পক্ষাঘাত বা একাংগী - পক্ষাঘাত আক্ৰান্ত হোৱাৰ লগে লগে বিশুদ্ধ তিলৰ তেল ৫০ ৰ পৰা ১০০ গ্ৰাম পৰিমাণৰ লৈ সামান্য গৰম কৰি ৰোগীক খুৱাব লাগে। লগত ৩ ৰ বিষয়ে লিখা হৈছে । -৪ ফোটা নহৰু খুৱাব। পক্ষাঘাতত আক্ৰান্ত অংগ আৰু মূৰত সামান্য গৰম সেক দিলেও উপকাৰ পাব। আক্ৰান্ত হোৱাৰ লগে লগে সেক আৰম্ভ কৰিব আৰু আঠ দিনৰ পিছত মালিচ কৰিব। এই ৰোগত উপবাস অতি উপকাৰী। আক্ৰান্ত হোৱা অংগত চাৰিদিনৰ বাহী স্বমূত্ৰৰে ভালদৰে মালিচ কৰিলেও উপকাৰ পাব। আক্ৰান্ত হোৱাৰ প্ৰথম দিনা মাত্ৰ এফোটা নহৰু পানীৰ সৈতে গিলি খাব। পিছত প্ৰতিদিনে এফোটা এফোটাকৈ বঢ়াই গৈ ২১ দিনৰ দিনা ২১ ফোটা নহৰু গিলিব। ইয়াৰ পিছৰ বা প্ৰতিদিনে এফোটাকৈ কমাই আনি ২১ দিনৰ দিনা অন্তিম ফোটা পানীৰ সৈতে গিলিব। এই ব্যৱস্থাৰে পক্ষাঘাত সোনকালে আৰোগ্য হয়। গজালি ওলোৱা নহৰু সেউজীয়া পাতৰ সৈতে পিহি লৈ ৰস উলিয়াই সেই ৰসত পানী মিহলাই খুৱালে উচ্চ ৰক্তচাপজনিত পক্ষাঘাত আৰোগ্য হয়। খুব মিহিকৈ গুৰি কৰি লোৱা জালুক ৫ গ্ৰাম, ১০ গ্ৰাম গৰু ঘিউৰ লগত মিহলাই পক্ষাঘাতগ্ৰস্ত অংগত লেপ দি অতি কমেও দুঘন্টা সময় ৰাখিলে পক্ষাঘাত ৰোগ আৰোগ্য হয়। খুব পুৱাতে নাকৰ দুয়োটা বিন্ধাতে আখৰোটৰ তেল সানিব লাগে। একেৰাহে দুমাহ এই বিধি মানি চলিলে পক্ষাঘাত আৰোগ্য হয়। ডায়েৰিয়া বা অতিসাৰ - আঢ়ৈখিলা কুমলীয়া জামু পাত, ৪ টা বাতাচাৰ লগত পিহি পানীত গুলি খুৱাই দিয়ক। লগে লগে সাংঘাতিক ডায়েৰিয়া নিয়ন্ত্ৰণ হয়। পেট ভৰাই পকাকল খালে পনীয়া শৌচ হোৱা ৰোগ বা ডায়েৰিয়া বন্ধ হয়। সৰু দুধী ৪০ গ্ৰাম পিহি তাৰ ৰস খুৱালেও পানীয় শৌচ বন্ধ হয়। মধুৰীআমৰ কুমলীয়া পাত পিহি পানীত মিহলাই তাৰ ৰস খালেও পুৰণি ডায়েৰীয়া ৰোগ ভাল হয়। ২ গ্ৰাম দালচেনিৰ গুৰি খালেও ডায়েৰিয়া ৰোগ ভাল হয়। কেঁচা অমিতা সিজাই খালেও পুৰণি অতিসাৰ বা পনীয়া শৌচ হোৱা ৰোগ ভাল হয়। পানীলগা বা চৰ্দি - শুকান আদাৰ গুৰি ৫০ গ্ৰাম, ডাঙৰ জাতৰ শিলিখা ৫০ গ্ৰাম, একেলগে লৈ কুটি-পিহি পুৰণি গুড় ১০০ গ্ৰামৰ লগত মিহলাই মটৰ মাহ একোটাৰ সমানকৈ বৰি বনাই লওক। পুৱা দুটাকৈ বৰি কুহুমীয়া পানীৰ লগত গিলি খাওক। পুৰণি পানীলগা অসুখ ভাল হ’ব। বগা মিচিৰি ২০ টা মান দানা, পানীৰ লগত একেৰাহে সাতদিনলৈ গিলি খাওক। চিৰদিনৰ কাৰণে পানীলগা ৰোগ ভাল হ’ব। অম্লপিত্ত বা গেষ্ট্ৰিক - ২ গ্ৰাম আজোৱানৰ গুড়ি এটা চীনা বাদামৰ লগত ভালদৰে চোবাই খাব লাগে। পুৱা গধূলি দুবাৰকৈ একেৰাহে পোন্ধৰদিন খালে অম্লপিত্ত বা গেষ্ট্ৰিক সম্পূৰ্ণৰূপে আৰোগ্য হয়। পুৱা সোনকালে শুই উঠি ৩-৪ গিলাচ পানী খালী পেটত খাই বমি কৰি দিব পাৰিলে কোনো ধৰণৰ ঔষধ প্ৰয়োগ নকৰাকৈয়ে অম্লপিত্ত ৰোগ ভাল হয়। ৫০ গ্ৰাম পৰিমাণৰ বেল পাত পানীৰ লগত কুটি পিহি ৰস উলিয়াই, তাৰ লগত ১০ গ্ৰাম মিচিৰি মিহলাই খুৱালে অম্লপিত্ত ৰোগ ভাল হয়। হাঁপানি - পকা ডিমৰু ফল কাটি দৈনিক ৬ গ্ৰাম পৰিমাণৰ দিনে ২-৩ বাৰকৈ একেৰাহে ১০ দিন খালে হাঁপানি ৰোগ ভাল হয়। ময়ূৰৰ পাখিৰ ওপৰৰ চন্দ্ৰভাগ পুৰি ছাই কৰি লওক। এই ছাই এক ৰতি পৰিমাণত পানৰ লগত মিহলাই ৮-১০ দিন খালে পুৰণি হাঁপানি ৰোগো সম্পূৰ্ণ আৰোগ্য হয়। এটাকৈ ধতুৰাৰ বীজ ৮ দিনলৈ প্ৰতিদিনে পুৱা এগিলাচ পানীৰে সৈতে গিলি খাওক। দ্বিতীয় সপ্তাহত প্ৰতিদিনে দুটাকৈ বীজ(সৰু গুটি) খাওক। এনেদৰে প্ৰতি সপ্তাহে এটা এটাকৈ বীজ বঢ়াই বঢ়াই পঞ্চম সপ্তাহত ৫ টাকৈ বীজ প্ৰতিদিনে খাওক। হাঁপানি(এজমা) যিমানেই পুৰণি নহওক কিয়, এই ব্যৱস্থাৰে নিৰাময় হ’ব। এচামুচ গুড়ৰ লগত দুটোপাল আকণ আঠা মিহলাই খুৱালে এজমা এসপ্তাহৰ ভিতৰত ভাল হয়। (এই ঔষধ খালে বমি হ’ব আৰু এনে অৱস্থা হ’লে ৰোগীয়ে ভয় খাব পাৰে। ধৈৰ্য ধৰি সহ্য কৰক। ঘিউ, গাখীৰ, মাখন আদি পুষ্টিকৰ দ্ৰব্য সেৱন কৰক। গুড়, তেল, টেঙা দ্ৰব্য, পকা বা শুকান জলকীয়া আদি অপকাৰী দ্ৰব্যবিলাক ত্যাগ কৰক। মধুমেহ বা ডায়েবেটিচ - ঠাৰিৰে সৈতে এখিলা তিনিপতীয়া বেলপাত, ঠাৰিৰে সৈতে এখিলা তুলসী পাত, ৭ টা জালুক একেলগে মিহলাই খুন্দি-পিহি ৫০ মিলিলিটাৰ পানীত মিহলাই খাব। ৪১ দিন একেৰাহে খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণ হয়। আমলখি, দাৰুহৰিদ্ৰা, মেথি গুটি ৫০-৫০ গ্ৰাম লৈ চূৰ্ণ বনাই লওক। ইয়াৰ ৩ গ্ৰামকৈ চূৰ্ণ বনাই লওক। ইয়াৰ ৩ গ্ৰামকৈ চূৰ্ণ পুৱা পানীত মিহলাই সেৱন কৰিলে মধুমেহ ৰোগ আৰোগ্য হয়। মধুমেহৰ বাবে সৰ্বশ্ৰেষ্ঠ ঔষধ হৈছে শিলাজিত। মধুমেহ ৰোগ আৰোগ্য অসাধ্য বুলি ত্যাগ কৰা ৰোগীও শিলাজিত খাই সম্পূৰ্ণ আৰোগ্য হয়। নয়নতৰাৰ ৪ খিলা পাত পানীত ভালদৰে ধুই পৰিষ্কাৰ কৰি পুৱা খালী পেটত চোবাই খাই একাপ পানী খালে মধুমেহ নিয়ন্ত্ৰণত থাকে। একেৰাহে ২-৩ মাহলৈ এই ঔষধ খাব লাগে। জামুৰ ৪ খিলা কুমলীয়া পাত ভালদৰে ধুই ২০০ গ্ৰাম পানীত চেকি লৈ খালে মধুমেহ নিয়ন্ত্ৰণ হয়। এই ঔষধ একেৰাহে ৩-৪ মাহ খাব লাগে। ত্ৰিফলা(শিলিখা ২ ভাগ, ভোমোৰা গুটি ২ ভাগ, আমলখি ২ ভাগ) চূৰ্ণ ৩ গ্ৰাম, শুদ্ধ শিলাজিত ১ গ্ৰামৰ লগত এচামুচ মৌ মিহলাই চেলেকি খালে মধুমেহ ৰোগ আৰোগ্য হয়। এই মিশ্ৰণ একেৰাহে ৫-৬ মাহ খাব লাগে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন