ষেত্ৰই বিষ, জঠৰতা আৰু ফুলি উঠা ইত্যাদিত বাধা দিয়ে। কোষ আৰু দেহকলাবিলাক পূৰ্ণ জীৱিত কৰি তোলে আৰু সুস্থ ৰক্তকণিকা গঠনত সহায় কৰে লগতে স্বয়ংক্ৰিয় সিৰা-উপসিৰাৰ কাম-কাজবোৰ সুস্থিৰ হৈ পৰে। আকু-চুম্বকীয় চিকিৎসাৰ বিশেষ উপকাৰিতাসমূহ পাৰ্শ্বক্ৰিয়ামুক্ত, নিৰাপদ আৰু সহজ- মিতব্যয়ী আৰু সহজলভ্য। কোনো বিশেষ চিকিত্সকৰ সহায় নোলোৱাকৈ ঘৰতে বহি কৰিব পৰা চিকিৎসা। সহজে বেমাৰে দেহক আক্ৰমণ কৰিব নোৱাৰাকৈ ৰাখিব পাৰি। চুম্বকবিলাক ৰি-চাৰ্জ কৰি ল’ব পাৰি। চুম্বকীয় নেকলেচ (মেগ্নেটিক নেকলেচ) শ্বাস-প্ৰশ্বাস, ডিঙি, থাইৰ’য়ড গ্লেণ্ড, থাইমাচ গ্লেণ্ড, হৃদযন্ত্ৰ আদিৰ অসুখ অসুবিধাসমূহত বিশেষভাৱে ব্যৱহৃত। বহুলভাৱে ব্যৱহৃত প্ৰদূষণ প্ৰতিৰোধকাৰী এই চুম্বকীয় নেকলেচে আপোনাক বায়ু প্ৰদূষণৰ পৰা বচাই ৰখাৰ উপৰিও কাহ, কফ, পানীলগা, টনচিলাইটিছ, মামচ্, ব্ৰংকাইটিছ, এজমা, বুকুৰ বিষ, ডিঙিৰ সুৰসুৰণি বা আন কিবা ডিঙি, চকু, নাক সম্পৰ্কীয় ৰোগৰ প্ৰকোপৰ পৰা আপোনাক বচাই ৰাখে। ব্যৱহাৰৰ প্ৰণালী অইন সাধাৰণ নেকলেচৰ দৰে ডিঙিত পিন্ধি লওঁক। কেৱল গা-ধুৱাৰ সময়ত খুলি থ’ব। হেল্থ্ ৱাটচ্ ৰক্তচাপ নিয়ন্ত্ৰণ, মানসিক অৱসাদ দূৰীকৰণৰ বাবে বিশেষভাৱে উপযোগী। ব্যৱহাৰৰ প্ৰণালী সোঁহাতৰ মণিবন্ধনৰ দুই ইঞ্চি তলত পিন্ধিব লাগে। গা-ধুৱাৰ সময়ত খুলি থ’ব লাগে। “বিদ্যুত্ চুম্বকীয় এনেকুৱা এক শক্তি যিয়ে বিশাল সৌৰজগতৰ পৰা আৰম্ভ কৰি সূক্ষ্ম অণু-পৰমাণুলৈকে নিয়ন্ত্ৰণ কৰে।“ -ড০ নেভাইল বেংগলি ”যি আৰোগ্য পদ্ধতি দেহক নিয়ন্ত্ৰণ কৰা প্ৰাকৃতিক নিয়মাৱলীৰ ওপৰত প্ৰতিষ্ঠিত নহয়, তেনে পদ্ধতি শিল-বালিৰ বিছনা সদৃশ আৰু শেষত তাৰ অস্তিত্বই নাইকিয়া হ’ব।” -ভি. ষ্টেনলি ডেভিদচন চুম্বকীয় গিলাচ (মেগ্নেটিক গ্লাছ) বিশেষ উপকাৰিতা হজম শক্তি বৃদ্ধি, কোষ্ঠকাঠিন্যতা, এচিডিটি, এজমা, মূত্ৰাশয়ৰ ৰোগ, পায়ৰিয়া, দন্তক্ষয় ইত্যাদি ৰোগৰ পৰা শীঘ্ৰে আৰোগ্য লাভ কৰাত অতিকৈ সহায় কৰে। ব্যৱহাৰ প্ৰণালী গিলাচটো পানীৰে পৰিপূৰ্ণ কৰি অতি কমেও ৬-৮ ঘণ্টা সময় ৰখাৰ পিছত একাপকৈ দিনত তিনিবাৰকৈ খাব লাগে। ডায়েবেটিক বেল্ট/মেগনো ডিস্ক অগ্ন্যাশয়, পাকস্থলী, যকৃত ইত্যাদি বিভিন্ন গ্লেণ্ডক সক্ৰিয় কৰি তুলি হৰম’ন নিৰ্গতকৰণত সহায় কৰে। ব্যৱহাৰ প্ৰণালী বাওঁফালৰ কামিহাড়ৰ দুই ইঞ্চি তলত (দেহৰ সমুখভাগত) বান্ধি ৰাতি শুই ৰাতিপুৱা গা-ধুৱাৰ দুই ঘণ্টা আগেয়ে খুলি থ’ব লাগে। বেক বেল্ট/বেলি বেল্ট কঁকালৰ বিষ, মেদবহুলতা, বদহজম ইত্যাদিত বিশেষভাৱে উপকাৰী। ব্যৱহাৰ প্ৰণালী কঁকালৰ বিষৰ বাবে অতি কমেও দিনে ৬-৮ ঘণ্টা (বা ৰাতি শোৱতে) কঁকালত বান্ধি ল’ব লাগে। মেদবহুলতা, বদহজম আদিৰ বাবে দিনে ২ ঘণ্টাকৈ পেট/উদৰত মেৰিয়াই বান্ধি থওক। টুইষ্টাৰ মেদবহুলতা কমাই শৰীৰক অত্যধিক ওজনৰ পৰা মুক্ত কৰাৰ এক সহজ উপায়। ইয়াৰ সঠিক প্ৰয়োগে কঁকাল, উৰু আদিৰ চৰ্বি লক্ষণীয়ভাৱে কমাই দেহক সুন্দৰ আকাৰ প্ৰদান কৰে। ব্যৱহাৰ প্ৰণালী পুৱা-গধূলি ভোজনৰ আগেয়ে ১০ মিনিটকৈ দুবাৰ ইয়াৰ সহায়ত ব্যায়াম কৰিব। চাৰভিকেল বেল্ট/কলাৰ স্পণ্ডিলাইটিছ, ডিঙিৰ বিষ, গলধনৰ বিষ ইত্যাদি উপশম কৰে। ব্যৱহাৰ প্ৰণালী দিনে এঘণ্টাকৈ ডিঙিৰ পিছফালে পিন্ধিব লাগে। গা-ধুৱাৰ এঘণ্টা আগেয়ে খুলি থ’ব লাগে। হেল্থ্ চ’ল মূৰৰ বিষ, ভাগৰ লগা, ভৰিৰ তলোৱা গোন্ধোৱা ইত্যাদি আঁতৰ কৰাত বিশেষ সহায়ক হিচাপে কাম কৰে। হেল্থ্ চ’লে ৰক্ত সঞ্চালন আৰু স্নায়ুতন্ত্ৰক সক্ৰিয় কৰি তোলে। ফলত কাম কৰাৰ ক্ষমতা বৃদ্ধি পায়। ব্যৱহাৰ প্ৰণালী জোতাৰ ভিতৰত সুমুৱাই পিন্ধিব লাগে। আকু-পিৰামিড ৰোলাৰ (হাত আৰু ভৰিৰ বাবে) হাত-ভৰিৰ মালিচ, চায়েটিকা, গাঠিৰ বিষ, গা-মালিচ, চেতনা বা বিদ্যুত্ প্ৰবাহৰ বিন্দুসমূহত বিশেষ চাপ দিবৰ বাবে ব্যৱহৃত। ব্যৱহাৰ প্ৰণালী হাত আৰু ভৰিৰে নিতৌ দুবাৰকৈ (৫ মিনিট) ৰোলিং কৰিব লাগে। মেজিক মেচেজাৰ গলধন, ডিঙি, কান্ধ, বুকু, কঁকাল, উৰু, আঠু, ভৰি ইত্যাদি মালিচ কৰিবৰ বাবে অতি উপযুক্ত আহিলা। ব্যৱহাৰ প্ৰণালী তেলৰ সতে বা অবিহনে পুৱা আৰু গধূলি ১০ মিনিটমান সময় মালিচ কৰিব লাগে। মালটি মেচেজাৰ স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ বাবে বিভিন্ন ধৰণৰ ১০ টা বিশেষ এটাচমেণ্টৰ দ্বাৰা সৰ্বমুঠ ১০১ প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰি। ইলেক্ট্ৰ’শ্লিম ট্ৰিম আপোনাৰ শৰীৰৰ অত্যধিক চৰ্বি ইলেক্ট্ৰ’নিক উপায়েৰে কমাই সুন্দৰ আৰু সুঠাম কৰি তোলক। দেহ মালিচ আৰু মাংসপেশীৰ বৃদ্ধিৰ বাবে আৱশ্যকীয়। হেড বেল্ট মূৰৰ বিষ, হতাশা, মূৰ ঘূৰণি, নিদ্ৰাহীনতা, স্মৃতিশক্তি/সৃষ্টিশীলতা, ধ্যান আৰু মহাজাগতিক ৰশ্মীয় ভাৰসাম্যতাৰ বাবে উপযোগী। ব্যৱহাৰ অতিকমেও দিনে এঘণ্টাকৈ কপালত মেৰিয়াই ৰাখক। গা-ধুৱাৰ আগেয়ে খুলি থ’ব। মেগনেটিক ৱাটাৰ ষ্টেণ্ড হজমশক্তি, কোষ্ঠকাঠিন্য, মূত্ৰাশয়ৰ ৰোগ, এচিডিটি, পেটৰ পোৰণি আৰু বিষৰ বাবে মহা উপকাৰী। ব্যৱহাৰ এটা পানীৰ পাত্ৰ (ফিল্টাৰ, বটল, কলহ ইত্যাদি) এইটো ষ্টেণ্ডৰ ওপৰত অতিকমেও তিনি ঘণ্টাকৈ ৰাখিলে তাত থকা পানীখিনি চুম্বকীয় পানীত পৰিণত হয়। চুম্বকীয় পানীয়ে বন্ধ ৰক্ত ধমনীসমূহ মুকলি কৰি দিয়াৰ উপৰিও পাচনতন্ত্ৰ আৰু মূত্ৰাশয়ৰ সতে জড়িত সকলোবোৰ ৰোগ আৰোগ্য কৰে। গল ব্লাডাৰ আৰু বৃক্কৰ/মূত্ৰ পাথৰি ৰোগত এই পানীয়ে যথেষ্ট সকাহ দিয়ে। নি-বেল্ট/নি-কেপ্/ৱাণ্ডাৰ বেল্ট আঠুৰ বিষ, ভৰিৰ অৱশতা, আঠু ফুলা/উখহি অহা, পেশী টানি ধৰা ইত্যাদিত সুফল দিয়ে। ইয়াৰ অন্তৰ্গত ফ’ৰ ইন ওৱান ৱাণ্ডাৰ বেল্টডাল মূৰৰ, কান্ধৰ আৰু কলাফুলৰ বিষৰ বাবেও ব্যৱহৃত হয়। চাইনিজ হেল্থ্ বল ৰক্ত সঞ্চালন, স্মৃতিশক্তি বৃদ্ধি, গাঠিৰ জড়তা দূৰীকৰণ, মানসিক চিন্তা/নিদ্ৰাহীনতা দূৰীকৰণ ইত্যাদিত বিশেষ সুফল দিয়ে। ব্যৱহাৰ প্ৰণালী হাতৰ তলুৱাত দুয়োটা বল লৈ আঙুলিৰ সহায়ত ঘড়ীৰ কাটাৰ দিশত (অথবা বিপৰীত দিশত) ঘূৰাওক। প্ৰথমতে এখন হাতেৰে পিছলৈ আনখন হাতেৰেও কৰিবলৈ চেষ্টা কৰক। চুম্বকীয় চচমা চকুত অত্যধিক চাপ পৰা (কম্পিউটাৰ অথবা টি.ভি. চোৱাৰ ফলত নতুবা অইন কিবা কাৰণত), চকুৰ তলত অৰ্ধবৃত্তাকাৰ আকাৰত ক’লা পৰা, অইন চকু সম্পৰ্কীয় ৰোগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে অতি সুফল পোৱা যায়। ব্যৱহাৰ প্ৰণালী চকু দুটা মুদি ১৫ মিনিটৰ পৰা আধা ঘণ্টালৈকে পিন্ধিব লাগে। গা-ধোৱাৰ এঘণ্টা আগেয়ে খুলি থ’ব। ই.এন.টি. (চিৰামিক) চুম্বক চকু, কাণ, নাক সম্পৰ্কীয় বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰিবৰ বাবে ব্যৱহৃত চুম্বকীয় সজুঁলি। ই পুৰুষৰ কামশক্তি বৃদ্ধিতো সহায় কৰে। স্পাইন ৰোলাৰ কঁকাল তথা পিঠিৰ বিষ, নিৰাময় আৰু দৈহিক উচ্চতা বৃদ্ধি কৰাত সহায় কৰে। ব্যৱহাৰ ৰাজহাড়ৰ ওপৰত উলম্বভাৱে মালিচ কৰক। ইয়েৰ ক্লিপচ্ কাণৰ বিভিন্ন অসুখ, ছাত্ৰ-ছাত্ৰীৰ স্মৃতিশক্তি বৃদ্ধি, শ্ৰৱণ শক্তি বৃদ্ধি ইত্যাদিত বহুলভাৱে ব্যৱহৃত চুম্বকীয় সজুংলি। ব্যৱহাৰ কাণৰ বিভিন্ন ৰিফ্লেক্স পইণ্টত ৩০ মিনিট সময়ৰ বাবে পিন্ধক। স্মৃতিশক্তি বৰ্ধনৰ বাবে ৰিফ্লেক্স পইণ্ট নং-৫০ ত অধ্যয়নৰ সময়ত পিন্ধি ল’ব লাগে। হেয়াৰ কেয়াৰ ক’ম্ব: হেয়াৰ মেগ এইখন চুম্বকীয় ফণীয়ে, উফিৰ সমস্যা, চুলিসৰা, অকালতে চুলি পকা সমস্যাবোৰ সমাধান কৰি আপোনাৰ চুলিখিনিক সুগঢ়ী কৰি দেখনিয়াৰ কৰি তোলে। পাৱাৰমেট ২০০০ আকুপ্ৰেচাৰ, চুম্বক, পিৰামিড শক্তিৰে ভৰপূৰ সুস্বাস্থ্য আৰু বিষ নিৰাময়ৰ এক অভিনৱ আৱিষ্কাৰ। কম্পিউটাৰ আৰ্হিত এইখন পাৱাৰমেটত সংযোজিত হৈ আছে শক্তিস্তম্ভ, পিৰামিড কক্ষ, সুক্ষ্ম বিন্দু আহিতকাৰী, ১০ টা ৰশ্মীয় অৰ্ধবৃত্ত, ২২ টা চুম্বকৰ উপৰিও ইউ.এ.জি. (ইউনিক এয়াৰ গ্ৰিড্) পদ্ধতি। যাৰ সহায়ত ল’ৰাৰ পৰা বয়োবৃদ্ধলৈ সকলো ব্যক্তিয়ে আকু-চুম্বক পিৰামিড শক্তিৰ দ্বাৰা চায়েটিকা, ভৰিৰ আঠু, গোৰোহাৰ বিষ, বাতবিষ ইত্যাদি সকলো ধৰণৰ বিষৰ পৰা মুক্তি লাভ কৰাৰ উপৰিও, টনছিল, চাইনাচ, এচিডিটি, কোষ্ঠকাঠিন্যতা ইত্যাদি বহুতো বেমাৰৰ প্ৰকোপৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। ব্যৱহাৰ প্ৰণালী ৰাতিপুৱা আৰু আবেলি (নতুবা বিষ অনুভৱ কৰাৰ সময়ত) ৩-৫ মিনিট সময় পাৱাৰমেটৰ ওপৰত খোজ কাঢ়িব লাগে। পাৱাৰমেট জুনিয়ৰ স্কুলীয়া ল’ৰা-ছোৱালীৰ বাবে বিশেষভাৱে নিৰ্মিত চুম্বক, আকুপ্ৰেচাৰ আৰু পিৰামিড শক্তিৰে ভৰপূৰ । এই পাৱাৰমেটৰ নিয়মীয়া ব্যৱহাৰে স্মৃতিশক্তি বৰ্ধন, মনসংযোগ বৃদ্ধি আৰু ভৰপূৰ স্বাস্থ্য প্ৰদান কৰে। যিকোনো খেল খেলাৰ আগেয়ে ৱাৰ্ম-আপ সজুঁলি হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি। পাৱাৰমেট ষ্ট্ৰেচ্ পেড যিকোনো মানসিক চাপৰ পৰা নিজকে সম্পূৰ্ণ মুক্ত কৰি ৰাখিব খুজিলে আপুনি এই ষ্ট্ৰেচ পেডত নিয়মীয়াকৈ ব্যায়াম কৰক। ৭৫ শতাংশ মূৰৰ বিষ, কঁকালৰ বিষ, অনিদ্ৰা, অৱসাদ ভাৱ, এচিডিটি, হৃদযন্ত্ৰ ইত্যাদিৰ অসুখৰ মূল কাৰণ হ’ল মানসিক চাপ বা চিন্তা। প্ৰাচীন মিচৰৰ চিকিৎসা আৰু আধুনিক আৱিষ্কাৰৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটোৱা হৈছে এই ষ্ট্ৰেচ পেডত। ইয়াত সংযুক্ত হৈ আছে ৬৫০০ পিৰামিড, ৭০০০ আকুবিন্দু আৰু ১২ টা উচ্চ শক্তিসম্পন্ন চুম্বক। ল’ৰাৰ পৰা বয়োবৃদ্ধজনলৈকে সকলো ব্যক্তিৰ পূৰ্ণ মানসিক শক্তি আৰু শাৰীৰিক তথা মানসিক উদ্যম ঘূৰাই আনে। বিঃদ্ৰঃ- যোগাসন আৰু প্ৰাণায়ামৰ বিশেষ উপযোগী আহিলা। পাৱাৰমেট বাস্তু শ্লিপ নখন বছা বছা পাৱাৰমেটেৰে গঠিত এইটো শ্লিপ পেকেজে আপোনাৰ সকলো মানসিক দুঃচিন্তা আঁতৰাই সুন্দৰ, সুগভীৰ, সুষম টোপনি অনাত সহায় কৰে। ভৰপূৰ শক্তিৰ যোগান ধৰে। নিদ্ৰাহীনতা, মানসিক অৱসাদ আদিৰ বাবে উপকাৰী। ল’বলগীয়া সাৱধানতা চুম্বকীয় আহিলাসমূহ কোনো গধূৰ বস্তুৰে নুখুন্দিয়াব বা গৰম পদাৰ্থ, জুই আৰু পানীৰ সংস্পৰ্শত নাৰাখিব। ইলেক্ট্ৰ’নিক নতুবা লৌহ জাতীয় পদাৰ্থৰ পৰা চুম্বকীয় আহিলাসমূহ আঁতৰত ৰাখিব। গা-ধুৱাৰ সময়ত চুম্বকীয় অলংকাৰ সমূহ খুলি থ’ব। উচ্চ শক্তি সম্পন্ন চুম্বকৰ ব্যৱহাৰ কৰাৰ আগত বা পিছত আধা ঘণ্টালৈকে গা-ধুব নালাগে নতুবা কোনো ঠাণ্ডা বস্তু/পানীয় গ্ৰহণ কৰিব নালাগে। উচ্চ শক্তি সম্পন্ন চুম্বক মূৰত, হৃদপিণ্ড নতুবা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিব। চুম্বকীয় সা-সৰঞ্জাম উচ্চ ক্ষমতা সম্পন্ন চুম্বক প্ৰায় ২০০০ গজ ক্ষমতাৰ শক্তিশালী চুম্বক প্ৰাপ্তবয়স্ক লোকৰ স্বাভাৱিক শৰীৰ চৰ্চ্চাৰ (যেনে- হাতৰ তলুৱা আৰু ভৰিৰ পতাৰ ক্ষেত্ৰত) বাবে নিতান্ত গ্ৰহণযোগ্য। এই চুম্বক দুই ৰাউণ্ড চুম্বকেৰে তৈয়াৰী। সোঁফালটো উত্তৰ মেৰু আৰু বাওঁফালটো দক্ষিণ মেৰু। এই শক্তিশালী চুম্বকৰ দ্বাৰা প্ৰায় ১৫০ বিধ বেমাৰ আৰোগ্য কৰিব পাৰি। তাৰ ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল- পেৰালাইচিচ, পলিঅ’, স্পণ্ডিলাইটিচ, চায়েটিকা, গাঁঠিৰ বিষ, পিঠিৰ বিষ, ডিঙিৰ বিষ কঁকালৰ বিষ, গাঁঠিৰ বাত, ঋতু সম্পৰ্কীয় ৰোগ, ছালৰ ৰোগ আদি অন্যতম। সুস্থ সবল ব্যক্তিয়ে ৰোগৰ প্ৰতিৰোধৰ বাবে নিয়মিতভাৱে ৫ মিনিটকৈ এই শক্তিশালী চুম্বক ব্যৱহাৰ কৰা প্ৰয়োজন। মধ্যম ক্ষমতা সম্পন্ন চুম্বক প্ৰায় ৫০০ গজ ক্ষমতাৰ এই মজলীয়া ক্ষমতা সম্পন্ন চুম্বক ৩ বছৰৰ পৰা ১২ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকৰ সঘনাই দেখা দিয়া বেমাৰসমূহৰ প্ৰতিকাৰৰ বাবে অতি আৱশ্যক। বিশেষকৈ কাণৰ, দাঁতৰ বিষ আদিৰ বাবে নিতান্ত জৰুৰী। নিম্ন ক্ষমতা সম্পন্ন চুম্বক প্ৰায় ২০০ গজ ক্ষমতাৰ এইবিধ নিম্ন ক্ষমতা সম্পন্ন চুম্বক (চিৰামিক) নাক, কাণ, ডিঙি, টনচিল, চকু আদি বিভিন্ন বেমাৰৰ প্ৰতিকাৰৰ সজুঁলি। এইবিধ বক্ৰ আকৃতিৰ চুম্বকে নৱজাতকৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে বিভিন্ন ৰোগ নিৰাময়ত ব্যৱহাৰ হয়। বিশেষকৈ নিদ্ৰাহীনতা, টনচিলিটিছ আদি ৰোগৰ বাবে সুফলদায়ক। উচ্চ ক্ষমতা সম্পন্ন চুম্বক আৰু মধ্যম ক্ষমতা সম্পন্ন চুম্বকৰ ব্যৱহাৰ প্ৰণালী (১) দেহৰ ওপৰ অংশ বেমাৰৰ আৰোগ্যৰ বাবে উত্তৰ মেৰু সোঁহাতৰ তলুৱাত আৰু দক্ষিণ মেৰু বাওঁফালে কান্ধৰ ওপৰত ৰাখক। (২) কান্ধৰ জঠৰতা, বিষৰ বাবে উত্তৰ মেৰু সোঁফালে আৰু দক্ষিণ মেৰু বাওঁফালে কান্ধৰ ওপৰত ৰাখক। (৩) ৰাজহাড়ৰ বিষৰ বাবে উত্তৰ মেৰু ৰাজহাড়ৰ ওপৰ অংশত আৰু দক্ষিণ মেৰু নিম্ন অংশত ৰাখক। (৪) পেটৰ যিকোনো অসুখ, বিষ, আলচাৰ, কোষ্ঠকাঠিন্য, ডিচেণ্ট্ৰি, বদহজম, লোধোমা গা, হাৰ্ণিয়া, গেষ্ট্ৰিক আদি অসুখৰ বাবে তলপেটৰ সোঁফালে উত্তৰ মেৰু আৰু বাওঁফালে দক্ষিণ মেৰু ৰাখক। (৫) ভৰিৰ জঠৰতা, বিষ আৰু চায়েটিকা অসুখৰ বাবে উত্তৰ মেৰু তপিনাত আৰু দক্ষিণমেৰু আক্ৰান্ত ভৰিৰ তলিত ৰাখক। (৬) আঠুৰ বিুষ, জঠৰতা, হাড়ৰ বেমাৰ, বাতবিষ, খন্তীয়া বেমাৰ, ফুলি উঠা আদিৰ বাবে আঠুৰ বাহিৰৰ ফালে উত্তৰ মেৰু আৰু ভিতৰ ফালে দক্ষিণ মেৰু ৰাখিব। (৭) ভৰিৰ বিষৰ বাবে (সোঁ বা বাওঁভৰি) দক্ষিণ মেৰু ভৰিৰ পতাৰ তলত আৰু উত্তৰ মেৰু ভৰিৰ ওপৰৰ অংশত ৰাখক। (৮) দুয়োভৰিৰ বিষৰ বাবে উত্তৰ মেৰু সোঁ ভৰিৰ তলত আৰু দক্ষিণ মেৰু বাওঁ ভৰিৰ তলত ৰাখক। ওপৰোক্ত আটাইবোৰ প্ৰণালীৰ বাবে উচ্চ ক্ষমতা সম্পন্ন চুম্বক বা মধ্যম ক্ষমতা সম্পন্ন চুম্বক ১০-১৫ মিনিটকৈ ব্যৱহাৰ কৰিব। নিম্ন ক্ষমতা সম্পন্ন চুম্বকৰ ব্যৱহাৰ প্ৰণালী (১) মূৰৰ বিষৰ বাবে উত্তৰ মেৰু সোঁফালত আৰু দক্ষিণ মেৰু বাওঁফালে ৰাখক। (২) চকুৰ বিষ, পানী ওলোৱা, ফুলি উঠা, দৃষ্টি শক্তিৰ প্ৰসাৰতা আদিৰ বাবে চকু পতাৰ সোঁফালে উত্তৰ মেৰু আৰু বাওঁফালে দক্ষিণ মেৰু ৰাখক। (৩) চাইনাচিটিছ, পানীলগা, নাকবন্ধ, ঠাণ্ডা লগা আদি নাকৰ অসুখৰ বাবে উত্তৰ মেৰু নাকৰ সোঁফালে আৰু বাওঁফালে দক্ষিণ মেৰু ৰাখক। (৪) কাণ ফুলি উঠা, কলা অৱস্থা, কাণৰ বিষ আদিৰ বাবে কাণৰ সোঁফালে উত্তৰ মেৰু আৰু বাওঁফালে দক্ষিণ মেৰু ৰাখক। (৫) কফ, টনচিল, গলৰ সুৰসুৰণি, ডিঙিৰ বিষ আদিৰ বাবে ডিঙিৰ সোঁফালে উত্তৰ মেৰু আৰু বাওঁফালে দক্ষিণ মেৰু ৰাখক। (৬) দুৰ্বল স্মৃতিশক্তি, নিদ্ৰাহীনতা আদিৰ বাবে দক্ষিণ মেৰু মূৰৰ কপালত ৰাখক। ওপৰোক্ত আটাইবোৰ প্ৰণালীয়ে ১০-১৫ মিনিট সময়কৈ কৰিব। উৎস: আকু-চুম্বকীয় চিকিৎসা।