বন্ধ নাকৰ সমস্যাঃ যেতিয়াই শীত পৰিবলৈ আৰম্ভ কৰে, তেতিয়াই মানুহৰ পানীলগা বেছি হয়। ফলত নাক বন্ধ হোৱাৰ পৰা ৰক্ষা পাবলৈ মানুহে বিভিন্ন কৌশল অৱলম্বন কৰে। ই হল শীতকালৰ অতি স্বাভাৱিক ৰোগ। নাকৰ পৰা পানী ওলালে অতি নৰমভাৱে নাক মচিব। অত্যধিক সেঙুন নিয়মিতভাৱে নাকৰ পৰা উলিয়াই থাকিব আৰু তৎকালীন সকাহৰ বাবে নাকত কেইটোপালমান ইউকেলিপ্টাছ গছৰ তেল দিব পাৰে। কফ জ্বৰঃ শীতকালৰ আন এক সাধাৰণ ৰোগ হ’ল কফ জ্বৰ। বতৰ সলনি হোৱাৰ বাবেই মানুহ কফ জ্বৰত আক্ৰান্ত হয়। সেই সমস্যাৰ পৰা ৰেহাই পাবলৈ গৰম পানীৰে গা ধুব আৰু চিকেন ছুপ আদিৰ দৰে গৰম তৰল পদাৰ্থ গ্ৰহণ কৰিব। ডিঙিৰ যন্ত্ৰণাঃ শীতকালত ডিঙিৰ সমস্যা অতি যন্ত্ৰণাদায়ক। ডিঙি চেৰচেৰালে মানুহৰ অনেক অস্বস্তি লাগে আৰু খোৱা-বোৱাতো কষ্ট হয়। সেয়ে গৰম পানীত নিমখ মিহলাই সঘনাই কুলকুলি কৰিব লাগে। ইয়াৰ উপৰি গৰম পানীহে খাব। শীতকালৰ প্ৰয়োজনীয় সতৰ্কতাঃ যেতিয়া অতিপাত ঠাণ্ডা পৰে, তেতিয়া নিজকে গৰম কাপোৰেৰে ভালদৰে ঢাকি ৰাখিব। বিভিন্ন গৰম কাপোৰ পৰিধান কৰি শৰীৰটো ঠাণ্ডা বতাহ লগাৰ পৰা ৰক্ষা কৰি ৰাখিব। বিভিন্ন শীতকালৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ অধিক প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰিব। ভ্ৰমণকালত ফল, পাচলি আৰু বাদামজাতীয় খাদ্য বেছিকৈ খাব। শীতকালত খোৱাৰ ক্ষেত্ৰত গৰম খাদ্য আৰু ছুপ বৰ ভাল। সচৰাচৰ শীতকালত অনেকেই চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰে। কিয়নো ই শৰীৰ সক্ৰিয় কৰি ৰাখে। অতিশয় ঠাণ্ডাত চৰ্বিযুক্ত আহাৰে অসুস্থতাৰ পৰাও মানুহক ৰক্ষা কৰে। কিন্তু চৰ্বি যাতে শৰীৰত জমা হ’ব নোৱাৰে, তাৰবাবে প্ৰয়োজনীয় ব্যায়াম অব্যাহত ৰখা উচিত। একমাত্ৰ ঠাণ্ডা পৰাৰ বাবেই আপুনি ব্যায়ামৰ পৰা বিৰত থকা উচিত। সপ্তাহত কমেও ৫-৬ বাৰ ৩০ মিনিটৰ ব্যায়াম কৰিব। ইয়াৰ ফলত আপোনাৰ শৰীৰ গৰম হৈ থাকিব। শৰীৰ গৰম হৈ থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। শৰীৰৰ বাবে পানী অতি আৱশ্যকীয়। শীতকালত অধিক পিয়াহ নালাগিলেও পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। অত্যধিক তৃষ্ণা আৰু জলশুষ্কতাৰ পৰা ৰক্ষা পৰিবলৈ প্ৰয়োজনতকৈ অধিক পানীও খাব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰৰ ছাল সুন্দৰ হৈ থকাৰ উপৰি জলশুষ্কতাৰ পৰা হ’ব পৰা দুৰ্বলতাও আঁতৰিব। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আৰু শীতকালত হ’ব পৰা ৰোগৰ পৰা ৰক্ষা পাবলৈ লগত সদায় ভিটামিন, বিভিন্ন খনিজ আৰু এণ্টিঅক্সিডেণ্ট টেবলেট ৰাখিব। (উৎসঃ সুস্বাস্থ্য, দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।