ফাকুৱা এনে এটা উৎসৱ যি বহুতৰ প্ৰিয়, বহুতৰ অপ্ৰিয়। অপ্ৰিয় হ’লেও ধূলিৰে ধূসৰিত কৰি, গছৰ সেউজী বহন আঁতৰাই, পাত সৰুৱাই চঞ্চল ফাগুন মাহটো আহিবই আৰু ফাগুন আহিলে ৰং-বিৰঙৰ ফাকু গুড়িৰ উচাহ লৈ ফাকুৱা উৎসৱ আহিবই। ফাকুৱা বেয়া পোৱাসকলে ঘৰৰ ভিতৰত সোমাই থাকিব, ফাকু খেতি ভাল পোৱাসকলে ৰঙৰ মোনা লৈ ঘৰে ঘৰে নাইবা বন্ধু-বান্ধৱীৰ মাজত ফাকু খেলি ঘূৰি ফুৰিব। ফাকুৱা উৎসৱটি কিদৰে আনন্দৰে পাৰ কৰিব পাৰে, ৰঙৰ প্ৰলেপতো স্বাস্থ্য-ছালৰ সৌন্দৰ্য কিদৰে অক্ষুণ্ণ ৰাখিব পাৰে, এয়া তাৰেই দিহা দিয়াৰ চেষ্টা কৰিছো- ফাকুৱাৰ আগদিনাই কি পোছাক পিন্ধিব নিৰ্ধাৰণ কৰি উলিয়াই থওক। একেবাৰে লেতেৰা ফটা-ছিটা কাপোৰ পিন্ধাৰ কথা ভুলতো নাভাবিব। এনে এযোৰ পোছাক নিৰ্বাচন কৰক যিজোৰ সুন্দৰ, কিন্তু ফাকুৰ ৰং লাগি থাকিলেও মনত আফছোছ নাথাকে। সুন্দৰ পোছাকেৰে সুন্দৰ হৈহে ফাকু খেলিবলৈ ওলাই যাব। যাতে আপোনাক দেখিলে আনৰ মন ভাল লাগি উঠে। আপোন লোক বা বন্ধু-বান্ধৱ ফাকু দিবলৈ আহিলে যাচিবলৈ বুলি মিঠাই, আন খোৱা বস্তু আগ দিনাই বজাৰ কৰি থওক। মনৰ আনন্দ আৰু ভাল পোৱাবোৰ প্ৰকাশ কৰাৰ ইও এটা পথ। ফাকু দিবলৈ অহাসকলক হাঁহিৰে আদৰণি জনাওক। বিৰক্তি প্ৰকাশ কৰি নহয়। ফাকু দিবৰ বাবে আপোনাক বা আপোনালোকক যে নিৰ্বাচন কৰিছে তাৰ মানে তেওঁলোকে আপোনালোকক গুৰুত্ব দিয়ে। ভাল পায়। বন্ধু-বান্ধৱক ফাকু দিবলৈ আহিলে ভাল ফাকু গুড়িহে ব্যৱহাৰ কৰিব। ফাকুৰ ৰং আৰু মান পৰীক্ষা কৰিহে ফাকু কিনিব। আপোনাৰ বন্ধু বা আপোন লোকৰ ছাল আৰু স্বাস্থ্যৰ প্ৰতিও আপোনাৰ খেয়াল থাকিব লাগিব। ফাকু খেলিবলৈ ওলাই যোৱাৰ আগেয়ে মুখত পাউডাৰ ঘঁহি যাব। তেতিয়া ফাকু গুড়িয়ে চিধাই আপোনাৰ মুখৰ ছাল স্পৰ্শ কৰিবলৈ নাপাব। পাউডাৰে কিছু হ’লেও বাধা দিব। ফাকু খেলিম বুলি যদি ভাবিছে আগেয়ে চুলিত তেল ঘঁহি নথ’ব। চুলিত তেল লাগি থাকিলে ফাকু লিপিট খাই ধৰিব। চুলি সম্পূৰ্ণ শুকান কৰি ৰাখিব যাতে ধুলে সহজে ফাকু গুছি যায়। ফাকু খেলাৰ পাছত মুখৰ ছাল আৰু চুলিৰ সৌন্দৰ্য তৎক্ষণাৎ ওভোতাই আনিবলৈ যথেষ্ট যত্ন লোৱা ভাল। প্ৰথমে মুখখন কোমল চাবোনেৰে ভালদৰে ধুই পৰিষ্কাৰ কৰিব। তাৰ পাছত পুনৰ ক্লিনিং মিল্ক বা কেঁচা গাখীৰ তুলাত লগাই মুখ ভালদৰে পৰিষ্কাৰ কৰি লওক। কাণ-ডিঙি আদিও পৰিষ্কাৰ কৰিব। পাছত ভাল, পুষ্টিকৰ ক্ৰীমেৰে মুখ মালিচ কৰিব। তাৰ পাছত মুখত গৰম পানীৰ তাপ দিব। পাৰ্লাৰ বা ঘৰতে সঘনে দুই-তিনিবাৰ পেক লগাব। মৌ, আটা, দৈ, কেঁচা হালধি, মচুৰ দাইলৰ বটা, গাখীৰৰ সৰ, পকা কল, পকা অমিতা আদিৰে পেক তৈয়াৰ কৰি মুখত লগাব। চুলি এবাৰ ধুই লোৱাৰ পাছত দুই-তিনি দিন চুলিত তোলেৰে মালিচ দিব। ফাকু দিয়াৰ সময়ত মুখ আৰু চকু বন্ধ ৰাখিব যাতে ফাকু মুখ আৰু চকুত নোসোমায়। ফাকু খেলাৰ পাছত গা ধোওতে ভালদৰে পানী মাৰি চকু ধুব। ফাকু খেলি থকা সময়ত বটলত পানী ভৰাই ৰাখিব আৰু মাজে মাজে পানী খাই থাকিব। শুকান বতৰত যাতে ডি-হাইড্ৰেচন অনুভৱ নকৰে। ফাকু খেলি উঠি স্নান কৰি খাই-বৈ এঘুমতি শুই ল’লে দেহ-মনৰ সজীৱতা ঘূৰি আহিব। আবেলিৰ একাপ চাহ বা কফিয়ে মনলৈ আৰু প্ৰফুল্লতা আনি দিব। প্ৰতিটো উৎসৱে মানুহক যাতে আনন্দ দি যায় তাৰ প্ৰতিয়ে মানুহ আশাবাদী। তাৰ বাবে মানুহে নিজেই যত্ন ল’ব লাগিব। উৎস: অসম বাণী