ৰাসায়নিক সাৰ প্রয়োগ কৰাৰ ফলত আজিকালি বহুতে বন্ধাকবি খাবলৈ ভয় কৰে; অথচ বন্ধাকবি আমাৰ স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয় খাদ্য।

বন্ধাকবিৰ ১০০ গ্রাম ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে পানী ৯১%, কার্বহাইড্রেট ১.৬%, প্ৰ’টিন ১.৮% আঁহযুক্ত পদার্থ ১.১% উপলব্ধ। খনিজ পদার্থৰ ভিতৰত ফছফৰাছ ৪৫ মিঃগ্রাম (শতাংশ), কেলছিয়াম ৪০ মিলিগ্রাম (শতাংশ), ০.৯ আইৰন মিলিগ্রাম (শতাংশ) থাকে। তদুপৰি বন্ধাকবিত বহু পৰিমাণে ভিটামিন এ, বি১, বি ২ আৰু চি পোৱা যায়।

বন্ধাকবি অতি পুৰণি কালৰ পৰাই খাদ্য হিচাপে ব্যৱহৃত হৈ আহিছে। ১৫৪২ চনত জেকছ কাৰ্টিয়াৰ নামৰ লোক এজনে আমেৰিকালৈ বন্ধাকবি আনে আৰু ওঠৰ শতিকাতহে আমেৰিকাবাসী ভাৰতীয় আৰু ঔপনিৱেশিকসকলে বন্ধাকবিৰ খেতি কৰিছিল। ১৭৭৫ চনলৈ জাপানীসকলে বন্ধাকবি নামেই শুনা নাছিল। ৰঙা বন্ধাকবি পোনপ্ৰথমে দেখা গৈছিল ইংলেণ্ডতহে। ইউৰোপৰ সমগ্ৰ দেশতে বন্ধাকবিৰ 'ছুপ’ অধিক জনপ্রিয়। বিশ্বৰ নাতিশীতোষ্ণ অঞ্চলৰ দেশসমূহত বন্ধাকবি এবিধ প্রধান খাদ্য। বন্ধাকবি খাদ্যৰ ওপৰি ইয়াৰ বহু ঔষধি গুণ আছে। ১৯৫০ চনতে কেইবাগৰাকী চিকিৎসকে মন্তব্য কৰিছিল যে বন্ধাকবি ৰসে পাকস্থলীৰ আলচাৰ নিৰাময় কৰে। সেয়েহে বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰি গৱেষণাগাৰত কবিৰ পাতৰ পৰা এবিধ আলচাৰ-নিৰোধক ভিটামিন আৱিস্কাৰ কৰিছে। এনে ভিটামিনৰ উপৰি বন্ধাকবিৰ বেক্টেৰিয়া নিৰোধক পদার্থও থাকে বুলি ভাবিছে।

ৰুছিয়াত গাঁৱলীয়া দৰব হিচাপে সতেজ বন্ধাকবিৰ পাত ব্যৱহাৰ কৰে বুলি জনা যায়। এই পাতৰ ৰস দেহত জখম হোৱা অংশত শুকাবলৈ আৰু জুয়ে পোৰা আৰু শীতৰ প্রকোপত ঠেৰেঙা লগা দেহৰ ছালক সতেজ কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয়। তেওঁলোকে বন্ধাকবিৰ ৰস গৰম পানীৰ লগত মুখ কুলু কুলু কৰি ডিঙিৰ অসুখ ভাল কৰে।

ৰুছিয়াৰ কিছুসংখ্যক লোকে চুলিৰ শ্ৰীবৃদ্ধিৰ বাবে বন্ধাকবিৰ পাতৰ ৰস মূৰত ঘঁহিছিল। আনকি ভৰিৰ গাঁঠি ফুলা আৰু হাড় ভগাতো কোনো কোনো লোকে কবিৰ পাতৰ ৰস ব্যৱহাৰ কৰিছিল।

গৱেষকসকলে মতপ্রকাশ কৰে যে বন্ধাকবিৰ পাতৰ ৰসে দেহত হোৱা ঘা-খজুৱতি নিৰাময় কৰে। নিতৌ যদি বন্ধাকবিৰ পাতৰ চালাড খাব পৰা যায়, তেনেহ’লে শকত হোৱাৰ ভয় নাথাকে। দেহ সদায় লাহী আৰু পাতল হৈ থাকে। তদুপৰি সদায় পেট খোলোচা হয়। কোষ্ঠকাঠিন্যতা দূৰীভূত হয়।

চালাডৰ উপৰি আমি বন্ধাকবিৰ তৰকাৰি খাওঁ আৰু কেতিয়াবা অকল পাত সিজাই নিমখ-তেল দি খাওঁ। পাৰিলে বন্ধাকবি আমাৰ দৈনন্দিন খাদ্য তালিকাত থাকিব লাগে।

ডঃ পবিত্ৰ কুমাৰ পাটোৱাৰী, অসম বাণী।